নিউজ ডেস্ক, ৫ অক্টোবৰ: বিশ্বজুৰি ফেচবুক(Facebook), হোৱাটছ এপ(Whatsapp), ইনষ্টাগ্ৰাম(Instagram) ব্যৱহাৰকাৰী থমকি ৰ'বলগীয়া হয় কেইটামান ঘণ্টাৰ বাবে । এই ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰিবলৈ অথবা বাৰ্তা লাভ কৰাত অসুবিধা আহি পৰে । ফলত ব্যৱহাৰকাৰীসকলে কিছু সমস্যাৰ সন্মুখীন হয় । এই সময়খিনি ফেচবুক, হোৱাটছ এপ, ইনষ্টাগ্ৰামৰ বাবে ভাল সময় নাছিল যদিও চিগনেল(Signal), টুইটাৰ(Twitter) আৰু টেলিগ্ৰামৰ বাবে এয়া এক সুযোগ আছিল ।
প্লেটফৰ্মকেইটাই ফেচবুক, হোৱাটছ এপ, ইনষ্টাগ্ৰামক সমালোচনা কৰে । লগতে এই সময়ৰ সুযোগ গ্ৰহণ কৰি মানুহক চিগনেল, টুইটাৰ আৰু টেলিগ্ৰাম ব্যৱহাৰ কৰিবলৈও আহ্বান জনায় । মঙলবাৰে ডিজিটেল মেচেঞ্জাৰ এপ চিগনেলে জনায় যে, লাখ লাখ নতুন ব্যৱহাৰকাৰী এপটোৰ সৈতে জড়িত হৈছে ।
চিগনেলে জনোৱা মতে, তেওঁলোকৰ মেচেজিং আৰু কলিং আব্যাহত আছে ।
একাংশ ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ সম্পূৰ্ণ কন্টেক্ট লিষ্ট চিগনেলত দেখা পোৱা নাই । এই সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰি থকা হৈছে বুলিও চিগনেলে টুইটটোত উল্লেখ কৰে । সোমবাৰে আন এটা টুইটত চিগনেলে উল্লেখ কৰিছিল যে, চিগনেলত ছাইন আপ কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু তেওঁলোকে সকলোকে আদৰণি জনায় ।
আনহাতে, ফেচবুক কেইবা ঘণ্টা ধৰি অচল হৈ পৰাত ব্যৱহাৰকাৰীসকলে টুইটাৰৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু মিম আপলোড কৰে । সোমবাৰে টুইটাৰে সকলো সক্ৰিয় ব্যৱহাৰকাৰীক সম্ভাষণ জনায় । অৱশ্যে, মাইক্ৰ'ব্লগিং প্লেটফৰ্মটোৱে বৰ্ধিত ব্যৱহাৰকাৰীৰ বাবে সমস্যাৰ সন্মুখীন হৈছিল ।
টুইটাৰে জনোৱা মতে, কেতিয়াবা স্বাভাৱিক সংখ্যাৰ তুলনাত বেছি লোকে টুইটাৰ ব্যৱহাৰ কৰে । এনে পৰিস্থিতিৰ বাবে টুইটাৰ সাজু থাকে । কিন্তু সোমবাৰে পৰিকল্পনা অনুসৰি কাম বোৰ সঠিকভাৱে হোৱা নাই বুলি তেওঁলোকে জনায় ।
লগতে ব্যৱহাৰকাৰীয়ে সন্মুখীন হোৱা সমস্যাৰ বাবে প্লেটফৰ্মটোৱে দুখ প্ৰকাশ কৰে । শীঘ্ৰে সমস্যা সমাধানৰো আশ্বাস দিয়ে । একেদৰে, এনক্ৰিপ্টেড মেচেজিং এপ টেলিগ্ৰামেও এই সময়খিনিত ব্যৱহাৰকাৰীক নিজৰ প্লেটফৰ্মলৈ আকৰ্ষিত কৰিবলৈ চেষ্টা কৰে ।
লগতে পঢ়ক:দেশত পেট্ৰ'ল-ডিজেলৰ মূল্যৰ অভিলেখ