ETV Bharat / state

উত্তৰ গুৱাহাটীত আইন ভৰিৰে মোহাৰি নিৰ্মাণ বিলাসী আবাস; কাক জৰিমনা বিহিলে সেউজ ন্যায়াধিকৰণে ? - Green Tribunal

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 9:58 PM IST

NGT Penalty on ReaL Estate company : উত্তৰ গুৱাহাটীত আইন উলংঘা কৰি ৩০ বিঘা মাটিত বিলাসী ভিলা-ফ্লেট নির্মাণ । ৰিয়েল ইষ্টেট কোম্পানীক জৰিমনাৰ নিৰ্দেশ সেউজ ন্যায়াধিকৰণৰ ।

NGT Penalty on ReaL Estate company
উত্তৰ গুৱাহাটীত আইন ভৰিৰে মোহাৰি নিৰ্মাণ বিলাসী আবাস (ETV Bharat Assam)

গুৱাহাটী, ১৬ ছেপ্টেম্বৰ : কৃত্ৰিম বানত ভয়াৱহভাৱে আক্ৰান্ত গুৱাহাটী মহানগৰ । ভাৰাক্ৰান্ত হৈ পৰিছে মহানগৰ । গুৱাহাটীৰ সমান্তৰালভাৱে এতিয়া দ্ৰুত গতিত নিৰ্মাণ খণ্ডৰ বিকাশ ঘটিছে উত্তৰ গুৱাহাটীত । উত্তৰ গুৱাহাটীতো এতিয়া আৰম্ভ হৈছে কৃত্ৰিম বানৰ ব্যাপক প্ৰভাৱ ৷

আনহাতে, আইন উলংঘা কৰি মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি উত্তৰ গুৱাহাটীত জধেমধে নিৰ্মাণকাৰ্য চলাই সেউজ ন্যায়াধিকৰণৰ জৰিমনাৰ সন্মুখীন হৈছে 'মেছাৰ্ছ আর্য ইৰেক্টৰ্ছ ইণ্ডিয়া প্রাইভেট লিমিটেড' নামৰ নিৰ্মাণ প্ৰতিষ্ঠানটি ৷

উত্তৰ গুৱাহাটী বৃহৎসংখ্যক গ্ৰাহকৰ বাবে বিলাসী ভিলা আৰু ফ্লেট নির্মাণ কৰিছিল উল্লিখিত প্ৰতিষ্ঠানটোৱে ৷ উত্তৰ গুৱাহাটীৰ অভয়পুৰত 'আর্য স্মার্ট লিভিং' নামৰ প্ৰতিষ্ঠানটোৱে প্রায় এশ কোটি টকা ব্যয়সাপেক্ষে প্রায় ৩০ বিঘা মাটিত প্রকল্পটো নিৰ্মাণ কৰিছিল ৷ কিন্তু বৃহৎ পৰিমাণৰ টকা বিনিয়োগ কৰিও কৃত্ৰিম বানৰ বাবে বিলাসী ভিলা আৰু ফ্লেটৰ নামত জীয়াতু ভুগিবলগীয়া হ’ল গ্ৰাহকসকলে ৷

নিৰ্মিত ফ্লেট আৰু ভিলাৰ বাসিন্দাসকলে আৰম্ভণিৰে পৰাই সন্মুখীন হ’বলগীয়া হৈছে কৃত্ৰিম বানৰ ৷ ফলত বিভিন্ন আইনী প্ৰক্ৰিয়াৰ অন্তত সেউজ ন্যায়াধিকৰণৰ কাষ চাপে একাংশ বাসিন্দা ৷ এই প্রকল্পত আবাস গৃহ ক্ৰয় কৰা চাৰিজন ব্যক্তিয়ে দাখিল কৰা আবেদনৰ ভিত্তিত সেউজ ন্যায়াধিকৰণে এই জৰিমনা বিহে নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোক ।

কলকাতাত থকা সেউজ ন্যয়াধিকৰণ, পূব মণ্ডল বিচাৰপীঠে পৰিৱেশ নিষ্কাশনৰ চৰ্ত আৰু ই আই এ অধিসূচনা, ২০০৬ উলংঘা কৰাৰ বাবে উত্তৰ গুৱাহাটীৰ আৰ্য স্মাৰ্ট লিভিং টাউনশ্বিপ প্ৰকল্পটোৰ অবৈধ অংশটোৰ খৰচৰ ওপৰত প্ৰতিষ্ঠানটোক ১% জৰিমনা বিহে । অৱশেষত আইন উলংঘা কৰি নিৰ্মাণকাৰ্য চলোৱাৰ বাবে নির্মাণকাৰী প্ৰতিষ্ঠানটোক ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণে দোষী সাব্যস্ত কৰি জৰিমনা বিহিছে ।

আনহাতে, সেউজ ন্যায়াধিকৰণে ৰাজ্যিক পৰ্যায়ৰ পৰিৱেশ প্রভাৱ নিৰূপণ কর্তৃপক্ষ (এফ ই আই এ এ), অসম আৰু অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্রণ পৰিষদক নিৰ্ধাৰিত চর্ত আৰু নীতি-নিয়ম উলংঘা কৰা 'মেছাৰ্ছ আর্য ইৰেক্টৰ্ছ ইণ্ডিয়া প্রাইভেট লিমিটেড'ৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰো নির্দেশ জাৰি কৰিছে ।

কি কি নীতি উলংঘা কৰিছিল বিল্ডাৰ্ছে ?

