নেশ্যনেল ডেস্ক, ২৫ এপ্ৰিল : ক'ভিড-১৯ টিকাকৰণ সম্পৰ্কীয় ক্ষতিকাৰক, মিছা বা বিভ্ৰান্তিকৰ তথ্য দিয়া আগবঢ়োৱা টুইটসমূহ আঁতৰাই দিয়া হ'ব । মাইক্ৰ'ব্লগিং ছাইটৰ পৰা ভাৰতৰ ক'ভিড-১৯ সঁহাৰি সন্দৰ্ভত কেইবাটাও টুইট আঁতৰোৱাৰ পিচতে দেওবাৰে এই ঘোষণা কৰে টুইটাৰৰ এগৰাকী মুখপাত্ৰই ।
মাইক্ৰ'ব্লগিং ৱেবছাইটৰ আপডেট কৰা ব্লগ অনুসৰি, সতৰ্কবাণীৰ লেবেলবোৰ নিজে নিৰ্বাচন কৰি থোৱা ভাষাত প্ৰদৰ্শিত হ'ব । ইয়াৰ লক্ষ্য হৈছে ৰাইজক ক'ভিড-১৯ সন্দৰ্ভত প্ৰকৃত তথ্য প্ৰদান কৰা ।
নাগৰিক অখণ্ডতা নীতিৰ শেহতীয়া আপডেটৰ দৰেই ষ্ট্ৰাইক সন্দৰ্ভতো বিশেষ নিৰ্দেশনা দিয়া হৈছে । ষ্ট্ৰাইকৰ সংখ্যাৰ ওপৰত আধাৰিত কৰি ক'ভিড-১৯ নীতিৰ বাৰে বাৰে উলংঘন কৰিলে একাউণ্টৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা লোৱা হ'ব । এটা ষ্ট্ৰাইকত একাউণ্টৰ ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নহয় । কিন্তু দুটা আৰু তিনিটা ষ্ট্ৰাইকত ১২ ঘণ্টাৰ বাবে একাউণ্ট লক কৰিব পাৰে । চাৰিটা ষ্ট্ৰাইকত এসপ্তাহৰ বাবে একাউণ্ট লক হ'ব পাৰে । যদি ৫ টা বা তাতোধিক ষ্ট্ৰাইক হয় তেনেহ'লে সেই ব্যক্তিগৰাকীৰ একাউণ্ট চিৰদিনৰ বাবে বন্ধ কৰা হ'ব ।
মুখপাত্ৰই জনোৱা মতে ইতিমধ্যে যিসকলে আইন উলংঘন কৰিছে তেওঁলোকক অৱগত কৰা হৈছে সেয়ে তেওঁলোক এতিয়া সজাগ হৈছে । মুখপাত্ৰ গৰাকীৰ অনুৰোদ যাতে কোনো মন্তব্য বা লিখনি দিয়াৰ পূৰ্বে সকলোৱে এই কথাবোৰ লক্ষ্য ৰাখে কিয়নো কেন্দ্ৰীয় চৰকাৰৰ বিশেষ আইনী অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে ।
তেওঁ জনোৱা মতে যেতিয়া কোনো বৈধ আইনী অনুৰোধ লাভ কৰা যায় তেতিয়া টুইটাৰ আৰু স্থানীয় আইন অনুসৰি পৰীক্ষণ কৰা হ'ব আৰু যদি বৈধ নহয় তেনেহ'লে লগে লগে তাক আঁতৰই দিয়া হ'ব । মুখপাত্ৰজনে লগতে কয় যে টুইটাৰৰ মুক্ততা, স্বচ্ছতা, লুমেনত প্ৰকাশিত সমলৰ অনুৰোধৰ বিৱৰণৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ ।
উল্লেখ্য যে সকলো ক্ষেত্ৰতে, এক আইনী আদেশ পোৱাৰ লগে লগে টুইটাৰে একাউণ্ট ধাৰকক পোনপটীয়াকৈ অৱগত কৰে । লগতে একাউণ্টৰ সৈতে সম্পৰ্কিত ইমেইল ঠিকনালৈ বাৰ্তা এটা প্ৰেৰণ কৰি ব্যৱহাৰকাৰীক অৱগত কৰে টুইটাৰে ।