ETV Bharat / bharat

টুলকিট সন্দৰ্ভত ৰাহুল গান্ধীৰ বিশেষ টুইট...

author img

By

Published : May 25, 2021, 1:14 PM IST

'ক'ভিড টুলকিট' সন্দৰ্ভত কৰা অভিযোগৰ তদন্ত সন্দৰ্ভত দিল্লী আৰক্ষীয়ে টুইটাৰ ইণ্ডিয়ালৈ জাননী প্ৰেৰণ কৰাৰ পিছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে সত্যই ভয় নকৰে ।

Truth remains unafraid
টুলকিট সন্দৰ্ভত ৰাহুল গান্ধীৰ বিশেষ টুইট

নেশ্যনেল ডেস্ক,২৫ মে': 'ক'ভিড টুলকিট' সন্দৰ্ভত কৰা অভিযোগৰ তদন্ত সন্দৰ্ভত দিল্লী আৰক্ষীয়ে টুইটাৰ ইণ্ডিয়ালৈ জাননী প্ৰেৰণ কৰাৰ পিছতে বিশেষ টুইট কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ । মঙলবাৰে টুইট কৰি ৰাহুল গান্ধীয়ে কয় যে সত্যই ভয় নকৰে ।

  • Truth remains unafraid.

    सत्य डरता नहीं।#Toolkit

    — Rahul Gandhi (@RahulGandhi) May 25, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

দিল্লী আৰু গুৰগাঁৱত টুইটাৰৰ কাৰ্যালয়ত দুটা আৰক্ষীৰ দলৰ অভিযানৰ পিছতে কংগ্ৰেছে সোমবাৰে অভিযোগ কৰে যে বিজেপি নেতাসকলৰ "প্ৰৱঞ্চনামূলক টুলকিট" লুকুৱাবলৈ দিল্লী আৰক্ষীয়ে মাইক্ৰ'ব্লগিং ছাইটৰ কাৰ্যালয়ত অভিযান চলাই কাপুৰুষালি প্ৰকাশ কৰিছে ।

উল্লেখ্য যে বিজেপিয়ে কংগ্ৰেছৰ ওপৰত এটা 'টুলকিট' সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰি কৈছিল যে ই মহামাৰীৰ মোকাবিলাক লৈ দেশ আৰু প্ৰধানমন্ত্ৰী মোডীৰ ভাৱমূৰ্তি কলুষিত কৰিব বিচাৰে । আনহাতে কংগ্ৰেছে এই অভিযোগ অস্বীকাৰ কৰে আৰু দাবী কৰে যে বিজেপিয়ে বদনাম কৰিবলৈ এটা ভুৱা 'টুলকিট' প্ৰচাৰ কৰিছে । ইফালে যোৱা সপ্তাহত টুইটাৰে বিজেপি মুখপাত্ৰ সম্বিত পাত্ৰৰ এটা টুইটক "মেনিপুলেটেড মিডিয়া" বুলি লেবেল লগাইছিল ।

লগতে পঢ়ক: ঘূৰ্ণী বতাহ : ক্ষতিৰ মাত্ৰা কমোৱাৰ ওপৰত গুৰুত্ব দিব লাগে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.