সেউজ ন্যায়াধিকৰণত কৰা আবেদন অনুসৰি জনা যায় যে উত্তৰ গুৱাহাটীত 'আর্য স্মার্ট লিভিং' প্ৰকল্পটোৰ বাবে নির্মাণ কোম্পানীটোৱে ২০১৪ চনত মুঠ ২৮.৪ বিঘা মাটিত ভিলা আৰু ফ্লেট নিৰ্মাণৰ বাবেহে পৰিৱেশ সম্পর্কীয় অনুমতি লৈছিল ৷ কিন্তু কোনো অনুমতি অবিহনে পিচত মুঠ ৩০ বিঘাত নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰে ।

ইয়াৰ উপৰি আছে

  • ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ পৰা লোৱা প্রকল্প কাৰ্যকৰী কৰাৰ অনুমতিৰ নৱীকৰণ নকৰা
  • ভূতল জল উলিওৱাৰ বাবে কেন্দ্রীয় ভূজল কর্তৃপক্ষৰ পৰা অনুমতি নোলোৱা
  • লেতেৰা পানী নিষ্কাশন প্রকল্প ৰূপায়ণত হেমাহি
  • চৌহদৰ পৰা পানী ওলাই যোৱাৰ সু-ব্যৱস্থা নকৰা
  • পানী আবদ্ধ হৈ সৃষ্টি কৰা কৃত্ৰিম বান

কিমান জৰিমনা ভৰিব আইন নমনা বিল্ডাৰ্ছে ?

মেছাৰ্ছ আর্য ইৰেক্টৰ্ছ ইণ্ডিয়া প্রাইভেট লিমিটেডে প্ৰশাসনৰ পৰা লাভ কৰা অনুমোদনৰ নীতি উলংঘা কৰি অতিৰিক্তভাৱে দুবিঘা মাটিত অবৈধ নিৰ্মাণকাৰ্য চলাইছিল । ন্যায়াধিকৰণে নির্মাণ কোম্পানীটোক অবৈধভাবে দুবিঘা মাটিত অতিৰিক্তভাৱে নিৰ্মাণ কৰা প্ৰকল্পৰ নামত ব্যয় কৰা ধনৰ এক শতাংশ পৰিৱেশ ক্ষতিপূৰণ হিচাপে আদায় দিবলৈ নির্দেশ দিয়ে । এই ব্যয়ৰ পৰিমাণ নিৰূপণ কৰি কোম্পানীটোৱে আদায় দিবলগা পৰিৱেশ ক্ষতিপূৰণৰ পৰিমাণ নিৰ্ধাৰণ কৰিবলৈ ৰাজ্যিক পৰ্যায়ৰ পৰিৱেশ প্রভাৱ নিৰূপণ কর্তৃপক্ষ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক নির্দেশ দিয়া হৈছে ।

ক্ষতিপূৰণ আদায়ৰ পৰা ব্যৱস্থা গ্রহণলৈকে সকলো প্রক্রিয়া তিনি মাহৰ ভিতৰত সম্পূৰ্ণ কৰি প্রতিবেদন দাখিল কৰিবলৈ ন্যায়াধিকৰণে সময়সীমা নিৰ্ধাৰণ কৰি দিছে । সেউজ ন্যায়াধিকৰণৰ কলকাতাত থকা পূব মণ্ডল পীঠৰ অধ্যক্ষ ন্যায়াধীশ প্রকাশ শ্রীবাস্তৱ, ন্যায়াধীশ বি অমিত স্থলেকাৰ আৰু বিশেষজ্ঞ সদস্য অৰুণ কুমাৰ বাৰ্মাৰ বিচাৰপীঠে যোৱা ১২ ছেপ্টেম্বৰত এই ৰায়দান কৰে ।

পৰিৱেশ ক্ষতিপূৰণৰ উপৰি সেউজ ন্যায়াধিকৰণে নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোক অবৈধ নিৰ্মাণকাৰ্যৰ ফলত হোৱা পৰিৱেশৰ ক্ষতিৰ প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণৰ বাবেও লগতে নিৰ্দেশ দিয়ে । ন্যায়াধিকৰণে ডেভেলপাৰৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ এছ ই আই এ এ, অসম আৰু অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডক নিৰ্দেশ দিয়ে । দুয়োটা সংস্থাক তদন্ত সম্পূৰ্ণ কৰি এন জি টিত প্ৰতিবেদন দাখিল কৰিবলৈ তিনিমাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে ।

লগতে পঢ়ক :২০৪৫তত গুৱাহাটীত হ্ৰাস কৰা হ’ব ৪৫ শতাংশ সেউজীয়া আৱৰণ ! সংৰক্ষিত বনাঞ্চল, জলাশয় আৰু পাহাৰ সংৰক্ষণত কম গুৰুত্ব - Guwahati Master Plan 2045
লগতে পঢ়ক :গুৱাহাটীৰ পৰা গৈ দিল্লীৰ চিৰিয়াখানাত শোভাবৰ্ধন গঁড়-বাঘৰ - Guwahati Zoo

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.