ETV Bharat / bharat

সহকৰ্মীৰ গুলীত ভাৰত-বাংলা সীমান্তত দুই BSFজোৱান নিহত - ভাৰত বাংলা সীমান্ত

ভাৰত-বাংলা সীমান্তত দুগৰাকীকৈ BSF জোৱানৰ মৃত্যু ৷ সহকৰ্মীৰ মাজত সংঘটিত ভয়ংকৰ গুলীয়াগুলিত BSF জোৱানকেইজনৰ মৃত্যু হয় ৷

two bsf jawans killed at indo bangla border
সহকৰ্মীৰ গুলীত ভাৰত-বাংলা সীমান্তত দুই BSFজোৱান নিহত
author img

By

Published : Sep 24, 2021, 11:23 AM IST

আগৰতলা , 24 ছেপ্টেম্বৰ : ভাৰত-বাংলা সীমান্তত সহকৰ্মীৰ মাজত সংঘটিত ভয়ংকৰ গুলীয়াগুলিত দুগৰাকীকৈ BSF জোৱানৰ মৃত্যু হোৱাৰ লগতে অন্য এজন জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৷ বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫:৪৫ বজাত ত্ৰিপুৰাৰ গোমতী জিলাৰ অন্তৰ্গত চিলাচাৰী(Silachari) অঞ্চলৰ ভাৰত-বাংলা সীমান্তত এই ঘটনা সংঘটিত হয় ৷

আৰক্ষীৰ এক সূত্ৰই ইটিভি ভাৰতক প্ৰদান কৰা তথ্য অনুসৰি, সহকৰ্মী হাবিলদাৰ সতবীৰ সিঙক গুলিয়াই প্ৰতাপ সিং নামৰ BSF কনিষ্টবলগৰাকীয়ে হিতাহিত জ্ঞান প্ৰায় হেৰুৱাই পেলায় ৷ এই ঘটনা প্ৰত্য়ক্ষ কৰি তেওঁৰ উচ্চপদস্থ বিষয়া ৰাম সিঙে প্ৰতাপক শান্ত কৰিবলৈ চেষ্টা কৰি নিজৰে ভৰিত গুলি লাগি আঘাতপ্ৰাপ্ত হয় ৷

প্ৰতাপ সিঙে সকলোৰে জীৱনলৈ ভাবুকি অনা যেন অনুভৱ কৰাৰ পাচতে অন্য জোৱানসকলে প্ৰতাপক আক্ৰমণ কৰে ৷ এই প্ৰত্যাক্ৰমণৰ ফলতে প্ৰতাপ সিঙৰ মৃত্যু ঘটে ৷

উল্লেখ্য যে, ঘটনাটোৰ ফলত আঘাতপ্ৰাপ্ত আৰু নিহত হোৱা লোককেইজনৰ আটাইয়ে বিএছএফৰ 20 নং বেটেলিয়নৰ ৷ অৱশ্যে তেওঁলোকে অতি সোনকালেই আন এটা বেটেলিয়নক কমাণ্ড হস্তান্তৰ কৰাৰ কথা আছিল ৷ স্থানীয় সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, হাবিলদাৰ সতবীৰ সিঙৰ সৈতে কনিষ্টবল প্ৰতাপ সিঙ সীমান্তত টহলৰ দায়িত্বত আছিল ৷

সেই সময়তে কোনো কাৰণত দুয়োৰে মাজত হোৱা বিবাদে তীব্ৰ ৰূপ লয় আৰু খঙত প্ৰতাপ সিঙে সতবীৰক গুলীচালনা কৰে ৷ ফলত ঘটনাস্থলীতে সতবীৰে মৃত্যুক সাৱতি ল'বলগীয়া হয় ৷ কেম্পলৈ উভটি অহা প্ৰতাপক উচ্চপদস্থ বিষয়া ৰাম কুমাৰ সিঙে তেওঁৰ সৈতে কথা পাতি কিছু শান্ত কৰোৱাৰ চেষ্টা কৰে যদিও তেওঁকো প্ৰতাপে আক্ৰমণৰ লক্ষ্য কৰি লয় ৷

ইয়াৰ পাচতে অন্য সৈনিকসকলে অনুভৱ কৰে যে, প্ৰতাপ তেওঁলোকৰ বাবে ভাবুকি হৈ পৰিব পাৰে আৰু তেওঁলোকৰ বহুতেই খঙাল সহকৰ্মীগৰাকীৰ ক্ৰোধৰ বলি হ'ব পাৰে ৷ সেয়ে তেওঁলোকেও প্ৰতাপৰ ওপৰত গুলীচালনা কৰে যাৰ ফলত ঘটনাস্থলীতে তেওঁৰো মৃত্যু হয় ৷ জানিব পৰা মতে, BSF sentry অভিমন্যু যাদৱৰ গুলীত প্ৰতাপ নিহত হয় ৷

লগতে পঢ়ক : শ্বপিয়ানত নিৰাপত্তা বাহিনীৰ গুলীত ধৰাশায়ী সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.