নেশ্যনেল ডেস্ক,১৯ ছেপ্টেম্বৰ: সোমবাৰে সন্ধিয়া এক সংবাদমেল সম্বোধন(Minister Sushant Chaudhary press conference) কৰি ত্ৰিপুৰাৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰীয়ে কয় যে ৰাজ্যখনত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত সামাজিক পেঞ্চন ৫০০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি কৰা হৈছে(Tripura government decides to increase pension) । প্ৰতিগৰাকী হিতাধিকাৰীয়ে ১০০০ টকাকৈ লাভ কৰিবলৈ সক্ষম হৈছে ।
সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে ত্ৰিপুৰা চৰকাৰে সামাজিক পেঞ্চন ২০০০ টকালৈকে বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে(Tripura government providing Rs 2000 as pension) । আৰু সেই প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ ১ অক্টোবৰৰ পৰা ২০০০ টকাৰ পেঞ্চন প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । অতিৰিক্তভাৱে ১০০০ টকা বৃদ্ধি কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৩২ খন আঁচনিৰ অধীনত জনসাধাৰণে পেঞ্চন লাভ কৰি আছে । কেন্দ্ৰীয় পৃষ্ঠপোষকতাত এই তিনিখন আচনিৰ ভিতৰত পেঞ্চন লাভ কৰিছে ত্ৰিপুৰাৰ জনতাই(Social pension hiked in Tripura) ।
লগতে তেঁও কয় যে ১৮,৪১৫ গৰাকী হিতাধিকাৰীয়ে ০১ অক্টোবৰৰ পৰা বৰ্ধিত সামাজিক পেঞ্চন লাভ কৰিব । যাৰ বাবে চৰকাৰৰ মাহিলী অতিৰিক্ত ব্যয় হ'ব ৩১.৪৪ কোটি টকা । আনহাতে বাৰ্ষিক অতিৰিক্ত ব্যয় হ'ব ৬০৩.৮৯ কোটি টকা ।
কিন্তু বিভিন্নজনে এই ধন ক'ৰ পৰা প্ৰদান কৰিব বুলি প্ৰশ্ন কৰাৰ লগতে এই প্ৰতিশ্ৰুতি ভূৱা বুলিও প্ৰচাৰ কৰাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী সুশান্ত চৌধুৰীয়ে । ২০২৩-২৪ বৰ্ষত ৰাজ্য চৰকাৰক সামাজিক পেঞ্চন আঁচনিৰ বাবে ৭৬১.২৮ কোটি টকাৰ প্ৰয়োজন হ'ব বুলিও লগতে উল্লেখ কৰে ত্ৰিপুৰাৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰীয়ে ।
লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ অভিধানত অসম্ভৱ শব্দ নাই : ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী