ETV Bharat / bharat

ত্ৰিপুৰাত এচিড পান কৰি শিক্ষয়ত্ৰীৰ আত্মহত্যা - ত্ৰিপুৰাত শিক্ষকৰ প্ৰতিবাদ বাতৰি

ত্ৰিপুৰাত অব্যাহত থকা শিক্ষকৰ প্ৰতিবাদৰ মাজতে শনিবাৰে ৰুমী দেৱবৰ্মা নামৰ এগৰাকী শিক্ষয়ত্ৰীয়ে খোৱাইস্থিত নিজ বাসগৃহত এচিড পান কৰি আত্মহত্যা কৰে ৷ ত্ৰিপুৰাত নিজৰ চাকৰি উভটাই বিচাৰি ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰখা প্ৰায় 10,323 গৰাকী শিক্ষকৰ ভিতৰত এগৰাকী আছিল ৰুমী ৷

tripura teacher dies drinking acid, poisoned child critical
ত্ৰিপুৰাত এচিড পান কৰি শিক্ষয়ত্ৰীৰ আত্মহত্যা
author img

By

Published : Jan 10, 2021, 10:20 AM IST

নেশ্যনেল ডেস্ক,10 জানুৱাৰী: ত্ৰিপুৰাত অব্যাহত থকা শিক্ষকৰ প্ৰতিবাদৰ মাজতে শনিবাৰে সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ ৰুমী দেৱবৰ্মা নামৰ এগৰাকী শিক্ষয়ত্ৰীয়ে খোৱাইস্থিত নিজ বাসগৃহত এচিড পান কৰি আত্মহত্যা কৰে ৷ ত্ৰিপুৰাত নিজৰ চাকৰি উভটাই বিচাৰি ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰখা প্ৰায় 10,323 গৰাকী শিক্ষকৰ ভিতৰত এগৰাকী আছিল ৰুমী ৷ ৰুমীৰ লগতে তেখেতৰ 1 বছৰীয়া সন্তানটোকো সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷ ৰুমী নিজৰ সন্তানকো বিষ পান কৰোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷

tripura teacher dies drinking acid, poisoned child critical
ত্ৰিপুৰাত শিক্ষকৰ প্ৰতিবাদ

চাকৰিৰ পৰা অৱসৰ প্ৰদানৰ শীৰ্ষ দণ্ডাধীশৰ আদালতৰ ৰায়ৰ পিছতে ৰুমী মানসিক ভাৱে ভাঙি পৰা বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকে ৷ তেওঁৰ স্বামী দিনেশ দেৱবৰ্মাও এই প্ৰতিবাদকাৰী শিক্ষক সকলৰ এজন ৷ নখত্ৰবাৰী গাঁৱৰ এক সম্ভ্ৰান্ত পৰিয়ালৰ কন্যা ৰুমীয়ে বিশ্ববিদ্যালয়তো শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছিল ৷ ৰুমীৰ ভগ্নীয়ে এই সন্দৰ্ভত কয়, সকলো ধৰণৰ শিক্ষাগত অৰ্হতা থকাৰ পিছতো তেওঁ নিজ চাকৰিটো ৰক্ষা কৰিব নোৱাৰাৰ বাবেই মানসিকভাৱে ভাঙি পৰিছিল ৷ তেওঁ এনে এটি সিদ্ধান্ত ল’ব বুলি আমি কল্পনাও কৰিব পৰা নাছিলো ৷ ৰুমীৰ সন্তান দুটিৰ এজনী কন্যা আৰু এটি ল’ৰা ৷ ইতিমধ্যে ৰুমীৰ পুত্ৰকো হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷

শনিবাৰে দিনৰ প্ৰায় 3 বজাত পুত্ৰৰ সৈতে বিষ পান কৰে ৰুমীয়ে ৷ ইয়াৰ পিছতে দুয়াকো খোৱাই হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে জিবিপি হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ চিকিৎসাধীন অৱস্থাতে ৰুমীৰ মত্যু হয় যদিও তেওঁৰ পুত্ৰৰ অৱস্থা এতিয়াও সংকটজনক বুলি জানিবলৈ দিছে চিকিৎসকে ৷ উল্লেখ্য যে, এইপৰ্যন্ত ত্ৰিপুৰাত প্ৰতিবাদ কৰি থকা প্ৰায় 80 গৰাকী শিক্ষকে ইতিমধ্যে মৃত্যুক সাৱতি লৈছে ৷

লগতে পঢ়ক-মহানগৰীত মেজিৰ বজাৰ: পৰম্পৰা ৰক্ষাৰ বাবে মিষ্টাৰ অসম বাবুল চেতিয়াৰ পদক্ষেপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.