নেশ্যনেল ডেস্ক, ২৭ ফেব্ৰুৱাৰী: ত্ৰিপুৰাৰ আমবাছাৰ অসম-আগৰতলা ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'ল এগৰাকী ট্ৰাক চালক । শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত লালচেৰী হৈ অসম-আগৰতলা ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থকা সময়তে আমবাছা দলঙৰ সমীপত এখন বলেৰ' বাহনত অহা দুৰ্বৃত্তই আতৰ্কিতে আক্ৰমণ কৰে ট্ৰাক চালক প্ৰদীপ দেৱনাথক । দুৰ্বৃত্তৰ অকথ্য নিৰ্যাতন সহিব নোৱাৰি মৃত্যুক আঁকোৱালি লয় ৫৪ বছৰীয়া প্ৰদীপ দেৱনাথে । মৃত ট্ৰাক চালকজনৰ ঘৰ তেলীয়ামূৰাত ।
আনহাতে, আৰক্ষীয়ে আক্ৰমণকাৰীসকলৰ পৰিচয় প্ৰকাশ কৰাৰ পৰা বিৰত আছে । এক বিশেষ সূত্ৰই জনোৱা মতে, দুৰ্বৃত্তই চালকজনক প্ৰহাৰ কৰি তেওঁৰ পৰা ৪০,০০০ টকা লৈ উধাও হয় । আমবাছাৰ ছেইণ্ট আৰ্ণল্ড বিদ্যালয়ৰ সন্মুখত এই ঘটনা সংঘটিত হয় । প্ৰদীপ দেৱনাথে ১২টা চকাৰ এখন মালবাহী ট্ৰাক চলাই আহিছিল । আৰক্ষীয়ে প্ৰকাশ কৰা মতে, বলেৰ' বাহনত অহা দুৰ্বৃত্তৰ দলটোৱে ট্ৰাকখন ৰখাই বলপূূৰ্বকভাৱে ট্ৰাক চালকজনক বাহিৰলৈ উলিয়াই আনি মাৰ-পিট কৰে ।
চিঞৰ-বাখৰ শুনি স্থানীয় লোকসকল ঘটনাস্থলীত আহি উপস্থিত হয় আৰু প্ৰদীপ দেৱনাথক চিকিৎসালয়লৈ লৈ যায় । কিন্তু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । আনহাতে, হেণ্ডিমেনজনে সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় আৰু হেণ্ডিমেনজনৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ।
লগতে পঢ়ক:পিএছএলভি-চি51 অভিযানৰ কাউণ্ট ডাউন আৰম্ভ