ETV Bharat / bharat

অপঞ্জীয়নকৃত ৰিক্সাৰ চলাচলত বাধা আৰোপৰ নিৰ্দেশ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ - ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ইন্দ্ৰজিৎ মহান্তি

ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে(Tripura High Court) ৰাজ্য চৰকাৰৰ লগতে অন্যান্য পৌৰ নিগমসমূহক তাৎক্ষণিকভাৱে পঞ্জীয়ন নকৰা ৰিক্সাসমূহৰ চলাচলত বাধা আৰোপ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে(Tripura High Court orders ban on unregistered rickshaws) । বেটাৰী চালিত পেডেল ৰিক্সাত যাত্ৰীৰ নিৰাপত্তা আৰু সুৰক্ষাক লৈ কৰা আবেদনৰ শুনানিত এই নিৰ্দেশ প্ৰদান কৰে ন্যায়ালয়ে ।

tripura hc orders prevention of unregistered rickshaws
পঞ্জীয়ন নকৰা ৰিক্সাৰ চলাচলত বাধা দিয়াৰ নিৰ্দেশ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ
author img

By

Published : Apr 11, 2022, 2:22 PM IST

আগৰতলা, ১১ এপ্ৰিল : অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি পোৱা, পঞ্জীয়ন নকৰা ৰিক্সাই সমস্যাত পেলাইছিল ত্ৰিপুৰাৰ জনতাক । বিশেষকৈ আগৰতলা আৰু ত্ৰিপুৰাত পঞ্জীয়ন নকৰা ৰিক্সাৰ অনিয়ন্ত্ৰিত চলাচলৰ ওপৰত দাখিল কৰা হৈছিল এখন আবেদন(Public Interest Litigation) । এই সন্দৰ্ভত ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ইন্দ্ৰজিৎ মহান্তি আৰু ন্যায়াধীশ এছ জি চেটাৰ্জীৰ বিচাৰপীঠে সেই আবেদনৰ শুনানি গ্ৰহণ কৰে ।

শুনানিত ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে(Tripura High Court) ৰাজ্য চৰকাৰৰ লগতে অন্যান্য পৌৰ নিগমসমূহক তাৎক্ষণিকভাৱে পঞ্জীয়ন নকৰা ৰিক্সাসমূহৰ চলাচলত বাধা আৰোপ কৰাৰ নিৰ্দেশ প্ৰদান কৰে (Tripura High Court orders ban on unregistered rickshaws) ।

শুনানিৰ সময়ত ন্যায়ালয়ে অ-পঞ্জীয়নকৃত বেটাৰী চালিত পেডেল ৰিক্সাৰ চলাচলৰ ফলত সংঘটিত হোৱা দুৰ্ঘটনাত যাত্ৰী আৰু চালকৰ নিৰাপত্তা সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে । ন্যায়ালয়ে দিয়া নিৰ্দেশ অনুসৰি, ত্ৰিপুৰাত ৰিক্সাৰ চলাচল কৰাতো অত্যাৱশ্যকীয় । কিন্তু পঞ্জীয়ন নকৰা ৰিক্সাসমূহে অধিক বিপদ মাতি আনে । সেয়েহে ৰাজ্য চৰকাৰৰ লগতে আগৰতলা পৌৰ নিগম আৰু আন সকলো পৌৰ পৰিষদ আৰু সংস্থাক তৎক্ষণাত পঞ্জীয়ন নকৰা ৰিক্সাসমূহৰ চলাচলত বাধা আৰোপ কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰে ।

লগতে ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে যে, ৰাজ্যৰ দ্বাৰা বান্ধি দিয়া নিয়ম অনুসৰি প্ৰয়োজনীয় পঞ্জীয়ন কাৰ্যকৰী কৰা হ'ব, যদিহে পঞ্জীয়নৰ সময়ত নিয়মাৱলী কঠোৰভাৱে পালন কৰা হয় । ৰিক্সাচালক আৰু ৰাইজৰ স্বাৰ্থত ৰিক্সা চলোৱাৰ সময়তো নিয়মসমূহ পালন কৰাটো নিশ্চিত কৰিবলৈ সঘনাই পৰিদৰ্শন কৰা প্ৰয়োজন বুলিও ন্যায়ালয়ে প্ৰকাশ কৰে ।

লগতে পঢ়ক: পাকে টাইগাৰ ৰিজাৰ্ভত কেন্দ্ৰীয় বনমন্ত্ৰীৰ হাতত ৮২ টা এয়াৰ গান সমৰ্পণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.