ETV Bharat / bharat

ক্ৰীড়া ক্ষেত্ৰৰ সামগ্ৰিক উন্নয়নত গুৰুত্ব দিছে ত্ৰিপুৰা চৰকাৰে : সুশান্ত চৌধুৰী

ত্ৰিপুৰাৰ বেলোনিয়াৰ বি কে আই খেলপথাৰখন চিনথেটিক ফুটবল টাৰ্ফ খেলপথাৰলৈ ৰূপান্তৰিত হ'ব (BKI ground to turned into synthetic football turf)। ৫ কোটি টকা ব্যয় সাপেক্ষে ইতিমধ্যে ইয়াৰ কাম আৰম্ভ হৈছে । আগৰতলা, উদয়পুৰ, খোৱাই, জামপুইজালা আৰু অন্যান্য কেইবাটাও স্থানত চিনথেটিক ফুটবল টাৰ্ফ স্থাপন কৰা হ'ব ।

author img

By

Published : Mar 17, 2022, 11:35 AM IST

BKI ground
ক্ৰীড়া ক্ষেত্ৰৰ সামগ্ৰিক উন্নয়নত গুৰুত্ব দিছে ত্ৰিপুৰা চৰকাৰে

আগৰতলা,১৭ মাৰ্চ : ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ত্ৰিপুৰা চৰকাৰে । সমগ্ৰ ৰাজ্যখনতে খেলপথাৰ স্থাপনৰ বাবে চৰকাৰে ইতিমধ্যে ৰাজ্যিক বাজেটত ২০ কোটি টকা আৱণ্টন কৰিছে (Tripura allocates huge funds in sports)। ত্ৰিপুৰাৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী সুশান্ত চৌধুৰীয়ে এই কথা প্ৰকাশ কৰে । মন্ত্ৰীগৰাকীয়ে কয় যে ত্ৰিপুৰাৰ দক্ষিণ জিলাৰ বেলোনিয়া মহকুমাৰ বিকেআই (BKI) খেলপথাৰখন ৫ কোটি টকা ব্যয়েৰে চিনথেটিক ফুটবল টাৰ্ফ খেলপথাৰলৈ (synthetic football turf ground) পৰিৱৰ্তন কৰা হ'ব ।

তেওঁ উল্লেখ কৰা মতে আগৰতলা, উদয়পুৰ, খোৱাই, জামপুইজালা আৰু অন্যান্য কেইবাটাও স্থানত চিনথেটিক ফুটবল টাৰ্ফ স্থাপন কৰা হ'ব । দূৰৱৰ্তী অঞ্চলৰ খেলুৱৈসকলক ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়লৈ উলিয়াই অনাৰ বাবে ৰাজ্যখনৰ ২০৬ টা প্ৰশিক্ষণ কেন্দ্ৰলৈ ক্ৰীড়াৰ সামগ্ৰী প্ৰেৰণ কৰা হৈছে । ক্ৰীড়া সামগ্ৰীৰ অভাৱত যাতে কোনো যোগ্য খেলুৱৈ বঞ্চিত নহয় তাৰ বাবে চৰকাৰে চোকা দৃষ্টি ৰাখিছে বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী চৌধুৰীয়ে বুধবাৰে দক্ষিণ ত্ৰিপুৰা জিলাৰ অন্তৰ্গত বেলোনিয়াৰ বিকেআই খেলপথাৰত ফুটবল টাৰ্ফ খেলপথাৰৰ আধাৰশিলা স্থাপন কৰে । তেওঁ লগতে কয় যে বিত্ত বিভাগৰ অনুমোদনৰ পাছতে ১৫০ গৰাকী কনিষ্ঠ ক্ৰীড়া শিক্ষক নিয়োগৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক :পৰ্যতনস্থলীৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ ত্ৰিপুৰা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.