ETV Bharat / bharat

শ্ৰীনগৰত শ্বহীদ হ'ল ত্ৰিপুৰাৰ মংগৰাম দেৱবাৰ্মা - ত্ৰিপুৰাৰ গোমতী জিলাৰ টাইডু

শ্ৰীনগৰৰ লাৱাইপ'ৰাত সন্ত্ৰাসবাদী আক্ৰমণ প্ৰতিহত কৰিবলৈ গৈ প্ৰাণ আহুতি দিলে ত্ৰিপুৰাৰ মংগৰাম দেৱবাৰ্মাই । শ্বহীদ মংগৰাম দেৱবাৰ্মাৰ ঘৰ ত্ৰিপুৰাৰ গোমতী জিলাৰ টাইডু অঞ্চলত । তেওঁ শ্ৰীনগৰত চি আৰ পি এফৰ ৭৩ নং বেটেলিয়নৰ পৰিদৰ্শক হিচাপে নিয়োজিত হৈ আছিল ।

শ্ৰীনগৰত শ্বহীদ হ'ল ত্ৰিপুৰাৰ মংগৰাম দেৱবাৰ্মা

author img

By

Published : Mar 26, 2021, 4:49 PM IST

নেশ্যনেল ডেস্ক, ২৬ মাৰ্চ: জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰৰ উপকণ্ঠ অঞ্চল লাৱাইপ'ৰাত শ্বহীদ হ'ল ত্ৰিপুৰাৰ মংগৰাম দেৱবাৰ্মা । বৃহস্পতিবাৰে সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত দেশমাতৃৰ হকে সাহসেৰে যুঁজি প্ৰাণ আহুতি দিলে চি আৰ পি এফৰ বিষয়াগৰাকীয়ে ।

সন্ত্ৰাসবাদীৰ আক্ৰমণত অশোক কুমাৰ নামৰ আন এজন জোৱান শ্বহীদ হোৱাৰ লগতে দুজন জোৱান আহত হয় । ঘটনাৰ পিছতে আটাইকে ৯২ বেছ হাস্পতাললৈ নিয়া হৈছিল যদিও দুগৰাকী জোৱানক চিকিৎসকে মৃত ঘোষণা কৰে । শ্বহীদ মংগৰাম দেৱবাৰ্মাৰ ঘৰ ত্ৰিপুৰাৰ গোমতী জিলাৰ টাইডু অঞ্চলত ।

তেওঁ শ্ৰীনগৰত চি আৰ পি এফৰ ৭৩ নং বেটেলিয়নৰ পৰিদৰ্শক হিচাপে নিয়োজিত হৈ আছিল । চি আৰ পি এফৰ এক সূত্ৰই জনোৱা মতে, শ্ৰীনগৰ-বাৰামুল্লা ৰাষ্ট্ৰীয় ঘাইপথত এটি পথ উদ্বোধন কাৰ্যসূচীত কৰ্তব্যৰত চি আৰ পি এফ জোৱানৰ ওপৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ পিছত অঞ্চলটোত তালাচী অভিযান চলাইছিল চি আৰ পি এফে ।

লগতে পঢ়ক:টেষ্ট টিউবত ৰোগ প্ৰতিৰোধকাৰী আলু আৰু কল উৎপাদন কৰিছে ত্ৰিপুৰাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.