ETV Bharat / bharat

ত্ৰিপুৰাৰ হত্যাকাণ্ডক লৈ আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাত ক্ষুদ্ধ ৰাইজ - নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ফলত মৃত্যু হয় বিশ্বজিতৰ

ত্ৰিপুৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড । কালামকৌৰা আৰক্ষী থানাৰ অন্তৰ্গত বেলুয়াৰচাৰ বজাৰত বিশ্বজিৎ সৰকাৰ (২৫) নামৰ এজন যুৱকক আক্ৰমণকাৰীৰ এটা দলে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ফলত মৃত্যু হয় বিশ্বজিতৰ ।

TRIPURA
ত্ৰিপুৰাৰ হত্যাকাণ্ডক লৈ আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাত ক্ষুদ্ধ ৰাইজ
author img

By

Published : May 12, 2021, 1:05 PM IST

নেশ্যনেল ডেস্ক, ১২ মে': ত্ৰিপুৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড । ৰাজ্যখনৰ কালামকৌৰা আৰক্ষী থানাৰ অন্তৰ্গত বেলুয়াৰচাৰ বজাৰত বিশ্বজিৎ সৰকাৰ (২৫) নামৰ এজন যুৱকক আক্ৰমণকাৰীৰ এটা দলে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ফলত মৃত্যু হয় যুৱকজনৰ । অৰ্জুন সৰকাৰ নামৰ এজন যুৱকৰ নেতৃত্বত আক্ৰমণকাৰীৰ দলৰ প্ৰহাৰত মৃত্যুক আঁকোৱালি লয় বিশ্বজিৎ সৰকাৰে ।

এই ঘটনাৰ পাচতে বিশ্বজিতৰ পৰিয়ালে আৰক্ষীৰ কাষ চাপে যদিও আৰক্ষীয়ে কোনোধৰণৰ ভূমিকা গ্ৰহণ কৰা নকৰে । আৰক্ষীৰ এই নিৰ্লিপ্ত ভূমিকাত ক্ষুদ্ধ হৈ পৰে পৰিয়ালৰ লগতে ৰাইজ । অৱশ্যে, পৰৱৰ্তী সময়ত আৰক্ষীয়ে পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰে । দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় ক্ষোভিত ৰাইজে ।

TRIPURA
ত্ৰিপুৰাৰ হত্যাকাণ্ডক লৈ আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাত ক্ষুদ্ধ ৰাইজ

স্থানীয় ৰাইজে জনোৱা অনুসৰি, বিশ্বজিৎ সৰকাৰে অভিযুক্ত অৰ্জুন সৰকাৰক যোৱা ১৩ এপ্ৰিলত ভূলৱশতঃ মটৰচাইকেল চলাই থকা অৱস্থাত প্ৰত্যাহ্বান জনাইছিল যাৰ ফলত অৰ্জুনে এই জঘন্য ঘটনা সংঘটিত কৰে । আনকি বিশ্বজিতে প্ৰত্যাহ্বান জনোৱাৰ বাবে ক্ষমাও বিচাৰিছিল কিন্তু অৰ্জুনে ইমানতে ক্ষান্ত নাথাকি ক্ষোভিত হৈ উপৰ্যুপৰি প্ৰহাৰ কৰে । দুৰ্বৃত্তৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বিশ্বজিতক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয় আৰু পৰৱৰ্তী সময়ত জিবিপি চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হৈছিল ।

প্ৰায় এমাহ সময়চোৱা চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ পিছত ঘৰলৈ উভতি অহাৰ কেইদিনমানৰ পাচতে তেওঁ অসুস্থ হৈ পৰিছিল । পাচত চিকিৎসকসকলৰ পৰামৰ্শ অনুসৰি বিশ্বজিতক পুনৰ আইএলএছ চিকিৎসালয় আগৰতলালৈ স্থানান্তৰ কৰা হৈছিল । অৱশেষত সোমবাৰে মৃত্যুৰে মানে বিশ্বজিতে ।

লগতে পঢ়ক: ত্ৰিপুৰাৰ শান্তিৰ বজাৰত বাওঁমৰ্চাৰ প্ৰতিনিধিৰ দলক আক্ৰমণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.