ETV Bharat / bharat

দৈনিক 700 টকা মজুৰি নিশ্চিত কৰাৰ দাবী ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰীৰ - Tripura

ক‘ভিড-19 মহামাৰীৰ পৰৱৰ্তী সময়ত অৰ্থনৈতিক অৱস্থাক পুনৰুদ্ধাৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰী মানিক দেয়ে ৷ ত্ৰিপুৰাৰ প্ৰাক্তন পৰিবহণ মন্ত্ৰী আৰু চি.আই.টি.ইউ. নেতাগৰাকীয়ে যিকোনো ধৰণৰ কামত নিয়োজিত লোকসকলৰ বাবে নিম্নতম ৭০০ টকাৰ মজুৰি নিশ্চিত কৰাৰ দাবী কৰে।

Tripura former Minister expresses concern over economic revival, demands Rs 700 daily wage
দৈনিক 700 টকা মজুৰি নিশ্চিত কৰাৰ দাবী ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰীৰ
author img

By

Published : Jan 7, 2021, 7:23 PM IST

আগৰতলা, 7 জানুৱাৰী : ত্ৰিপুৰাৰ প্ৰাক্তন পৰিবহণ মন্ত্ৰী আৰু চি.আই.টি.ইউ. নেতা মানিক দেয়ে বৃহস্পতিবাৰে ক‘ভিড-19 মহামাৰীৰ পৰৱৰ্তী সময়ত অৰ্থনৈতিক অৱস্থাক পুনৰুদ্ধাৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে ৷ তেওঁ যিকোনো ধৰণৰ কামত নিয়োজিত লোকসকলৰ বাবে নিম্নতম ৭০০ টকাৰ মজুৰি প্ৰদান নিশ্চিত কৰাৰ দাবী উত্থাপন কৰে। এটা পৰিয়াল চলাবলৈ এই নিম্নতম মজুৰিৰ প্ৰয়োজন আৰু চৰকাৰে ইয়াক এম.জি. এনেৰেগা আৰু অন্যান্য নিয়োগ আঁচনিৰ জৰিয়তে নিশ্চিত কৰিব লাগে ৷

মাণিক দেয়ে কয় যে,"আমাৰ দাবী হৈছে যে,চৰকাৰে 700 টকাৰ নিশ্চিয়তাযুক্ত হাজিৰা নিৰ্ধাৰণ কৰিব লাগিব ৷ যিয়ে প্ৰতি মাহে 21,000 টকাৰ আয় নিশ্চিত কৰে ৷ বৰ্তমানৰ অৰ্থনৈতিক পৰিস্থিতিত পৰিয়াল এটা চলাবলৈ,এই নিম্নতম মজুৰিৰ প্ৰয়োজন। "

তদুপৰি তেখেতে কেন্দ্ৰ চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈ কয় যে,ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে ইতিপূৰ্বে কেন্দ্ৰীয় চৰকাৰক কেবাটাও খণ্ডত নিয়োজিত কৰ্মচাৰীৰ মজুৰি নিৰ্ধাৰণ কৰি ঘোষণা কৰিবলৈ নিৰ্দেশ দিছে ৷ সেয়া লাগিলে এম.জি. এনেৰেগা নহ'লে অন্য চাকৰিয়েই নহওক কিয় সকলোৰে নিম্মতম উপাৰ্জন 18 হাজাৰ প্ৰতিমাহে নিশ্চিত কৰিব লাগে ৷

লগতে পঢ়ক: অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ এটা সফল বর্ষ ২০২০

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.