ETV Bharat / bharat

Mother on Campus : ত্ৰিপুৰাৰ হোষ্টেলৰ আৱাসীৰ বাবে নতুন আঁচনি - ত্ৰিপুৰাৰ ৰাজ্য চৰকাৰ

শিক্ষাৰ্থীসকলৰ সুবিধাৰ অৰ্থে ত্ৰিপুৰাৰ ৰাজ্য চৰকাৰে মুকলি কৰিছে Mother on Campus শীৰ্ষক এক আঁচনি ৷ ৰাজ্যখনৰ শিক্ষামন্ত্ৰী ৰতনলাল নাথে সদৰী কৰিছে এই কথা ৷

ত্ৰিপুৰাৰ হোষ্টেলৰ আৱাসীৰ বাবে নতুন আঁচনি
Mother on Campus
author img

By

Published : Nov 16, 2021, 5:34 PM IST

আগৰতলা, 16 নৱেম্বৰ : ত্ৰিপুৰাৰ শিক্ষাখণ্ডক শক্তিশালী কৰাৰ উদ্দেশ্যে চৰকাৰে হোষ্টেলত বাস কৰা শিক্ষাৰ্থীসকলৰ বাবে 'Mother On Campus' নামৰ এক নতুন আঁচনি মুকলি কৰিছে ৷ ৰাজ্যখনৰ শিক্ষামন্ত্ৰী ৰতনলাল নাথে ভৱিষ্যত প্ৰজন্মৰ শিক্ষাৰ্থীৰ সুবিধাৰ হকে এই আঁচনি মুকলি কৰা বুলি জানিবলৈ দিয়ে ৷

হোষ্টেলত মাতৃসকলৰ উপস্থিতিয়ে শিক্ষাৰ্থীসকলক তেওঁলোকৰ প্ৰশিক্ষণ গ্ৰহণ আৰু শিক্ষাৰ পৰিৱেশ উন্নত কৰাত সহায় কৰিব ৷ কিয়নো মাতৃসকল তেওঁলোকৰ সন্তানৰ সৈতে অতি ঘনিষ্ঠ ৷ মাতৃসকল হৈছে এগৰাকী শিক্ষাৰ্থীৰ প্ৰথম শিক্ষক ৷ সেই কথা মনত ৰাখি শিক্ষা বিভাগে 'Mother On Campus' আঁচনি মুকলিৰ সিদ্ধান্ত লোৱা বুলি শিক্ষা মন্ত্ৰী নাথে সদৰী কৰে ৷

লগতে চাওক: ৰাঘৱ জুয়ালৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ : ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

তেওঁ জনায় যে, বৰ্তমান ২০০৪ চনৰ ছাত্ৰাৱাসসমূহ জনজাতীয় কল্যাণ, সংখ্যালঘু আৰু উচ্চতম ন্যায়ালয় বিভাগৰ অধীনত আছে ৷ তাৰ বিপৰীতে সকলো হোষ্টেল ৰাজ্যখনৰ শিক্ষা বিভাগৰ দ্বাৰা পৰিচালিত হৈ আছে ৷

এই আঁচনিৰ জৰিয়তে দুগৰাকী মাতৃক এসপ্তাহৰ বাবে হোষ্টেলত থকাৰ অনুমতি দিয়া হ’ব ৷ তাৰ পিছৰ সপ্তাহত আন দুগৰাকী মাতৃ হোষ্টেললৈ আহিব পাৰিব ৷ এই প্ৰক্ৰিয়াই কেৱল তেওঁলোকৰ সন্তানক নহয়, বৰং হোষ্টেলত বাস কৰা প্ৰতিগৰাকী শিক্ষাৰ্থীক সুৰক্ষা প্ৰদানত সহায়ক হ’ব ৷ তদুপৰি ইয়ে হোষ্টেলৰ অধীক্ষকক হোষ্টেল পৰিচালনা কৰাত সহায় কৰিব ৷ মাকৰ বাবে তেওঁলোকৰ সন্তানৰ সৈতে সময় কটোৱাৰ বাহিৰে কোনো কৰ্তব্য নাথাকিব ৷

অৱশ্যে সময়-সুবিধা অনুযায়ী এগৰাকী মাতৃয়ে ৩-৪ দিনৰ পিছত ঘৰলৈ যাব পাৰিব ৷ এই আঁচনিবোৰৰ অধীনত কেৱল মাতৃসকলক হোষ্টেলত থকাৰ অনুমতি প্ৰদান কৰা হ’ব ৷ তদুপৰি ছাত্ৰসকলৰ হোষ্টেলত মাতৃসকল থকাৰ বাবে পৃথক কোঠাৰ ব্যৱস্থা কৰা হ'ব বুলি ৰাজ্যখনৰ শিক্ষামন্ত্ৰী ৰতনলাল নাথে সদৰী কৰে ৷

শিক্ষামন্ত্ৰী নাথে লগতে কয় যে, যদিহে হোষ্টেলত মাতৃসকলৰ বাবে থাকিবলৈ পৃথক বাসস্থানৰ অভাৱ ঘটে, তেন্তে আঁচনিখন পৰ্যাপ্ত সুবিধা নোহোৱালৈকে স্থগিত ৰখা হ'ব ৷

লগতে চাওক: বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন জয় কিষাণলৈ টেনজিং নৰগে দু:সাহসিক পৰ্বতাৰোহন বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.