ETV Bharat / bharat

দুৰ্গা পূজা উপলক্ষে ত্ৰিপুৰা আৰক্ষীৰ কঠোৰ নিৰাপত্তা ব্যৱস্থা

এই বছৰ ত্ৰিপুৰাত পূৰ্বৰ বছৰবোৰৰ তুলনাত দুৰ্গা পূজাৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে । যোৱা বছৰ ৰাজ্যজুৰি প্ৰায় ২১৭৬ খন দুৰ্গা পূজা অনুষ্ঠিত হৈছিল । আনহাতে, এই বছৰ ২৫০৬ খন দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে (Durga Puja in Tripura) ।

author img

By

Published : Oct 1, 2022, 10:38 AM IST

tripura
tripura

আগৰতলা, ১ অক্টোবৰ : ত্ৰিপুৰা আৰক্ষীয়ে আগন্তুক দুৰ্গা পূজা আৰু অন্যান্য উৎসৱৰ সময়ত শান্তি-শৃংখলা নিশ্চিত কৰিবলৈ পৰ্যাপ্ত আৰক্ষীৰ ব্যৱস্থা কৰিছে (Tripura police special arrangement for Durga Puja) ।

শুকুৰবাৰে সন্ধিয়া এক সংবাদমেল সম্বোধন কৰি ৰাজ্যখনৰ সহকাৰী আৰক্ষী মহাপৰিদৰ্শক (আইন-শৃংখলা) জ্যোতিস্মান দাস চৌধুৰীয়ে কয় যে (IGP law and order) এই বছৰ পূৰ্বৰ বছৰবোৰৰ তুলনাত দুৰ্গা পূজাৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে । যোৱা বছৰ ৰাজ্যজুৰি প্ৰায় ২১৭৬ খন দুৰ্গা পূজা অনুষ্ঠিত হৈছিল । আনহাতে এই বছৰ ২৫০৬ খন দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে (Durga Puja in Tripura) ।

"পূৰ্বৰ বছৰবোৰৰ দৰে এই বছৰো ত্ৰিপুৰা আৰক্ষীয়ে (Tripura Police) আগন্তুক দুৰ্গা পূজা আৰু অন্যান্য উৎসৱৰ সময়ত শান্তি-শৃংখলা নিশ্চিত কৰাৰ বাবে পৰ্যাপ্ত আৰক্ষীৰ ব্যৱস্থা কৰিছে । এতিয়ালৈকে প্ৰাপ্ত তথ্য অনুসৰি, এই বছৰ সমগ্ৰ ৰাজ্যতে প্ৰায় 2506 টা স্থানত দুৰ্গা পূজা অনুষ্ঠিত হ'ব । তাৰে প্ৰায় ৯৭৯ খন চহৰ অঞ্চলত আৰু প্ৰায় ১৫২৭ খন গ্ৰাম্য অঞ্চলত আছে । এই বছৰ আগৰতলা পৌৰ নিগম এলেকাত (Agartala Municipal Corporation) প্ৰায় ৪৩৬ খন দুৰ্গা পূজা অনুষ্ঠিত হ'ব ।" ত্ৰিপুৰা আৰক্ষীয়ে কয় ।

তেওঁ এইটোও কয় যে এই বছৰ ত্ৰিপুৰা আৰক্ষীয়ে সুৰক্ষা বাহিনীৰ সংখ্যা শক্তিশালী কৰিছে । যোৱা বছৰ প্ৰায় ২৪০০ নিৰাপত্তা বাহিনী মোতায়েন কৰিছিল আৰু এই বছৰ তাতকৈও অধিক বাহিনী মোতায়েন কৰিব । লগতে ৯৯ টাতকৈ অধিক চিচি টিভি কেমেৰা স্থাপন কৰিব আৰু অতিৰিক্ত ১৩০ খন বাহন মোতায়েন কৰা হ'ব ।

"ত্ৰিপুৰা আৰক্ষীয়ে ইতিমধ্যে অসামাজিক উপাদানৰ বিৰুদ্ধে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা আৰম্ভ কৰিছে । বিডিডিএছ (BDDS) দলৰ দ্বাৰা স্পৰ্শকাতৰ স্থানসমূহ পৰীক্ষা কৰা আৰম্ভ কৰিছে আৰু আহিবলগীয়া উৎসৱৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন নিয়ন্ত্ৰণৰ বাবে বিশেষ অভিযান চলাইছে । সমগ্ৰ ৰাজ্যতে দুৰ্গা পূজাৰ সময়ত পৰ্যাপ্তসংখ্যক আৰক্ষী, ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছ (Tripura State Rifles) আৰু বিশেষ আৰক্ষী বিষয়া (Special Police Officer) মোতায়েন কৰা হ'ব । আগৰতলা চহৰ আৰু ইয়াৰ আশেপাশে দুৰ্গা পূজাৰ দিনবোৰত নিৰ্দিষ্ট সময়ৰ বাবে কিছু কিছু ক্ষেত্ৰত যান-বাহন নিয়ন্ত্ৰণত ৰখা হ'ব ।" তেওঁ লগতে কয় ।

নিচাযুক্ত দ্ৰব্যবিৰোধী অভিযান (Anti Narcotics Drive) সন্দৰ্ভত বিষয়াজনে কয় যে বিগত এটা মাহত আৰক্ষীয়ে ৮৬৩০ কিলোগ্ৰাম গাঞ্জা, ১৮৭ গ্ৰাম হেৰইন, ৮৯৪৬ বটল নিষিদ্ধ কফ চিৰাপ আৰু ৪৯৮২৪ সংখ্যক য়াবা টেবলেট জব্দ কৰিছে । এই সন্দৰ্ভত এনডিপিএছ আইনৰ (NDPS Act) বিভিন্ন ধাৰাৰ অধীনত মুঠ ৫১ টা গোচৰ ৰুজু কৰা হৈছে আৰু মুঠ ৭২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । বিষয়াজনে লগতে কয় যে দুৰ্গা পূজাৰ পৰিপ্ৰেক্ষিতত ত্ৰিপুৰা আৰক্ষীয়ে ভাৰতীয় অঞ্চলৰ ভিতৰত নিৰীক্ষণ ব্যৱস্থা কঠোৰ কৰিছে আৰু বিএছএফক ভাৰত-বাংলাদেশ সীমান্তত কঠোৰ সতৰ্কতা আৰু সাৱধানতা বজাই ৰাখিবলৈ কোৱা হৈছে যাতে ৰাজ্যখনত উগ্ৰপন্থীয়ে প্ৰৱেশ কৰাৰ যিকোনো প্ৰচেষ্টা প্ৰতিহত কৰিব পাৰে ।

তেওঁ লগতে কয় যে যোৱা এমাহ ধৰি যান-বাহনৰ ক্ষেত্ৰত অভিযান চলাই মটৰ ভেহিকল আইনৰ বিভিন্ন ধাৰাৰ অধীনত প্ৰায় ১ কোটি টকা জৰিমনা সংগ্ৰহ কৰিছে । আনহাতে, আৰক্ষীয়ে যোৱা এমাহত সম্পত্তি সম্পৰ্কীয় মুঠ ৪৬ জন অপৰাধীক গ্ৰেপ্তাৰ কৰিছে । অভিযুক্ত ৪৬ জন ব্যক্তিৰ ভিতৰত কেৱল পশ্চিম ত্ৰিপুৰা জিলাতে ৩২ জন অভিযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হয় ।

লগতে পঢ়ক :ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰক : ইন্দিৰা বেনাৰ্জী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.