আগৰতলা,৯ ডিচেম্বৰ : ত্ৰিপুৰাৰ আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত পুনৰ উদ্বেগ প্ৰকাশ কৰিছে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক কমিটিয়ে । এইবাৰ এই সমস্যা সমাধানৰ উদ্দেশ্যে ৰাজ্যপালৰ কাষ চাপিব ত্ৰিপুৰা তৃণমূল কংগ্ৰেছ (AITC Tripura unit will meet Governor)। তৃণমূল কংগ্ৰেছৰ ত্ৰিপুৰা ৰাজ্যিক কমিটিয়ে জনোৱা মতে দলটোৱে পুনৰ বিভিন্ন দাবীৰে ৰাজ্যত প্ৰতিবাদ সাব্যস্ত কৰিব । সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ ত্ৰিপুৰাৰ আহ্বায়ক সুবল ভৌমিকে জনোৱা মতে ২০২৩ চনৰ ৫ জানুৱাৰীত ৰাজভৱন অভিযান শীৰ্ষক কাৰ্যসূচী গ্ৰহণ কৰিব দলটোৱে (Tripura TMC to launch Raj Bhawan Abhiyan on January 5) ।
এই অভিযানৰ জৰিয়তে দলটোৱে ৰাজ্যপাল সত্যদেৱ নাৰায়ণ আৰ্যক সাক্ষাৎ কৰি ১৫ দফীয়া দাবীৰ এক স্মাৰক পত্ৰ প্ৰদান কৰিব (TMC to provide memorandum to Governor with 15 demands)। স্মাৰক পত্ৰৰ জৰিয়তে ৰাজ্যখনত সংঘটিত মহিলা নিৰ্যাতন, দলীয় কাৰ্যালয় আৰু সংবাদ মাধ্যমৰ কাৰ্যালয়ত আক্ৰমণ, বিৰোধী দলৰ কৰ্মীক আক্ৰমণৰ লগতে আইন-শৃংখলা পৰিস্থিতি অৱনতিৰ কেইবাটাও বিষয় ৰাজ্যপালক উত্থাপন কৰিব দলটোৱে ।
সংবাদমেল সম্বোধন কৰি ৰাজ্যখনত সংঘটিত কেইবাটাও আইন-শৃংখলাজনিত ঘটনাৰ উদাহৰণ দি সুবল ভৌমিকে কয় যে পৌৰ নিগমৰ নিৰ্বাচনৰ সময়ত ভোট কেন্দ্ৰত আক্ৰমণ সন্দৰ্ভত গুণ্ডাবাহিনীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা উচিত । তেওঁৰ মতে মহিলা আৰক্ষী থানাত টিএমচি কৰ্মীৰ ওপৰত কৰা আক্ৰমণ অতি লজ্জাজনক ।
সংবাদমেলত ৰাজ্য চৰকাৰৰ নিযুক্তি সম্পৰ্কীয় ঘোষণাকো সমালোচনা কৰে টিএমচিৰ নেতাগৰাকীয়ে । তেওঁ কোৱা মতে এখন দলিলত চহী কৰাৰ পাছতে যুৱক-যুৱতীসকলক চাকৰি দিব বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল । কিন্তু আজিলৈ সেই যুৱক-যুৱতীসকলে সংস্থাপন লাভ নকৰিলে ।
ইফালে দৈনিক উপাৰ্জনকাৰীসকলৰ উপাৰ্জন দুগুন কৰাৰ আশ্বাসো দিছিল বিজেপি নেতৃত্বাধীন চৰকাৰে । কিন্তু চৰকাৰৰ সেই ঘোষণাও আজিলৈ ঘোষণা হৈয়ে থাকিল । আনহাতে বিদ্যুৎ বিভাগৰ বিৰুদ্ধেও ক্ষুব্ধ হৈ পৰে নেতাগৰাকী । নেতাগৰাকীয়ে বিদ্যুতৰ বিল ৫০ শতাংশ হ্ৰাস কৰাৰ দাবী জনায় ।
ভৌমিকে অভিযোগ কৰা মতে ৰাজ্যিক শিক্ষা ব্যৱস্থাত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে । লগতে চৰকাৰে সমগ্ৰ শিক্ষা ব্যৱস্থাক ব্যক্তিগতকৰণ কৰিবলৈ চেষ্টা কৰাৰো অভিযোগ তোলে । ইফালে ৰাজ্যখনৰ ৰেচনৰ দোকানসমূহত চলা অনিয়ম সম্পৰ্কে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় নেতাগৰাকীয়ে । ৰাজ্যখনত সংঘটিত মানৱ অধিকাৰ উলংঘন আৰু মেৰুকৰণৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা তদন্তৰ দাবী জনায় টিএমচি নেতাগৰাকীয়ে ।
বৰষুণৰ ফলত ক্ষতিৰ সন্মুখীন হোৱা কৃষকসকলক ক্ষতিপূৰণ, অনুসূচীত জাতি-জনজাতি আৰু অ'বিচিসকলক বিশেষ সাহায্য প্ৰদানৰো দাবী জনায় টিএমচিৰ শীৰ্ষ নেতাগৰাকীয়ে । ৰাজ্যখনৰ শিক্ষকসকলৰ সমস্যা সমাধানৰ লগতে স্বাস্থ্য আৰু বাট-পথৰ উন্নয়নৰো দাবী জনায় টিএমচিয়ে । অহা ৫ জানুৱাৰীত স্মাৰক পত্ৰৰ জৰিয়তে এই সকলোবোৰ অভিযোগ আৰু দাবী ৰাজ্যপালক অৱগত কৰাৰ কথাও উল্লেখ কৰে নেতাগৰাকীয়ে ।
লগতে পঢ়ক :Farmers of Tripura Affected by Rain: ক্ষতিগ্ৰস্ত কৃষকক আৰ্থিক সাহায্য প্ৰদানৰ দাবী কৃষক সভাৰ