ETV Bharat / bharat

দুৰ্ঘটনাৰ লগতে অপৰাধৰ সংখ্য়া হ্ৰাস কৰিবলৈ ত্ৰিপুৰাত তহলদাৰী বাহন মুকলি

author img

By

Published : Aug 22, 2022, 10:17 PM IST

ত্ৰিপুৰাত যান বাহন দুৰ্ঘটনাৰ লগতে অপৰাধৰ সংখ্য়া হ্ৰাস কৰিবলৈ গ্ৰহণ কৰা হৈছে এক পদক্ষেপ । এই উদ্দেশ্য়ে ঘাইপথ তহলদাৰী বাহন মুকলি কৰে মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই(Tripura CM Dr Manik Saha)।

Tripura CM Dr Manik Saha
দুৰ্ঘটনাৰ লগতে অপৰাধৰ সংখ্য়া হ্ৰাস কৰিবলৈ ত্ৰিপুৰাত তহলদাৰী বাহন মুকলি

আগৰতলা, ২২ আগষ্ট: দেশত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে যান-বাহনৰ দুৰ্ঘটনা (Road traffic accident in Tripura) আৰু ঘাইপথ সম্পৰ্কীয় অপৰাধৰ সংখ্য়া । এনে ধৰণৰ দুৰ্ঘটনাৰ লগতে অপৰাধৰ সংখ্য়া হ্ৰাস কৰিবলৈ ত্ৰিপুৰাত এক পদক্ষেপ গ্ৰহণ কৰা হৈছে । মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই (Tripura CM Dr Manik Saha) সোমবাৰে আগৰতলাত এনে পদক্ষেপৰ অংশৰূপে চাৰিখন ৰাষ্ট্ৰীয় ঘাইপথত তহল দিয়া বাহনৰ শুভাৰম্ভ কৰে ৷

এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ডাঃ সাহাই কয় যে পথত যান-বাহনৰ ঘটনাৰ বাবে মৃত্যুৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে ৷ তেওঁ কয়, ‘‘ত্ৰিপুৰা আৰক্ষীয়ে এনে ধৰণৰ পদক্ষেপ লোৱাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানক(DGP of Tripura)ধন্যবাদ জ্ঞাপন কৰিছো। এই চাৰিখন বাহন আগৰতলা-চাব্ৰুম ৰাষ্ট্ৰীয় ঘাইপথত 24/7 কৰ্তব্যৰত থাকিব(four 24/7 Highway Patrolling vehicle)।’’ এই বাহন কেইখনে পশ্চিম ত্ৰিপুৰা, গোমতী, চেপাহিজালা আৰু দক্ষিণ ত্ৰিপুৰা জিলাক সামৰি ল'ব বুলি উল্লেখ কৰি এনেধৰণৰ টহলদাৰী পথ যান-বাহন দুৰ্ঘটনা যথেষ্ট হ্ৰাস পাব বুলি কয় ।

মুখ্যমন্ত্ৰী ডাঃ সাহাই পুনৰ কয় যে, বেছিভাগ চালকে বাহনখন নিচাগ্ৰস্ত অৱস্থাত চলায় । এই বাহনবোৰে পৰৱৰ্তী পথ দুৰ্ঘটনা বন্ধ কৰিবলৈ এই চালকসকলক সহজে বিচাৰি উলিয়াব পাৰিব । উল্লেখ্য় যে, এই বাহনখনৰ ভিতৰত ব্ৰেথিং এনালাইজাৰ(Breathing analyzer),স্পীড মেচিন(speed machines)স্থাপন কৰা হৈছে ।

মুখ্যমন্ত্ৰী ডাঃ সাহাই কয়, ‘‘ৰাজ্যখনৰ বাহিৰৰ পৰা ৰাজ্যখনত ১০,০০০তকৈও অধিক বাহন প্ৰৱেশ কৰে । প্ৰতি মাহে প্ৰায় 8 শতাংশ যান-বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে । আমি ইয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছো’’ । তেওঁ আৰক্ষী সঞ্চালক প্ৰধানক এনে অপৰাধৰ সংখ্যা হ্ৰাস কৰাৰ বাবে সকলো সম্ভৱ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া বুলি কয় । ভৱিষ্য়তে আৰু অধিক বাহন মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীৰ কনভয়লৈ শিলগুটি নিক্ষেপ দুৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.