ETV Bharat / bharat

উৰন্ত অৱস্থাত বিমানৰ আপদকালীন দুৱাৰ খোলাৰ চেষ্টা, আটক দুই যাত্ৰী - Air passengers tried to open emergency exit door

উৰন্ত অৱস্থাত বিমানৰ আপদকালীন দুৱাৰ খোলাৰ চেষ্টা কৰাৰ অপৰাধত দুই বিমান যাত্ৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । দুয়োগৰাকী যাত্ৰী কৰ্ণাটকৰ । আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

Two passengers try to open emergency exit door on board Alliance Air Flight
উৰন্ত অৱস্থাত বিমানৰ আপদকালীন দুৱাৰ খোলাৰ চেষ্টা, আটক দুই যাত্ৰী
author img

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 4:51 PM IST

নেশ্যনেল ডেস্ক,২৪ নৱেম্বৰ : কেৰালাৰ কোচি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দুই বিমান যাত্ৰীক গ্ৰেপ্তাৰ । অভিযোগ অনুসৰি বৃহস্পতিবাৰে নিশা উৰন্ত অৱস্থাত বিমানৰ আপদকালীন দুৱাৰ খোলাৰ চেষ্টা কৰিছিল যাত্ৰীকেইজনে । বেংগালুৰুলৈ গৈ থকা এলায়েন্স এয়াৰ ফ্লাইটত আছিল যাত্ৰী দুজন । ধৃত যাত্ৰীসকলক কৰ্ণাটকৰ বাসিন্দা ৰামোজী কোৰাইল আৰু ৰমেশ কুমাৰ বুলি চিনাক্ত কৰা হৈছে ।

এগৰাকী বিষয়াই কোৱা মতে দুজন যাত্ৰীৰ সন্দেহজনক কাৰ্যকলাপ লক্ষ্য কৰাৰ পাছতে বিমানখনৰ কৰ্মীসকলে তেওঁলোকক কৰায়ত্ত কৰিছিল । বিষয়াগৰাকীৰ মতে যাত্ৰী দুজনে কেইবাবাৰো আপদকালীন দুৱাৰ খন খুলিবলৈ চেষ্টা কৰিছিল । বিমানৰ কৰ্মচাৰীসকলে যাত্ৰীকেইজনক বিমানবন্দৰ কৰ্তৃপক্ষক গতাই দিয়ে ।

কোচি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমানখন অৱতৰণ কৰাৰ লগে লগে বিমানবন্দৰৰ বিষয়াসকলে আৰক্ষী থানাত দাখিল কৰা অভিযোগৰ ভিত্তিত নেদুম্বাছেৰী আৰক্ষীয়ে যাত্ৰী দুজনক গ্ৰেপ্তাৰ কৰে । ইফালে দুয়োজন অভিযুক্ত যাত্ৰীকে সুৰক্ষাৰ স্বাৰ্থত বেংগালুৰুলৈ তেওঁলোকৰ প্ৰস্তাৱিত যাত্ৰা নিষিদ্ধ কৰা হৈছে ।

ইফালে যাত্ৰী দুজনে আৰক্ষীক কৈছে যে তেওঁলোকে ভুলবশতঃ আপদকালীন দুৱাৰখন খুলিবলৈ চেষ্টা কৰিছিল । আৰক্ষীয়ে তেওঁলোকক জেৰা অব্যাহত ৰাখিছে । সূত্ৰৰ মতে যাত্ৰীকেইজনে বিমানখনৰ আপদকালীন দুৱাৰ খোলাৰ চেষ্টা কৰাৰ সময়ত বিমান কৰ্মীয়ে তেওঁলোকক বাধা দিছিল । কিন্তু তেওঁলোকে কেইবাবাৰো দুৱাৰখন খুলিবলৈ চেষ্টা কৰিছিল । যাৰ বাবে বিমানখনৰ বাকী যাত্ৰীসকলো আতংকিত হৈ পৰিছিল । অৱশ্যে সঠিক সময়ত বিমান কৰ্মচাৰীসকলে লোৱা সিদ্ধান্তৰ বাবে কোনো ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে বিমানখন । ইয়াৰ বাবে যাত্ৰীসকলে বিমান কৰ্মীসকলক প্ৰশংসাও কৰিছে ।

লগতে পঢ়ক :৪৮ ঘণ্টাৰ ভিতৰত মুম্বাই বিমানবন্দৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.