ETV Bharat / state

ধিংকাণ্ডত মৃত্যু হোৱা তফাজ্জুল আৰু অভিযুক্ত তফাজ্জুল দুজন ভিন্ন ব্যক্তি ! চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ আদালতৰ - Dhing rape case

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 10:07 PM IST

Updated : Sep 16, 2024, 10:37 PM IST

Gauhati HC on Dhing rape case : ধিঙৰ ধৰ্ষণকাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ কৰা তফাজ্জুল হুছেইনৰ মৃত্যুক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি গ্ৰহণ ৷ মৃত তফাজ্জুল হুছেইনৰ মৰণোত্তৰ পৰীক্ষাৰ পৰা আৰম্ভ কৰি গ্ৰেপ্তাৰৰ সন্দৰ্ভত সকলো নথি আদালতত দাখিল কৰাৰ নিৰ্দেশ ।

Gauhati HC on Dhing rape case
গুৱাহাটী উচ্চ ন্যায়ালয় (ETV Bharat Assam)

গুৱাহাটী, 16 ছেপ্টেম্বৰ : ৰাজ্যজুৰি চৰ্চিত ধিঙৰ ধৰ্ষণকাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ কৰা তফাজ্জুল হুছেইনৰ মৃত্যুক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত সোমবাৰে এক গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰা হয় ৷ মৃত তফাজ্জুল আৰু ধৰ্ষণত অভিযুক্ত তফাজ্জুল দুজন ভিন্ন ব্যক্তি বুলি মৃত তফাজ্জুল হুছেইনৰ পৰিয়ালে অভিযোগ দিয়া সন্দৰ্ভত আদালতে অসম চৰকাৰ তথা অসম আৰক্ষীৰ পৰা স্পষ্টতা বিচাৰিছে । লগতে মৃত তফাজ্জুল হুছেইনৰ মৰণোত্তৰ পৰীক্ষাৰ পৰা আৰম্ভ কৰি গ্ৰেপ্তাৰৰ সন্দৰ্ভত সকলো নথি আদালতত দাখিল কৰাৰ বাবে গৃহ বিভাগক আজি নিৰ্দেশ দিয়ে ।

উল্লেখ্য যে, ধিঙৰ ধৰ্ষণকাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ কৰা তফাজ্জুল হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছিল । আৰক্ষীৰ মতে, পিচত আৰক্ষীৰ জিম্মাৰ পৰা পলাই পুখুৰীত পৰি তফাজ্জুলৰ মৃত্যু হৈছিল ৷ পিচত পৰিয়ালৰ লোকে আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা তফাজ্জুলৰ পৰিয়ালৰ লোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল ৷ পৰিয়ালৰ লোকে অভিযোগ কৰা‌ মতে, মৃত তফাজ্জুলৰ শৰীৰত আঘাতৰ চিন আছিল ৷ হাত বন্ধাৰ চিন আছিল ।

পৰিয়ালৰ লোকে গোচৰত উল্লেখ কৰা‌ মতে, তফাজ্জুলৰ মৃতদেহৰ‌ কোনো মৰণোত্তৰ‌ প্ৰতিবেদন পৰিয়ালক দিয়া নাই । লগতে মৃত তফাজ্জুল আৰু ধৰ্ষণত অভিযুক্ত তফাজ্জুল দুজন ভিন্ন ব্যক্তি বুলি মৃত তফাজ্জুল হুছেইনৰ পৰিয়ালে অভিযোগ দিছে ৷ এই সন্দৰ্ভত আজি আদালতে শুনানি গ্ৰহণ কৰে ৷

এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুনাইদ খালিদে কয়, ‘‘গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মানস ৰঞ্জন পাঠক আৰু ন্যায়ধীশ সৌমিত্ৰা শইকীয়া দুজনীয়া খণ্ড বিচাৰপীঠে আজি ধিং আৰক্ষী জিম্মাত ধিং ঘটনাৰ সৈতে সম্পৰ্কিত তফাজ্জুল হুছেইনৰ জিম্মাত মৃত্যুৰ বাবে ডব্লিউ পি চি নং 4662/2024 অধীনত অসম চৰকাৰক জাননী জাৰি কৰিছে ৷ মৃত তফাজ্জুলৰ 74 বছৰীয়া পিতৃ আব্দুল আৱালে তেওঁৰ পুত্ৰৰ মৃত্যুৰ বাবে জিম্মাগত ক্ষতিপূৰণ আৰু ন্যায়িক তদন্তৰ বাবে আবেদনখন দাখিল কৰিছিল । এই সন্দৰ্ভত সকলো তথ্য শপতনামা আকাৰে অহা 4 নৱেম্বৰত আদালতত জমা দিয়াৰ বাবে নিৰ্দেশ দিয়া হৈছে ।’’

লগতে পঢ়ক : আৰক্ষীয়ে নোৱাৰিলে ! সংখ্যালঘু সংগঠনেহে আত্মসমৰ্পণ কৰোৱালে ধিঙৰ ধৰ্ষণকাণ্ডৰ দুই অভিযুক্তক

ধিংকাণ্ডৰ আত্মসমৰ্পণকাৰী দুই অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীৰ হাতত আছে তথ্য-প্ৰমাণ

আৰক্ষীৰ জিম্মাত ধিংকাণ্ডৰ অভিযুক্তৰ মৃত্যু: উচ্চ ন্যায়ালয়ত আজি প্ৰথমটো শুনানি

Last Updated : Sep 16, 2024, 10:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.