ETV Bharat / bharat

Tripura financial budget 2022-23: প্ৰায় ২৬,৮৯২ কোটি টকাৰ কৰ মুক্ত বাজেট দাখিল ত্ৰিপুৰা চৰকাৰৰ - Budget session of Tripura assembly

ত্ৰিপুৰা চৰকাৰৰ বিত্তীয় বাজেট দাখিল (Jishnu Dev Verma submits state financial budget)। বিত্ত মন্ত্ৰী জিষ্ণু দেৱ বাৰ্মাই দাখিল কৰিলে ২৬৮৯২.৬৭ কোটি টকাৰ কৰ মুক্ত ৰাজ্যিক বিত্তীয় বাজেট । ১০০০ কোটি টকাৰ 'সুৱৰ্ণ জয়ন্তী ত্ৰিপুৰা নিৰ্মাণ যোজনা' নামৰ এক নতুন আঁচনি ঘোষণা ত্ৰিপুৰা চৰকাৰৰ ।

Tripura financial budget
ত্ৰিপুৰা চৰকাৰৰ বিত্তীয় বাজেট দাখিল
author img

By

Published : Mar 18, 2022, 12:59 PM IST

আগৰতলা,১৮ মাৰ্চ : বৃহস্পতিবাৰৰ পৰা ৫ দিনীয়াকৈ আৰম্ভ হৈছে ত্ৰিপুৰা বিধানসভাৰ বাজেট অধিৱেশন (Budget session of Tripura assembly) । প্ৰথমটো দিনতে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী তথা বিত্ত মন্ত্ৰী জিষ্ণু দেৱ বাৰ্মাই দাখিল কৰে ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেট (Jishnu Dev Verma submits state financial budget)। ২৬৮৯২.৬৭ কোটি টকাৰ কৰ মুক্ত বাজেট দাখিল কৰে মন্ত্ৰীগৰাকীয়ে । বাজেটৰ সময়ত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে যোৱা বছৰৰ বাজেটতকৈ এই বাজেটৰ ধনৰাশি ১৮.৩৪ শতাংশ বেছি ।

আন্তঃগাঁথনিৰ ক্ষেত্ৰত বৃহৎ পৰিমাণৰ বিনিয়োগত গুৰুত্ব দিছে চৰকাৰে । যাৰ বাবে পূৰ্বতকৈ মূলধন ব্যয় দুগুণ কৰি ৫,২৮৫ কোটি টকা কৰা হৈছে । যোৱা বছৰ ইয়াৰ পৰিমাণ আছিল ২,৬৫১ কোটি টকা । প্ৰায় ৫৯৬.৫২ কোটি টকা ঘাটি বাজেটৰ সৈতে ২০২২-২৩ বৰ্ষৰ বাজেট দাখিল কৰিছে বিত্ত মন্ত্ৰীয়ে ।

বাজেট দাখিলৰ সময়ত দেৱ বাৰ্মাই কয় যে, চৰকাৰে ছটাকৈ নতুন আঁচনিৰ বাবে ১৫২.৫০ কোটি টকা ব্যয় কৰিব আৰু ত্ৰিপুৰাত ১৯ টা নতুন প্ৰকল্পৰ বাবে ৫১৮.৯৩ কোটি টকা ব্যয় কৰিব ।

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে যোৱা দুবছৰত ক'ভিড-১৯ মহামাৰীয়ে সমগ্ৰ বিশ্বৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলাইছে । ক'ভিড-১৯ৰ প্ৰত্যাহ্বান স্বত্বেও, ৰাজ্য চৰকাৰে বহুমুখী ৰণনীতিৰে বাজেট প্ৰস্তুত কৰিছে । যাৰ বাবে ২০২১-২২ বিত্তীয় বৰ্ষত ৰাজ্যিক জি.এছ.ডি.পিক আনুমানিক ১২.১৬ শতাংশ হাৰত বৃদ্ধি কৰিবলৈ সক্ষম হৈছে । ৰাজ্যিক জি.এছ.ডি.পি. ২০২২-২৩ বিত্তীয় বৰ্ষত নিৰন্তৰ মূল্যত প্ৰায় ১৩.২৮ শতাংশলৈ বৃদ্ধি হ'ব বুলি অনুমান কৰা হৈছে ।

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে ২০২২-২৩ বিত্তীয় বৰ্ষত শিক্ষা খণ্ডৰ উন্নয়নৰ বাবে প্ৰায় ৫,০২৬ কোটি টকা ধাৰ্য কৰা হৈছে । শিক্ষাখণ্ডৰ ক্ষেত্ৰত ২০২১-২২ বৰ্ষৰ আনুমানিক বাজেটতকৈ ২০২২-২০২৩ বৰ্ষৰ আনুমানিক বাজেট ২০.৬৬ শতাংশ বৃদ্ধি কৰা হৈছে । ইফালে স্বাস্থ্য খণ্ডত ২০২২-২৩ বৰ্ষত আনুমানিক বাজেট ১,৭৭৭ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে যি যোৱা বছৰৰ তুলনাত ২৩ শতাংশ বৃদ্ধি কৰা হৈছে ।

দেৱ বাৰ্মাই জনোৱা মতে ত্ৰিপুৰাত প্ৰথমবাৰৰ বাবে ১০০০ কোটি টকাৰ 'সুৱৰ্ণ জয়ন্তী ত্ৰিপুৰা নিৰ্মাণ যোজনা' নামৰ এক নতুন আঁচনি আৰম্ভ কৰা হৈছে (Tripura government announces new scheme)। আনহাতে উন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত আছে পথ, সৈনিক বিদ্যালয়, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়, মহিলা সৱলীকৰণ অভিযান, মুখ্যমন্ত্ৰীৰ চাহ শ্ৰমিক কল্যাণ প্ৰকল্প, মুখ্যমন্ত্ৰী ত্ৰিপুৰা গ্ৰাম সমৃদ্ধি যোজনা, কৃষি উন্নয়ন গৱেষণা-তথা-প্ৰশিক্ষণ কেন্দ্ৰ, ক্ৰীড়াৰ আন্তঃগাঁথনি, অগৰু বাণিজ্য কেন্দ্ৰ, মনোৰোগ চিকিৎসালয়, ৰবৰ মিনি মিছন, সত্যজিৎ ৰায় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান আদি ।

লগতে পঢ়ক :Budget session of Tripura Assembly : বাজেট অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীৰ সদন ত্যাগ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.