নেশ্যনেল ডেস্ক, 10 জুলাই: দেশজুৰি পুনৰ গা কৰি উঠিছে ক'ভিড মহামাৰীয়ে (Covid 19 cases increases)৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ত্ৰিপুৰাত ক্ৰমাৎ বৃদ্ধি হৈছে ক'ভিড 19 ত আক্ৰান্তৰ সংখ্যা ৷ ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধিক লৈ ত্ৰিপুৰা উচ্চ ন্যায়ালত বিশেষ নিৰ্দেশনা জাৰি কৰে ( Tripura High Court on covid protocols)৷ ন্যায়ালয়ৰ অধিবক্তা তথা কৰ্মচাৰীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰে উচ্চ ন্যায়ালয়খনে (Covid cases increase in Tripura)৷
দেওবাৰে জাৰি কৰা এই নিৰ্দেশনা অনুসৰি ন্যায়ালয়ৰ ভিতৰত সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব ৷ লগতে জ্বৰৰ লক্ষণ থকা কোনো ব্যক্তিক কোনো পৰিস্থিতিত আদালত চৌহদত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ব ( Tripura High Court issued strict covid protocols)৷
যোৱা 24 ঘণ্টাত ৰাজ্যখনত 32 গৰাকী নতুনকৈ ক'ভিডত আক্ৰান্ত ৰোগী ধৰা পৰে ৷ এতিয়াৰ পৰা উচ্চ ন্যায়ালয়ৰ চৌহদত উপস্থিত সকলোৱে সামাজিক দূৰত্বৰ নিয়মসমূহ কঠোৰভাৱে আৰু বাধ্যতামূলকভাৱে মানি চলিব লাগিব ৷ ইয়াৰ উপৰিও ন্যায়ালয়ৰ চৌহদত সকলোৱে মাস্ক পৰিধান কৰাৰ লগতে চাবোন/চেনিটাইজাৰ ব্যৱহাৰ কৰি নিয়মীয়া ব্যৱধানত হাত পৰিষ্কাৰ কৰিব লাগিব ৷ এই নিয়মসমূহ ন্যায়ালয়ত কৰ্মৰত প্ৰতিজন ব্যক্তি তথা গোচৰ ৰুজু কৰিবলৈ অহা মোকৰ্দমাকাৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব ৷
ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়ক ডি এম জামতিয়াই লগতে কয় যে, জ্বৰৰ লক্ষণ থকা কোনো ব্যক্তিক কোনো পৰিস্থিতিত উচ্চ ন্যায়ালয়ৰ চৌহদত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ব ৷ বিশেষকৈ, জিলা ন্যায়াধীশ/ন্যায়াধীশ, পাৰিবাৰিক আদালতৰ সকলো প্ৰৱেশ পথত অধিবক্তা, মোকৰ্দমাকাৰী আৰু আদালতৰ বিষয়াসকলক হেণ্ড ৱাছ/চেনিটাইজাৰ প্ৰদান কৰাৰ বাবে সঠিক ব্যৱস্থা কৰিব লাগিব আৰু সামাজিক দূৰত্ব মানি চলাৰ লগতে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিবলৈ নিৰ্দেশনা দিয়ে ৷
লগতে পঢ়ক : ডিব্ৰুগড়ত পুনৰ ক'ভিড পজিটিভৰ সংখ্যা বৃদ্ধি