ETV Bharat / bharat

Rape case at Kaladhungi : 42 বছৰীয়া লম্পটৰ কামনাৰ বলি হ’ল আঢ়ৈ বছৰীয়া কণমানি - জীৱন মৰণৰ সৈতে যুঁজ

উত্তৰাখণ্ডৰ নৈনীতাল জিলাৰ কালাধুংগী থানাৰ অন্তৰ্গত কোটাবাগত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ পিতৃসম 42 বছৰীয়া এটা লম্পটৰ কামনাৰ বলি হ’ল আঢ়ৈ বছৰীয়া এগৰাকী কণমানি (Rape case at Kaladhungi) ৷ বৰ্তমান জীৱন মৰণৰ সৈতে যুঁজ দি আছে ভুক্তভোগী কণমানিজনী ৷ জানিব পৰা মতে, আৰক্ষীয়ে 42 বছৰীয়া এটা লম্পটটোক আটক কৰি জেৰা অব্যাহত ৰাখিছে (Rape accused arrested at Kaladhungi) ৷

Rape case at Kaladhungi
লম্পটৰ কামনাৰ বলি
author img

By

Published : Nov 26, 2022, 2:28 PM IST

নেশ্যনেল ডেস্ক, 26 নৱেম্বৰ : জঘন্য...অমানৱীয়... ৷ সততে পোহৰলৈ অহা বিভিন্ন অপৰাধজনিত ঘটনাৰ মাজতে এইবাৰ পোহৰলৈ আহিছে আন এক জঘন্য কাণ্ড ৷ এইবাৰ ঘটনাৰ স্থান উত্তৰাখণ্ড ৷ উত্তৰাখণ্ডৰ কালাধুংগী থানাৰ অন্তৰ্গত কোটাবাগত সংঘটিত হৈছে এক ন্যক্কাৰজনক ঘটনা ৷

এইবাৰ কোটাবাগত এটা 42 বছৰীয়া লম্পটৰ কামনাৰ বলি হ’ল এগৰাকী আঢ়ৈ বছৰীয়া কণমানি (Rape case at Kaladhungi) ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ বৰ্তমান আৰক্ষীয়ে লম্পটটোক আটক কৰি জেৰা অব্যাহত ৰাখিছে (Rape accused arrested at Kaladhungi)৷

তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কন্যা শিশুটি : আৰক্ষীয়ে সদৰী কৰা মতে, প্ৰথমাৱস্থাত তেজেৰে লুতুৰি-পুতুৰি হৈ থকা অৱস্থাত উদ্ধাৰ হয় আঢ়ৈ বছৰীয়া কন্যা শিশুটি । তাৰ পাচতে কোটাবাগ উপ স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় শিশুটিক ৷

এই উপ স্বাস্থ্য কেন্দ্ৰতে প্ৰাথমিক চিকিৎসা প্ৰদানৰ অন্তত চিকিৎসকে ভুক্তভোগী কন্যা শিশুটিক উন্নত চিকিৎসাৰ বাবে সুশীলা তিৱাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । বৰ্তমানো সুশিলা তিৱাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে কন্যা শিশুটি। চিকিৎসকে উল্লেখ কৰা মতে, বৰ্তমানো সংকট মুক্ত নহয় ভুক্তভোগী কন্যা শিশুটি ।

কলাধুংগী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নন্দন সিং ৰাৱটে কয় যে, কোটাবাগৰ চান্দপুৰ গাঁৱৰ শ্বেৰপুৰত এখন ৰিজ’ৰ্টখনৰ নিৰ্মাণ কাৰ্য চলি আছে । ইয়াত বিহাৰৰ কাটিহাৰ জিলাৰ এটি পৰিয়ালে শ্ৰমিক হিচাবে কৰ্মৰত আছিল ৷ অইন দিনাৰ দৰে শুকুৰবাৰেও কৰ্মত নিয়োজিত হৈ আছিল কণমানিজনীৰ পিতৃ-মাতৃ ৷

কিন্তু বহু সময় ধৰি কণমানিজনীক নেদেখি বিচাৰ-খোচাৰ কৰে তেওঁৰ পিতৃ-মাতৃয়ে ৷ বহু সময় ধৰি বিচাৰ-খোচাৰৰ অন্তত শুকুৰবাৰে বিয়লি ভাগত এডৰা ঘাঁহনিত তেজেৰে লুতুৰি-পুতুৰি হৈ থকা অৱস্থাত উদ্ধাৰ হয় আঢ়ৈ বছৰীয়া কন্যা শিশুটিক (Rape with innocent girl in Nainital) ৷ শিশুটিৰ শৰীৰত বহুতো আঘাতৰ চিন স্পষ্ট হৈ আছে ৷

অভিযুক্ত পশ্চিম বংগৰ বাসিন্দা : আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নন্দন সিং ৰাৱটে উল্লেখ কৰা মতে, POCSO আইনৰ অধীনত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক ৷ অভিযুক্তটো পশ্চিম বংগৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷ এই অভিযুক্তটোও ভুক্তভোগী কণমানিজনীৰ পৰিয়ালৰ সৈতে শ্ৰমিক হিতাবে নিয়োজিত হৈ আছিল ৷ জানিব পৰা মতে, অভিযুক্তৰ বয়স প্ৰায় 42 বছৰ ।

লগতে পঢ়ক : Sexually assaulting minor in Telangana : 7 বছৰৰ অন্তত উৎপীড়ৰ বলী এগৰাকী কিশোৰীলৈ ন্যায়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.