ETV Bharat / bharat

তেলেংগানাত নিৰ্মাণাধীন ষ্টেডিয়াম ভাঙি দুজনৰ মৃত্যু, ১০ জন আহত - Stadium collapses in Telangana

তেলেংগানাত নিৰ্মাণৰত অৱস্থাত ভাঙি পৰিল ব্যক্তিগত ইনড’ৰ ষ্টেডিয়াম ৷ এই দুৰ্ঘটনা দুজন লোক নিহত হোৱাৰ লগতে ১০ জন আহত হয় ।

Under construction stadium collapses in Telangana
তেলেংগানাত নিৰ্মাণাধীন ষ্টেডিয়াম ভাঙি দুজনৰ মৃত্যু
author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 10:01 AM IST

নিউজ ডেস্ক, 21 নৱেম্বৰ: তেলেংগানাৰ ৰঙ্গাৰেড্ডী জিলাত সোমবাৰে সংঘটিত হয় এক শোকাবহ ঘটনা ৷ জিলাখনত নিৰ্মাণৰত এখন ব্যক্তিগত ইনড’ৰ ষ্টেডিয়াম ভাঙি কমেও দুজন লোক নিহত হোৱাৰ লগতে ১০ জন আহত হয় । ষ্টেডিয়ামখন নিৰ্মাণৰ কাম চলি থকা সময়তে সংঘটিত হয় এই ঘটনাটো । দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত সাহায্য আৰু উদ্ধাৰৰ কাম আৰম্ভ কৰা হয় । আনহাতে আহতসকলক উন্নত চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

সম্প্ৰতি ঘটনাস্থলীত অব্যাহত আছে উদ্ধাৰ কাম ৷ নিৰ্মাণাধীন ব্যক্তিগত ইনড’ৰ ষ্টেডিয়ামখন ভাঙি আঘাতপ্ৰাপ্ত হোৱা শংকৰে দুৰ্ঘটনাটো বৰ্ণনা কৰে । শংকৰে কয়, "দুপৰীয়াৰ আহাৰ খোৱাৰ পিচত ঠিকাদাৰে আমাক চেণ্টাৰিং খুলিবলৈ কয় । আমি প্ৰথম চেণ্টাৰিংটো খুলি দিয়াৰ পিচত আনটো চেণ্টাৰিং খোলাৰ সময়ত বিল্ডিংটো কঁপিবলৈ ধৰিলে আৰু ষ্টেডিয়ামটো ভাঙি পৰে ।"

লগতে পঢ়ক: হোম-যজ্ঞৰ পৰা পূজা-অৰ্চনালৈ...ছিল্কিয়াৰা সুৰংগত আবদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে চলিছে বিভিন্ন প্ৰচেষ্টা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.