নেশ্যনেল ডেস্ক, ৩ জুন: ক'ভিড সৃষ্ট পৰিস্থিতিয়ে অৰ্থনীতিত মোক্ষম আঘাত হনাৰ সময়তে ৰাজহুৱা খণ্ডৰ বেংক আৰু মাইক্ৰ'ফাইনেন্স কোম্পানীৰ পৰা ঋণ লোৱা লোকসকলক সকাহ দিছে ত্ৰিপুৰা চৰকাৰৰ সিদ্ধান্তই । বুধবাৰে বিত্ত বিভাগৰ দায়িত্বত থকা উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মাই ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সৈতে এক উচ্চস্তৰীয় বৈঠকত মিলিত হয় ।
ঋণ গ্ৰহণকাৰীৰ কিস্তি চলিত বৰ্ষৰ আগষ্ট মাহলৈকে ৰেহাই দিয়াৰ বিষয়ে এই বৈঠকত আলোচনা কৰা হয় । এই বৈঠকৰ পিছতে মাইক্ৰ'ফাইনেন্স কোম্পানীসমূহে এক বিবৃতি প্ৰকাশ কৰি আশ্বাস দিয়ে যে, তেওঁলোকে বিত্তীয় প্ৰতিষ্ঠানৰ পৰিচালকৰ পৰা এই সন্দৰ্ভত অনুমতি পোৱাৰ পিছতে আগষ্ট মাহলৈকে ঋণ লওঁতাৰ কিস্তি ৰেহাই দিয়াৰ বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব ।

কৰ'ণাৰ সংকটৰ সময়ত বহু গ্ৰাহকে আৰু সংগঠনে ঋণৰ কিস্তি মাফ কৰিবলৈ দাবী উত্থাপন কৰি থকাৰ পিছতে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে । এই বিত্তীয় প্ৰতিষ্ঠানসমূহৰ পৰা ঋণ লোৱা অধিকাংশ গ্ৰাহকেই কোনো প্ৰতিষ্ঠানত কৰ্মৰত নহয় আৰু তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰি পোৱা ধনেৰে ঋণ পৰিশোধ কৰে । বৰ্তমান কামৰ অভাৱত ঘৰতে থাকিবলগীয়া হোৱা শ্ৰমিকসকলৰ বাবে ত্ৰিপুৰা চৰকাৰৰ এই সিদ্ধান্ত সুফলদায়ক হিচাপে বিবেচিত হৈছে ।

মাইক্ৰ'ফাইনেন্স কোম্পানী আৰু আন বিত্তীয় প্ৰতিষ্ঠানে ঋণৰ কিস্তি মাফ কৰা সন্দৰ্ভত তেওঁলোকৰ সন্মতিৰ বিষয়ে ৫ জুনৰ ভিতৰত বিত্ত বিভাগক অৱগত কৰিব । ত্ৰিপুৰাত থকা ৰাষ্ট্ৰীয়কৃত বেংক, ত্ৰিপুৰা গ্ৰামীণ বেংক, ত্ৰিপুৰা ৰাজ্যিক কো-অপাৰেটিভ বেংকে ইতিমধ্যে ঋণৰ কিস্তি মাফ কৰা সন্দৰ্ভত তেওঁলোকৰ স্থগিতাদেশ ঘোষণা কৰিছে ।
এই বেংকসমূহৰ পৰা ঋণ লোৱা গ্ৰাহকসকলক ছেপ্টেম্বৰ মাহলৈকে কিস্তি মাফ কৰা হৈছে । যদি ঋণ লওঁতাই নিজে ঋণৰ সমুদায় ধন আদায় দিয়ে তেন্তে বেংকে সেই ধন সংগ্ৰহ কৰিব ।
লগতে পঢ়ক:প্ৰতিষেধক গ্ৰহণ নকৰিলে দৰমহা নাপাব উত্তৰ প্ৰদেশৰ চৰকাৰী কৰ্মচাৰীয়ে