ETV Bharat / bharat

20 দিন পলমকৈ ত্ৰিপুৰাই লাভ কৰিব ক'ভিড প্ৰতিষেধক - ত্ৰিপুৰা

20 দিন পলমকৈ চিৰাম ইনষ্টিটিউটৰ পৰা ক'ভিড প্ৰতিষেধক লাভ কৰিব ত্ৰিপুৰাই ৷ 1 মে'ৰ পৰৱৰ্তী পৰ্যায়ৰ প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰাৰ বাবে সাজু হৈছিল ৰাজ্যখন ৷

tripura to get delayed delivery of covid vaccine
20 দিন পলমকৈ ত্ৰিপুৰাই লাভ কৰিব ক'ৰিব ক'ভিড প্ৰতিষেধক
author img

By

Published : Apr 29, 2021, 12:24 PM IST

আগৰতলা, 29 এপ্ৰিল: 1 মে' ৰ পৰা ত্ৰিপুৰাই পৰৱৰ্তী পৰ্যায়ৰ প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰাৰ বাবে সাজু হৈছিল যদিও এই অভিযান কিছু পলমকৈ আৰম্ভ হ'ব বুলি জানিব পৰা গৈছে ৷ পৰিকল্পনা অনুসৰি 18 বছৰ উৰ্ধৰ সকলো লোককে 1 মে'ৰ পৰা প্ৰতিষেধক প্ৰদান কৰাৰ বাবে ৰাজ্যখন সম্পূৰ্ণৰূপে সাজু হৈছিল যদিও চিৰাম ইনষ্টিটিউশ্যনৰ অগ্ৰাধিকাৰ আধাৰিত ডেলিভাৰী চিষ্টেমৰ বাবে ত্ৰিপুৰাই পাবলগীয়া প্ৰতিষেধক সমূহ 20 দিন পলমকৈ লাভ কৰিব ৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনে পূৰ্ব আধাৰিত পৰিকল্পনা অনুসৰি পৰৱৰ্তী পৰ্যায়ৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ কৰিব নোৱাৰিব ৷ বুধবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ পৰিচালক সিদ্ধাৰ্থ শিৱ জয়ছোৱালে এই কথা সদৰী কৰে ৷

অৱশ্যে, 45 বছৰৰ অধিক বয়সৰ লোকসকলৰ বাবে প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া নিৰৱচ্ছিন্নভাৱে অব্যাহত থাকিব, কিয়নো কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে প্ৰয়োজনীয় সকলোখিনি নিয়মীয়াভাৱে যোগান ধৰি আছে ৷ জয়ছোৱালে কয় যে, "বৰ্তমান ৰাজ্যখনত 1.64 লাখ প্ৰতিষেধক মজুত আছে ৷ যদিহে নিয়মীয়া প্ৰতিষেধক প্ৰদান অভিযান ৰাজ্যখনত অব্যাহত থাকে তেন্তে আগন্তুক তিনি চাৰি দিনৰ বাবে এই প্ৰতিষেধকৰ পৰিমাণ যথেষ্ট ৷"

তেওঁ জানিবলৈ দিয়া মতে, পৰৱৰ্তী পৰ্যায়ৰ প্ৰতিষেধক প্ৰদান অভিযান সম্পূৰ্ণ হ'বলৈ ৰাজ্যখনক 32 লাখ প্ৰতিষেধকৰ প্ৰয়োজন আছে ৷ নিয়ম অনুসৰি, ৰাজ্যখনে এতিয়াৰ পৰা পোনপটীয়াকৈ প্ৰতিষেধক ক্ৰয় কৰিব পাৰিব ৷ এই উদ্দেশ্যে ত্ৰিপুৰা চৰকাৰে ১৩৩.১৯ কোটি টকা ধাৰ্য কৰিছে ৷

এন.এইচ.এম. ৰ তথ্য অনুসৰি, বৰ্তমানলৈকে ৰাজ্যখনত মুঠ 8 লাখ 39 হাজাৰ লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে আৰু এই সংখ্যা ত্ৰিপুৰাৰ মুঠ জনসংখ্যাৰ 24 শতাংশৰ ওপৰত।

লগতে পঢ়ক: জিলা দণ্ডাধীশৰ নিলম্বনৰ দাবীৰে প্ৰতিবাদত বহিল ত্ৰিপুৰাৰ বিধায়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.