ETV Bharat / bharat

Nipah virus: নিপা ভাইৰাছত আক্ৰান্ত হৈ কেৰালাত দুজনৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 6:35 PM IST

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডব্য়ই কেৰালাৰ কোজিকোডেত দুজন লোক নিপা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে ৷ পুনেৰ ৰাষ্ট্ৰীয় ভাইৰোলজি প্ৰতিষ্ঠানত কৰা পৰীক্ষাত ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে ৷

Two deaths in Keralas Kozhikode confirmed to have been caused by Nipah virus
নিপা ভাইৰাছত আক্ৰান্ত হৈ কেৰালাত দুজনৰ মৃত্যু

নেশ্যনেল ডেস্ক, 12 ছেপ্টেম্বৰ : কেৰালাত নিপা ভাইৰাছৰ সংহাৰ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডব্য়ই কেৰালাৰ কোজিকোডেত দুজন লোক নিপা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে ৷ পুনেৰ ৰাষ্ট্ৰীয় ভাইৰোলজি প্ৰতিষ্ঠানত কৰা পৰীক্ষাত ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকী লগতে উল্লেখ কৰে যে, অচিৰেই এটা দলক পৰিস্থিতিৰ বুজ ল'বলৈ কেৰালালৈ প্ৰেৰণ কৰা হ'ব ৷ কেন্দ্ৰীয় চৰকাৰে নিপা ভাইৰাছ ব্যৱস্থাপনাত কেৰালা চৰকাৰক সকলোধৰণৰ সহায় আগবঢ়াব ৷

প্ৰথমজন লোক যোৱা 30 আগষ্টত কোজিকোডেত মৃত্যুবৰণ কৰিছিল ৷ তেওঁ মাৰুথোঙ্কাৰৰ বাসিন্দা আছিল ৷ যোৱা 27 আগষ্টত লোকজনে কোজিকোডেৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰ বাবে আহিছিল লোকজন ৷ কিন্তু সেই সময়ত তেওঁৰ নমুনা পৰীক্ষা কৰিব পৰা নগ'ল ৷ তাৰ পিচতে দ্বিতীয়টো ঘটনাত চিকিৎসাধীন হৈ থকা ব্যক্তিজনক খবৰ ল’বলৈ যোৱা এজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোহৰলৈ আহে ৷ দ্বিতীয় ঘটনাত মৃত্যু হোৱা ব্যক্তিজনে চিকিৎসাধীন অৱস্থাত প্ৰথমগৰাকী ৰোগীক খবৰ ল’বলৈ গৈছিল ৷ তাৰ পিচৰে পৰাই 40 বছৰীয়া লোকজন ভাদাকাৰাৰ এখন চিকিৎসালয়ত চাৰি দিন ধৰি চিকিৎসাধীন হৈ আছিল ৷ সোমবাৰে লোকজনক কোজিকোডেৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ পিচত তেওঁৰ মৃত্যু হয় ৷ মৃত লোকজনৰ ঘৰ আয়ানচেৰীত বুলি জানিবলৈ পৰা গৈছে ৷

ইয়াৰ পিচতে ৰোগীৰ লক্ষণসমূহ সন্দেহ কৰি চিকিৎসালয় কৰ্তৃপক্ষই তেওঁলোকৰ প্ৰস্ৰাৱ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল ৷ এতিয়ালৈকে তেওঁলোকৰ মৃতদেহকেইটা আত্মীয়সকলক হস্তান্তৰ কৰা নাই ৷ ইতিমধ্যে স্বাস্থ্য বিভাগে মৃত ব্যক্তি দুজনৰ সংস্পৰ্শত থকা 75 জন ব্যক্তিৰ তালিকা সংগ্ৰহ কৰি যোগাযোগ কৰাৰ ব্যৱস্থা কৰিছে ৷

মৃত প্ৰথমজন ব্যক্তিৰ 5 বছৰীয়া আৰু 9 বছৰীয়া দুটিকৈ সন্তান আছে আনহাতে দ্বিতীয়গৰাকী লোকৰ এজন 22 বছৰীয়া যুৱক আৰু এটা ন মাহৰ কেঁচুৱা আছে ৷ বৰ্তমান লোক দুজনৰ সন্তানকেইটা এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ ইয়াৰে 9 বছৰীয়া শিশুটোৰ অৱস্থা অতি গুৰুতৰ বুলি জানিব পৰা গৈছে ৷ শিশুটোক সম্প্ৰতি ভেণ্টিলেটৰত ৰখা হৈছে ৷

2018 চনৰ মে’ মাহত কেৰালাৰ পেৰামব্ৰাত প্ৰথম নিপা ভাইৰাছত আক্ৰান্তৰ ঘটনা নিশ্চিত কৰা হৈছিল ৷ ইয়াৰে পিচত 18 লোক এই ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল ৷ পৰৱৰ্তী সময়ত 2021 চনত চাথামংগলামৰ পাজুৰত থকা এজন 12 বছৰীয়া লৰা নিপা ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যুবৰণ কৰিছিল ৷ আনহাতে স্বাস্থ্য বিভাগে স্পষ্ট কৰি দিছে যে, লোকসকলে বৰ্তমান ভয় কৰাৰ কোনো কাৰণ নাই ৷ সকলোকে অত্যাধিক সাৱধানতাৰ অৱলম্বন কৰিবলৈ আহ্বান কৰিছে স্বাস্থ্য বিভাগে ৷

লগতে পঢ়ক: Dried ginger: শুকান আদাই নিৰাময় কৰিব কোষ্ঠকাঠিন্যকে ধৰি আপোনাৰ শৰীৰৰ বহু ৰোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.