ETV Bharat / bharat

Vidyalaya Chalo Abhiyan in Tripura: বিদ্যালয় এৰা শিক্ষাৰ্থী পুনৰ ঘূৰাই আনিব চৰকাৰে - Vidyalaya Chalo Abhiyan in Tripura

ক'ভিডৰ সময়ত ড্ৰপ-আউট হোৱা শিক্ষাৰ্থীসকলক ঘূৰাই অনাৰ বাবে 'বিদ্যালয় চলো অভিযান' কাৰ্যসূচীৰ অংশ হিচাপে 'আৰ্ন উইথ লাৰ্ণ' নামৰ এক নতুন আঁচনি আৰম্ভ কৰিছে ত্ৰিপুৰা চৰকাৰে (Tripura govt to start Vidyalaya Chalo Abhiyan)। এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সকলো মহাবিদ্যালয়ৰ তৃতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক জড়িত কৰা হ'ব । অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীসকলে মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক এই কামত সহায় কৰিব ।

Tripura govt
বিদ্যালয় এৰা শিক্ষাৰ্থী পুনৰ ঘূৰাই আনিব চৰকাৰে
author img

By

Published : Jul 9, 2022, 7:00 PM IST

ত্ৰিপুৰা,৯ জুলাই : ক'ভিডৰ সময়ত সমগ্ৰ দেশৰে শিক্ষা ক্ষেত্ৰত যথেষ্ট পৰিমাণে প্ৰভাৱ পৰিছে (Education has been affected during covid)। বহু ৰাজ্যত একাংশ শিক্ষাৰ্থীয়ে বিদ্যালয় এৰিছে । বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীসকলক পুনৰ ঘূৰাই আনিবলৈ এইবাৰ ত্ৰিপুৰা চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । ক'ভিডৰ সময়ত ড্ৰপআউট হোৱা শিক্ষাৰ্থীসকলক ঘূৰাই অনাৰ বাবে 'বিদ্যালয় চলো অভিযান' কাৰ্যসূচীৰ অংশ হিচাপে 'আৰ্ন উইথ লাৰ্ণ' (Earn with Learn) নামৰ এক নতুন আঁচনি আৰম্ভ কৰিছে ত্ৰিপুৰা চৰকাৰে (Tripura govt to start Vidyalaya Chalo Abhiyan)।

এই আঁচনি সম্পৰ্কত শিক্ষা মন্ত্ৰী ৰতন লাল নাথে কয় যে ৰাজ্যখনত ৬ৰ পৰা ১৪ বছৰ বয়সৰ প্ৰায় ৮,০০০ শিক্ষাৰ্থীয়ে ক'ভিডৰ সময়ত বিদ্যালয় এৰি দিছে । সেই সকলো শিক্ষাৰ্থীক পুনৰ বিদ্যালয়লৈ ঘূৰাই অনাৰ লগতে তেওঁলোকক শিক্ষাৰ মূল সুঁতিলৈ ঘূৰাই অনাৰ লক্ষ্যৰে এই প্ৰকল্পটো হাতত লোৱাৰ সিদ্ধান্ত লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে (Tripura govt tries to bring back school dropout students)। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সকলো মহাবিদ্যালয়ৰ তৃতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক জড়িত কৰা হ'ব ।

ক'ভিডৰ সময়ত বিদ্যালয় এৰি যোৱা শিক্ষাৰ্থীসকলক পুনৰ ঘূৰাই অনাৰ বাবে মহাবিদ্যালয়ৰ তৃতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক ব্যৱহাৰ কৰা হ'ব । চৰকাৰৰ এই অভিযান সফল কৰাৰ বাবে ৰাজ্যখনত ঘৰে ঘৰে এক বিস্তৃত জৰীপ কৰা হ'ব ।

মহাবিদ্যালয়খনৰ তৃতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলৰ মাজৰ যিসকলে স্বেচ্ছাসেৱক হিচাপে জৰীপটোত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক তেওঁলোকক নিজ নিজ মহাবিদ্যালয়ত তেওঁলোকৰ নাম পঞ্জীয়ন কৰিবলৈ অনুৰোধ কৰা হ'ব । এনে ড্ৰপআউট শিক্ষাৰ্থীসকলক পুনৰ বিদ্যালয়ত চিনাক্ত আৰু অন্তৰ্ভুক্ত কৰাৰ বাবে মহাবিদ্যালয়খনৰ তৃতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক প্ৰতিটো নামভৰ্তিৰ বাবদ ৫০০ টকাকৈ প্ৰদান কৰা হ'ব । অভিযানটোত আনুমানিক ১০,০০০ স্বেচ্ছাসেৱকৰ প্ৰয়োজন হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । আনহাতে তেওঁ জনায় যে অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীসকলে মহাবিদ্যালয়ৰ তৃতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক এই কামত সহায় কৰিব ।

লগতে পঢ়ক :ক'ভিডত আক্ৰান্ত অমৰ্ত্য সেন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.