ETV Bharat / bharat

Tripura Police Raid: ত্ৰিপুৰাৰ এখন গাঁৱত উদ্ধাৰ নিচাজাতীয় দ্ৰব্য আৰু পিষ্টল

নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে প্ৰায়ে অভিযান চলাই আহিছে ত্ৰিপুৰা আৰক্ষীয়ে (Tripura police raid against drugs)। ইয়াৰ মাজতে ৰংগুটিয়া গাঁৱত আৰক্ষীৰ অভিযান । জব্দ নিচাজাতীয় টেবলেট, বিদেশী সুৰা, নগদ ধন আৰু পিষ্টল । ঘটনা সন্দৰ্ভত আটক দুজন ।

Tripura Police Raid
ত্ৰিপুৰাৰ এখন গাঁৱত উদ্ধাৰ নিচাজাতীয় দ্ৰব্য আৰু পিষ্টল
author img

By

Published : Feb 22, 2022, 11:46 AM IST

আগৰতলা,২২ ফেব্ৰুৱাৰী : নিষিদ্ধ ড্ৰাগছ, গাঞ্জা তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ত্ৰিপুৰা আৰক্ষীৰ অভিযান অব্যাহত আছে (Tripura police raid against drugs)। তেনে এক অভিযানৰ মাজতে ৰাজ্যখনৰ পশ্চিম জিলাৰ লেফুঙ্গা আৰক্ষী থানাৰ অন্তৰ্গত ৰংগুটিয়া গাঁৱত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী । সামগ্ৰী খিনি জব্দ কৰাৰ লগতে দুজন লোককো আটক কৰে আৰক্ষীয়ে ।

Tripura Police Raid
ত্ৰিপুৰাৰ এখন গাঁৱত উদ্ধাৰ নিচাজাতীয় দ্ৰব্য আৰু পিষ্টল

অতিৰিক্ত আৰক্ষী অধীক্ষক (গ্ৰাম্য) পিয়ামাধুৰী মজুমদাৰে জনোৱা মতে পশ্চিম জিলা আৰক্ষী অধীক্ষকৰ নতুনকৈ যোগদানৰ পাছতে তেওঁ এখন বিশেষ জিলা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে আৰু বিশেষ টাস্ক ফ'ৰ্চৰ এক গোপন সূত্ৰৰ ভিত্তিত সোমবাৰে নিশা আৰক্ষীয়ে ৰংগুটিয়া গাঁৱৰ এটা ঘৰত অভিযান চলায় । অভিযানৰ সময়ত ফেঞ্চিডাইলৰ ৪০০ টা বটল, নিচাযুক্ত য়াবা টেবলেট ৫০০০ টা, বিদেশী সুৰা, নগদ ২ লাখ টকাকে ধৰি আৰু এটা ৯ এম.এম পিষ্টল জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । লগতে ৰতন দেৱ আৰু তেওঁৰ ভতিজা অনুপ দেবকো ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আঠক কৰে ।

সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে । সংবাদমেলত উপস্থিত থকা অতিৰিক্ত আৰক্ষী অধীক্ষক (নগৰ) অনিৰ্বাণ দাসেও ঘটনা সন্দৰ্ভত কয় যে অভিযুক্ত কেইজন ৰাজ্যখনৰ কুখ্যাত ড্ৰাগছ মাফিয়া বুলি ইতিমধ্যে আৰক্ষীয়ে সন্দেহ কৰিছে ।

লগতে পঢ়ক :দুচকীয়া বাহনসহ মঙলদৈ আৰক্ষীৰ জালত 4টা ড্ৰাগছ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.