নেশ্যনেল ডেস্ক,১৮ মে': ত্ৰিপুৰা চৰকাৰে শিক্ষাৰ্থীৰ সুবিধাৰ্থে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ । তাৰ ভিতৰত অন্যতম হৈছে শিক্ষাৰ্থীৰ বাবে "বন্দে ত্ৰিপুৰা" নামৰ সুকীয়া টিভি চেনেল । শিক্ষা বিভাগৰ তৰফৰ পৰা ২৪ ঘণ্টাই উপলব্ধ এই টিভি চেনেল খোলাৰ পদক্ষেপক এতিয়া বিভিন্নজনে প্ৰশংসা কৰিছে ।
সোমবাৰে ত্ৰিপুৰা চৰকাৰে শিক্ষাৰ্থীসকলৰ বাবে উৎসৰ্গিত ২৪×৭ কেবল টিভি চেনেল খোলাৰ পদক্ষেপক কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও প্ৰশংসা কৰিছে । ত্ৰিপুৰাৰ শিক্ষা বিভাগে চেনেলটোৰ বিষয়বস্তুৰ বাবে সম্পূৰ্ণৰূপে দায়বদ্ধ হ'ব যিয়ে ত্ৰিপুৰাৰ বিদ্যালয়সমূহত আয়োজিত বিভিন্ন বিষয়ৰ বিতং বিশ্লেষণ প্ৰদান কৰিব বুলি ধাৰণা কৰা হৈছে ।
![BANDE TRIPURA](https://etvbharatimages.akamaized.net/etvbharat/prod-images/tripura-channel_18052021004727_1805f_1621279047_1078.jpg)
বিত্তমন্ত্ৰীগৰাকীয়ে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ আৰু উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱবৰ্মাক প্ৰশংসা কৰি টুইট কৰে । টুইটযোগে তেওঁ কয় যে, কৰ'ণাৰ এই পৰিস্থিতিৰ মাজত শিক্ষা ব্যৱস্থা অব্যাহত ৰখাৰ বাবে ৰাজ্য চৰকাৰখনৰ এই পদক্ষেপ প্ৰশংসনীয় ।
ইফালে শিক্ষাৰ্থীৰ সুবিধাৰ্থে টিভি চেনেল মুকলি কৰি মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কয় যে শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে ৰাজ্য চৰকাৰে ২৪ টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । তাৰ ভিতৰত মহামাৰীৰ মাজত শিক্ষাৰ্থীসকলক তেওঁলোকৰ শিক্ষাত সহায় কৰিবলৈ 'বন্দে ত্ৰিপুৰা' চেনেল মুকলি কৰা হৈছে অন্যতম পদক্ষেপ ।
![BANDE TRIPURA](https://etvbharatimages.akamaized.net/etvbharat/prod-images/tripura-channel_18052021004727_1805f_1621279047_90.jpg)
মুখ্যমন্ত্ৰীগৰাকীৰ মতে এনচিইআৰটিৰ পাঠ্যক্ৰম প্ৰৱৰ্তন, শিক্ষাবৰ্ষৰ পৰিৱৰ্তন, সকলোৰে বাবে কেন্দ্ৰীভূত পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰৱৰ্তন, ত্ৰিপুৰা বিজ্ঞান আৰু গণিত প্ৰতিভা অনুসন্ধান পৰীক্ষা, প্ৰাক-ব'ৰ্ড পৰীক্ষা প্ৰণালী, টিবিএছইক চিবিএছই আৰু বছাৰ বচাওলৈ ৰূপান্তৰ কৰা, বঙালী মাধ্যমৰ বিদ্যালয়সমূহক ইংৰাজী মাধ্যমলৈ ৰূপান্তৰ কৰা ইত্যাদি পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ।
![BANDE TRIPURA](https://etvbharatimages.akamaized.net/etvbharat/prod-images/tripura-channel_18052021004727_1805f_1621279047_1089.jpg)
আনহাতে, শিক্ষামন্ত্ৰী ৰতনলাল নাথে কয় যে বৰ্তমানৰ ক'ভিড-১৯ পৰিস্থিতিৰ বাবে বিদ্যালয়সমূহ ১৪ মাহৰ বাবে বন্ধ আছিল । যদিও বিদ্যালয়সমূহ পুনৰ খোলা হৈছিল, কৰ'না ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে সেইবোৰ পুনৰ বন্ধ কৰিব লগা হৈছে ।
তেওঁ লগতে কয় যে, 'নতুন দিশা' কাৰ্যকৰী হোৱাৰ লগে লগে শিক্ষাৰ মানদণ্ড যথেষ্ট উন্নত হৈছে কিন্তু যিহেতু বিদ্যালয়সমূহ ১৪ মাহ ধৰি বন্ধ হৈ আছে, শিক্ষাৰ্থীসকলে তেওঁলোকৰ শিক্ষাত ৩৬ শতাংশ লোকচানৰ সন্মুখীন হৈছে । এই ক্ষতি পূৰণৰ বাবে এই নতুন শৈক্ষিক চেনেলটো মুকলি কৰা হৈছে ।
এক চৰকাৰী প্ৰেছ বিজ্ঞপ্তি অনুসৰি চেনেলটোৱে প্ৰাথমিকৰ পৰা উচ্চ শিক্ষালৈ শিক্ষাদান সন্দৰ্ভত বিভিন্ন বিষয় সম্প্ৰচাৰ কৰাৰ উপৰিও শৈক্ষিক আলোচনা আৰু অন্যান্য শৈক্ষিক সমল সম্প্ৰচাৰ কৰিব । বৰ্তমান চেনেলটো ৰাজ্যখনৰ ৯০ শতাংশ এলেকাত জিপিটিএল কেবল নেটৱৰ্ক ,সৃষ্টি হেথৱে কেবল নেটৱৰ্ক, জিঅ' টিভি আৰু ইউটিউব চেনেল আৰু অন্যান্য ক্লাউড নেটৱৰ্কত উপলব্ধ হ'ব।
লগতে পঢ়ক:ভাৰতৰ ক’ভিড পৰীক্ষাৰ তথ্য সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ দাবীক নস্যাৎ