ETV Bharat / bharat

কম বৰষুণে দুগুণ আঘাত কৰিছে ত্ৰিপুৰাৰ কৃষি খণ্ডত - পানীৰ চাহিদা পূৰণ

কম মাত্ৰাত হোৱা বৰষুণে চলিত বছৰত ত্ৰিপুৰাৰ কৃষি খণ্ডত ব্যাপক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে ৷ ৰাজ্যখনৰ কৃষকসকলে ৰাজ্যখনৰ প্ৰায় সকলো ঠাইতে প্ৰতিবন্ধকতাৰ মাজেৰে শস্যৰ বজাৰ চলাই নিবলৈ নিৰন্তৰ সংগ্ৰাম কৰি আছে ৷ আনফালে, শস্যভূমিত জলসিঞ্চনৰ সুবিধা নথকাৰ কাৰণে শুকান বতৰৰ বাবে শষ্য ভূমিত ফাঁট মেলা পৰিলক্ষিত হৈছে ।

Tripura farmers in distress for less rain, Insurance to compensate says Minister
কম বৰষুণে দুগুণ আঘাত কৰিছে ত্ৰিপুৰাৰ কৃষি খণ্ডত
author img

By

Published : May 20, 2021, 5:24 PM IST

আগৰতলা, 20 মে’: কৰ’ণা মহামাৰীয়ে সৃষ্টি কৰা সীমাবদ্ধতা আৰু কম মাত্ৰাত হোৱা বৰষুণে চলিত বছৰত ত্ৰিপুৰাৰ কৃষি খণ্ডত সামূহিকভাৱে দুগুণ আঘাত কৰে । এফালে ৰাজ্যখনৰ কৃষকসকলে ৰাজ্যখনৰ প্ৰায় সকলো ঠাইতে প্ৰতিবন্ধকতাৰ মাজেৰে শস্যৰ বজাৰ চলাই নিবলৈ নিৰন্তৰ সংগ্ৰাম কৰি আছে ৷ আনফালে শস্যভূমিত জলসিঞ্চনৰ সুবিধা নথকাৰ কাৰণে শুকান বতৰৰ বাবে শষ্যভূমিত ফাঁট মেলা পৰিলক্ষিত হৈছে । কৃষি বিভাগৰ বিষয়াসকলৰ মতে, মাৰ্চ, এপ্ৰিল মাহত ৰাজ্যখনে লাভ কৰা সাধাৰণ বৰষুণৰ তুলনাত মে’ মাহত বৰষুণৰ মাত্ৰা যথেষ্ট হ্ৰাস পাইছে ।

কম বৰষুণে দুগুণ আঘাত কৰিছে ত্ৰিপুৰাৰ কৃষি খণ্ডত

কৃষি বিভাগৰ এক উচ্চ স্থানৰ সূত্ৰই কয় যে, "যিবোৰ অঞ্চলত জলসিঞ্চনৰ সুবিধা উন্নত নহয়, সেই সমূহ অঞ্চলত কৃষকসকলে পানীৰ উৎস হিচাপে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰে । প্ৰতি বছৰে, মাৰ্চ, এপ্ৰিল আৰু মে’ মাহত ত্ৰিপুৰাত যথেষ্ট পৰিমাণৰ বৰষুণ হয়, যি কৃষকসকলৰ পানীৰ চাহিদা পূৰণ কৰে । কিন্তু এই বছৰ এইটো একেবাৰে বেলেগ ঘটনা সংঘটিত হৈছে । "

ত্ৰিপুৰাৰ মেট্ৰ'লজিকেল বিভাগৰ মতে, এই তিনি মাহত মুঠ 296 মিমি বৰষুণ নথিভুক্ত কৰা হৈছিল যি যোৱা বছৰ 400 মিমিৰ ওপৰত আছিল । কৃষিমন্ত্ৰী প্ৰাণজিৎ সিনহা ৰয়ে অৱশ্যে এই বছৰ বৰষুণ কম হোৱা বুলি স্বীকাৰ কৰি কয় যে, কৃষক বীমা আঁচনিৰ জৰিয়তে কৃষকসকলক ক্ষতিপূৰণ দিয়াৰ চেষ্টা কৰা হ'ব ।

উল্লেখ্য যে, ত্ৰিপুৰাত প্ৰায় সকলো কৃষি উপ-বিভাগত পৰিস্থিতি একে । জলসিঞ্চনৰ কোনো সুবিধা নোহোৱা কৃষকসকলে তেওঁলোকৰ বিনিয়োগৰ ক্ষতিপূৰণৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।

লগতে পঢ়ক: ব্লেক ফাংগাছক মহামাৰী ঘোষণা কৰিলে ৰাজস্থান চৰকাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.