ETV Bharat / sports

"কামবেক কিং" ঋষভ পন্তৰ জন্মদিন; খেলুৱৈগৰাকীৰ বিষয়ে নজনা কিছু কথা - HAPPY BIRTHDAY RISHABH PANT

Indian wicketkeeper batter: ভাৰতীয় ক্ৰিকেট দলৰ উইকেটকীপাৰ বেটছমেন ঋষভ পন্তৰ জীৱনৰ লগতে প্ৰেমৰ বিষয়ে পূৰ্বে নজনা কিছু কথা...

author img

By ETV Bharat Sports Team

Published : 2 hours ago

HAPPY BIRTHDAY RISHABH PANT
ঋষভ পন্তৰ জন্মদিন বিশেষ (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 4 অক্টোবৰ: ভাৰতীয় ক্ৰিকেট দলৰ উইকেটকীপাৰ বেটছমেন ঋষভ পন্তে পূৰ্ণ কৰিলে জীৱনৰ 26 টাকৈ বছৰ ৷ শুকুৰবাৰে ক্ৰিকেটাৰগৰাকীয়ে উদযাপন কৰিছে 27 সংখ্যক ওপজাদিন ৷ ইয়াক ক্ৰিকেটাৰগৰাকীৰ দ্বিতীয় জন্ম বুলিও অভিহিত কৰিব পৰা যায় ৷ কিয়নো 2022 চনৰ 30 ডিচেম্বৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হোৱা ক্ৰিকেটাৰগৰাকীয়ে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহি পুনৰ মনোনিৱেশ কৰিছে ক্ৰিকেটত ৷

চলিত বছৰতে ক্ৰিকেট জগতলৈ প্ৰত্যাৱৰ্তন কৰে উইকেটকীপাৰ বেটছমেনগৰাকীয়ে ৷ তাৰপিছৰে পৰা সকলো ক্ৰিকেটপ্ৰেমীৰ দৃষ্টি আৱদ্ধ হৈ ৰয় ক্ৰিকেটাৰগৰাকীৰ ওপৰত ৷ আজি ক্ৰিকেটাৰগৰাকীৰ জন্মদিন উপলক্ষে তেওঁৰ সৈতে জড়িত কিছু কথাৰে সজোৱা হৈছে এই প্ৰতিবেদন ৷

ঋষভ পন্তৰ জীৱনৰ সৈতে জড়িত কিছু বিশেষ তথ্য

  • ঋষভ পন্ত উত্তৰাখণ্ডৰ গংগোলিহাট(পিথোৰাগড়) ৰ বাসিন্দা । পন্তৰ পৰিয়াল বৰ্তমান হৰিদ্বাৰৰ ৰুৰকীত বাস কৰে । পন্তৰ জন্ম 1997 চনৰ 4 অক্টোবৰত হৈছিল ।
  • ঋষভে ক্ৰিকেটৰ বাবেই উত্তৰাখণ্ডৰ পৰা দিল্লীলৈ যাত্ৰা কৰিছিল । দিল্লীলৈ যাবলৈ কোনো ঠাই নাথাকিলে তেওঁ মাকৰ সৈতে গুৰুদ্বাৰত দিন অতিবাহিত কৰিছিল । তেওঁ সেই সময়ত লংগৰত দিয়া খাদ্য খায়েই খেলত মনোনিৱেশ কৰিছিল ৷
  • পন্তে 2016 চনত অনুৰ্ধ-19 বিশ্বকাপত ঈশান কিষাণৰ সৈতে ইনিংছ মুকলি কৰিছিল ৷ সেই সময়ত পন্তৰ নাম চাৰিওফালে চৰ্চিত হৈছিল আৰু দুবছৰৰ ভিতৰত টীম ইণ্ডিয়াত ক্ৰিকেটাৰগৰাকীয়ে স্থান লাভ কৰিছিল ।
  • পন্তে 2015 চনত ৰঞ্জী ট্ৰফী খেলিছিল ৷ যাৰ পিছত 2016-17 বৰ্ষত 8 খন মেচত 81 গড়ে 972 ৰাণ সংগ্ৰহ কৰিছিল যুৱ খেলুৱৈগৰাকীয়ে । তেওঁ তিনিটা শতকৰ সৈতে ক্ৰিকেট জগতত ধুমুহা সৃষ্টি কৰিছিল ৷
  • আই পি এল 2016 ত পন্তক দিল্লী ডেয়াৰডেভিলছে 1.9 কোটি টকাত স্বাক্ষৰ কৰোৱায় । ঋষভ পন্তে সম্প্ৰতি আই পি এলত দিল্লী কেপিটেলছৰ হকে খেলত অংশগ্ৰহণ কৰাৰ লগতে দলটোৰ অধিনায়কৰ দায়িত্ব চম্ভালি আছে ৷
  • বলীউডৰ মোহময়ী অভিনেত্ৰী ঊৰ্বশী ৰৌতেলাৰ সৈতে সাঙোৰ খাইছিল ক্ৰিকেটাৰ ঋষভ পন্তৰ নাম ৷ ঊৰ্বশীৰ নামক লৈ সামাজিক মাধ্যমৰ লগতে ক্ৰিকেট খেলপথাৰত ট্ৰ’ল কৰা হৈছিল যুৱ ক্ৰিকেটাৰগৰাকীক ৷
  • তদুপৰি বিগত সময়ত পন্তৰ নাম ঈশা নেগীৰ সৈতেও সাঙোৰ খোৱা পৰিলক্ষিত হয় ৷ ঈশাক পন্তৰ প্ৰেমিকা বুলি দাবী কৰা হয় যদিও কোনো এজনে এই সন্দৰ্ভত প্ৰকাশ কৰা নাই প্ৰতিক্ৰিয়া ৷ পেছাত ঈশা এগৰাকী ইণ্টেৰিঅ’ৰ ডিজাইনাৰ । ঈশা ডেৰাডুনৰ বাসিন্দা হোৱাৰ লগতে বিগত সময়ত আই পি এলৰ খেল উপভোগ কৰিবলৈও ষ্টেডিয়ামলৈ অহা পৰিলক্ষিত হৈছিল ৷

ঋষভ পন্তৰ কেৰিয়াৰ

ঋষভ পন্তে 2017 চনত টি-20 ফৰ্মেটত ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰে । ইয়াৰ পিছত পন্তে 2018 চনত এদিনীয়া আৰু টেষ্ট ক্ৰিকেটতো অংশগ্ৰহণ কৰিছিল । তেওঁ ভাৰতৰ হৈ 34 খন টেষ্টৰ 58 টা ইনিংছত 6 টা শতক আৰু 11 টা অৰ্ধশতকৰ সৈতে সংগ্ৰহ কৰে 2,419 ৰাণ ৷

31 খন এদিনীয়াৰ 27 টা ইনিংছত পন্তে এটা শতক আৰু 5 টা অৰ্ধশতকৰ সৈতে 871 ৰাণ সংগ্ৰহ কৰিছে । তেওঁ 3 টা অৰ্ধশতকৰ সৈতে 76 খন টি-20 মেচত 1,209 ৰাণ সংগ্ৰহ কৰে । পন্তৰ নামত আছে টেষ্টত 120 টা, এদিনীয়াত 27 টা আৰু টি-20 ক্ৰিকেটত 40 টা উইকেট দখলৰ অভিলেখ ৷

লগতে পঢ়ক: পাকিস্তান ক্ৰিকেটত তৃতীয়টো অঘটন; ক্ৰিকেটাৰ ওছমান কাদিৰৰ বৃহৎ ঘোষণা - PAKISTANI CRICKETER USMAN QADIR

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.