নেশ্যনেল ডেস্ক, 30 জুলাই: মহাৰাষ্ট্ৰৰ আকোলা ষ্টেচনৰ পৰা ৰেল আৰক্ষীয়ে জব্দ কৰে 2 কিলো সোণ আৰু 100 কিলো ৰূপ(Two kg of gold 100 kg of silver seized) ৷ শুকুৰবাৰে মুম্বাই-হাওৰা মেইলত অহা এগৰাকী যাত্ৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰে মূল্যবান সামগ্ৰীখিনি ৷
এটা বেগত প্লেটফৰ্মেৰে লৈ গৈ থকা সময়তে যাত্ৰীগৰাকীৰ সন্দেহজনক গতি-বিধি লক্ষ্য কৰি ৰেল আৰক্ষীয়ে যাত্ৰীগৰাকীক ৰখাই বেগটো খুলিবলৈ কয়(Suspicious movement of train passengers) ৷ যাত্ৰীগৰাকীয়ে বেগটো খুলিবলৈ অমান্তি হোৱাত তেওঁক ৰেল আৰক্ষীৰ থানালৈ যোৱা হয় ৷
আকোলাস্থিত এটা কুৰিয়াৰ ফাৰ্মত কাম কৰা বুলি কৈ যাত্ৰীগৰাকীয়ে বেগটোত কেৱল এটা পাৰ্চেলহে আছে বুলি ৰেল আৰক্ষীক উল্লেখ কৰে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে বেগটো খুলাৰ পাছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহে ৷ আৰক্ষীয়ে বেগটোৰ পৰা উদ্ধাৰ কৰে দুই কেজি ওজনৰ সোণ আৰু ১০০ কেজি ৰূপৰ বিস্কুট ৷ ঘটনা সন্দৰ্ভত ৰেল আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷
লগতে পঢ়ক: Ganja seized at Bokajan: ON ARMY DUTY লিখা ট্ৰাকত পেকেটে পেকেটে ওলাল গাঞ্জা