ETV Bharat / bharat

Hijab controversy in India : ন্যায়াধীশক মৃত্যুৰ ভাবুকি প্ৰদানকাৰী দুজনক গ্ৰেপ্তাৰ - Death threats to judges over Hijab verdict

হিজাব পিন্ধাটো ইছলামৰ অপৰিহাৰ্য অংশ নহয় (Hijab controversy in India) বুলি কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ তিনিজনীয়া বিশেষ বিচাৰপীঠে ৰায়দান কৰাৰ পিছত ন্যায়াধীশসকলে লাভ কৰিছিল মৃত্যুৰ ভাবুকি (Death threats to judges over Hijab verdict) । ঘটনা সন্দৰ্ভত দুজন গ্ৰেপ্তাৰ কৰ্ণাটক আৰক্ষীৰ ৷

2 arrested for death threats to judges over Hijab verdict
ন্যায়াধীশক মৃত্যুৰ ভাবুকি প্ৰদানকাৰী দুজনক গ্ৰেপ্তাৰ
author img

By

Published : Mar 20, 2022, 1:38 PM IST

নেশ্যনেল ডেস্ক, 20 মাৰ্চ : শনিবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ বিশেষ বিচাৰপীঠৰ ন্যায়াধীশক মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ এই তিনিজনীয়া বিশেষ বিচাৰপীঠখনে কিছুদিন পূৰ্বে শ্ৰেণীকোঠাৰ ভিতৰত হিজাব পিন্ধাৰ সন্দৰ্ভত অনুমতি বিচাৰি কৰা আবেদনসমূহ খাৰিজ কৰি (Hijab controversy in India) ৰায়দান কৰিছিল ।

দুৰ্বৃত্তৰ পৰা মৃত্যুৰ ভাবুকি লাভ (Death threats to judges over Hijab verdict) কৰা উক্ত ন্যায়াধীশসকলৰ ভিতৰত আছিল কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰিতুৰাজ অৱস্থি, ন্যায়াধীশ কৃষ্ণ এছ দীক্ষিত আৰু খাজি জয়বুন্নেছা মহিয়ুদ্দিন ৷ ঘটনা সন্দৰ্ভত কৰ্ণাটক আৰক্ষীয়ে তদন্ত চলাই গ্ৰেপ্তাৰ কৰা লোক দুজন (Two arrested for threatening judges) হৈছে ক্ৰমে- কোভাই ৰাহামাথুল্লা আৰু এছ জামাল মহম্মদ ওচমানি ৷ দুয়োগৰাকীকে আৰক্ষীয়ে তিৰুনেলভেলি আৰু থাঞ্জাভুৰৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ অভিযুক্তসকল তামিলনাডু তোহিদ জামাত (TNTJ) ৰ কাৰ্যালয়ৰ বিষয়া ।

কৰ্ণাটক আৰু তামিলনাডুত অভিযুক্ত দুগৰাকীৰ বিৰুদ্ধে উত্থাপন হোৱা একাধিক অভিযোগৰ পিছত গ্ৰেপ্তাৰ কৰা হয় । এই সন্দৰ্ভত আন কেইবাজনো ব্যক্তিৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে ।

কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰিতুৰাজ অৱস্থি, ন্যায়াধীশ কৃষ্ণ এছ দীক্ষিত আৰু খাজী জয়বুন্নেছা মহিউদ্দিনক লৈ গঠিত তিনিজনীয়া বিশেষ বিচাৰপীঠে এই ৰায়দান কৰাৰ পিছতে কৰ্ণাটক আৰু তামিলনাডুৰ কেইবাটাও সংগঠনে এই ৰায়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ কেৱল এয়াই নহয়, ন্যায়াধীশ তিনিগৰাকীয়ে লাভ কৰে মৃত্যুৰ ভাবুকি ৷

কৰ্ণাটকৰ বিধানসৌধ আৰক্ষী, বেংগালুৰুৰ অধিবক্তা সুধা কাটৱাৰ অভিযোগৰ ভিত্তিত ঘটনা সন্দৰ্ভত দাখিল কৰা হৈছিল এজাহাৰ । আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৫০৬ (১), ৫০৫ (১) (বি), ১৫৩ এ, ১০৯ আৰু ৫০৪ ৰ অধীনত পঞ্জীয়ন কৰিছিল গোচৰ । এই ঘটনাৰ পিছতে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ নিৰাপত্তা বৃদ্ধি কৰে আৰক্ষীয়ে ।

কিছুদিন পূৰ্বে তামিলনাডুৰ কোভাই ৰাহামাথুল্লাৰ এটা ভিডিঅ' ভাইৰেল হৈছিল ৷ য'ত তেওঁ কৰ্ণাটকৰ ন্যায়াধীশসকলৰ বিৰুদ্ধে হিংসাত্মক কাৰ্যকলাপৰ উচতনি দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ তেওঁ ভিডিঅ’টোত বিগত বৰ্ষত ঝাৰখণ্ডৰ এগৰাকী জিলা ন্যায়াধীশক হত্যা কৰা বুলি প্ৰকাশ কৰে, যিয়ে পুৱা খোজকাঢ়িবলৈ গৈ মৃত্যুক সাৱটি লৈছিল ৷

কৰ্ণাটকৰ মুখ্য ন্যায়াধীশে পুৱা ক'ত খোজকাঢ়িবলৈ যায়, সেয়া সাধাৰণ লোকে জানে বুলিও তেওঁ প্ৰকাশ কৰে ভিডিঅ’টোৰ জৰিয়তে । এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে ব্যক্তিজনক কৰায়ত্ত কৰে আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত তামিলনাডু বিজেপিৰ মুৰব্বী তথা কৰ্ণাটকৰ প্ৰাক্তন আইপিএছ বিষয়া কে আন্নামালাই মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এম এন ভাণ্ডাৰীলৈ এক পত্ৰ প্ৰেৰণ কৰি তদন্তৰ দাবী জনাইছে ।

লগতে চাওক: Hijab Ban case : হিজাব সম্পৰ্কে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.