আগৰতলা, 20 জুন : ত্ৰিপুৰাৰ ৰাজ্যিক পৰ্যায়ৰ বেংকাৰ সমিতিয়ে আধিয়াৰ কৃষকসকল(tenant farmers) (ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকল যাৰ খেতিৰ বাবে নিজা মাটি নাই ) ৰ বাবে অগ্ৰাধিকাৰৰ ভিত্তিত ঋণ বিতৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । সিদ্ধান্ত অনুসৰি, যোগ্য আৱেদনকাৰীসকলে কেন্দ্ৰীয় পুঁজিৰ আঁচনিৰ অধীনত তেওঁলোকৰ ঋণৰ পৰিমাণ অনুমোদিত কৰিবলৈ বছৰৰ প্ৰতি তিনিমাহত 250 টা গাঁও পঞ্চায়তত বিশেষ ঋণ বিতৰণ শিবিৰ আয়োজন কৰা হ'ব । ত্ৰিপুৰাৰ মুখ্য সচিব আলোক কুমাৰে তেওঁৰ টুইটাৰ হেণ্ডেলৰ জৰিয়তে এই তথ্য সদৰী কৰিছে ।
"এছএলবিচি(SLBC)-এ কেচিচি(KCC) ৰ সম্পূৰ্ণ সংপৃক্ততা নিশ্চিত কৰিবলৈ ত্ৰিপুৰাত প্ৰতি তিনি মাহত কমেও ২৫০ টা পঞ্চায়তত শিবিৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে । বেংকাৰ আৰু ৰাজ্য চৰকাৰৰ বিষয়াসকল এনে শিবিৰত উপস্থিত থাকিব । আধিয়াৰসকলক কেচিচি প্ৰদান কৰিবলৈ বিশেষ অভিযান আৰম্ভ কৰা হ’ব", আলোক কুমাৰে তেওঁৰ টুইটত এনেদৰে উল্লেখ কৰিছে ।

আন এক গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰি তেওঁ টুইট কৰে যে, "নতুন বাৰ্ষিক ঋণ পৰিকল্পনাৰ সীমা ৮,৩০০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে আৰু সমাজৰ সকলো শ্ৰেণীলৈ বিত্তীয় সমৰ্থন আগবঢ়োৱাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে ।
2019-20 বিত্তীয় বৰ্ষৰ বাবে প্ৰস্তাৱিত বাৰ্ষিক পৰিকল্পনা আছিল 7,762 কোটি টকা । "বিগত বৰ্ষত প্ৰস্তাৱিত বিকাশৰ 20 শতাংশ নিৰ্ধাৰণ কৰা হৈছিল । কিন্তু এই বছৰ প্ৰস্তাৱিত বিকাশ 7 শতাংশলৈ হ্ৰাস পাইছে । কৰ’ণাৰ ফলত সকলোতে প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছিল আৰু এতিয়াও ঘৰৰ পৰা ওলাই যোৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ", এজন বিষয়াই কয় ।
লগতে পঢ়ক: মোডী মন্ত্ৰীসভাত সোণোৱালৰ অন্তৰ্ভুক্তি অসমৰ বাবে ইতিবাচক খবৰ হ’ব : কুইন ওজা