ETV Bharat / bharat

ত্ৰিপুৰা বাজেট: ২২৭২৪.৫০ কোটিৰ কৰ মুক্ত বাজেট উপস্থাপন - কৰ্মচাৰীসকলৰ বেতন

শুকুৰবাৰে ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱবাৰ্মাই ২২৭২৪.৫০ কোটি টকাৰ ঘাটি বাজেট দাখিল কৰে । বাজেটত পুঁজি নিৰ্ধাৰণৰ ক্ষেত্ৰত পৰ্যটন, তথ্য প্ৰযুক্তি, কৃষি, স্বাস্থ্য, শিক্ষা খণ্ডত অধিক গুৰুত্ব আৰোপ কৰা হৈছে ।

২২৭২৪.৫০ কোটিৰ কৰ মুক্ত বাজেট উপস্থাপন কৰিলে ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Mar 20, 2021, 2:17 PM IST

নেশ্যনেল ডেস্ক, ২০ মাৰ্চ: ত্ৰিপুৰাত ২০২১-২২ বৰ্ষৰ বাজেট দাখিল কৰিলে উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱবাৰ্মাই । পৰ্যটন, তথ্য প্ৰযুক্তি, কৃষি, স্বাস্থ্য, শিক্ষা খণ্ডক প্ৰাধান্য দি ২২৭২৪.৫০ কোটি টকাৰ ঘাটি বাজেট উপস্থাপন কৰে উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে । শুকুৰবাৰে উপস্থাপন কৰা বাজেটত ৰাজহ আৰু মূলধন ব্যয়ৰ সংস্কৰণ কৰি মুঠ ৭৭৩ কোটি টকা ঘাটি হ'ব বুলি অনুমান কৰা হৈছে । উল্লেখ্য যে, চলিত বিত্তীয় বৰ্ষৰ ১৯২৪৪.১৫ কোটি টকাৰ তুলনাত পুঁজি আৱণ্টনৰ ক্ষেত্ৰত ১১ শতাংশতকৈ অধিক বৃদ্ধি কৰা দেখা গৈছে ।

বাজেট উপস্থাপন কৰি উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱবাৰ্মাই কয় যে, কোনো নতুন কৰ প্ৰৱৰ্তন কৰা হোৱা নাই আৰু কৰ প্ৰশাসনৰ দ্বাৰা ঘাটি পূৰণ কৰিবলৈ চেষ্টা কৰা হ'ব । COVID-১৯ মহামাৰীৰ বাবে অৰ্থব্যৱস্থাত প্ৰত্যাহ্বান অহা স্বত্বেও ৰাজ্য চৰকাৰে উন্নয়নমূলক কাৰ্যকলাপ অব্যাহত ৰাখিবলৈ প্ৰয়াস কৰি আছে বুলিও তেওঁ মন্তব্য কৰে । পৰ্যাপ্ত পুঁজি নিৰ্ধাৰণ কৰা কেইবাখনো নতুন আঁচনিৰ বিষয়ে ঘোষণা কৰে উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে ।

পুঁজি আৱণ্টনৰ ক্ষেত্ৰত বাজেটত অধিক গুৰুত্ব দিয়া হৈছে পৰ্যটন, তথ্য প্ৰযুক্তি, কৃষি, স্বাস্থ্য, শিক্ষা খণ্ডক । চলিত বিত্তীয় বৰ্ষত ধাৰ্য কৰা ৩৮১০.৯৬ কোটি টকাৰ তুলনাত ২০২১-২২ বৰ্ষৰ বাজেট শিক্ষা খণ্ডৰ বাবে ৪১৫২ কোটি টকা ধাৰ্য কৰা হৈছে । স্বাস্থ্য খণ্ডত ১৪৪৩.৪৭ কোটি টকা আবণ্টন দিয়া হৈছে । পূৰ্বে এই খণ্ডত ১০৫৭.১২ কোটি টকা ধাৰ্য কৰা হৈছিল । একেদৰে, তথ্য প্ৰযুক্তি খণ্ডত ২৮.৬৮ কোটি টকাৰ পৰা ৫৬.৭৭ কোটিলৈ বৃদ্ধি, কৃষি আৰু সম্পৰ্কীয় খণ্ডত ৮৮৭.৪৩ কোটিৰ পৰা ১২৫০.৪৭ কোটিলৈ বৃদ্ধি আৰু পৰ্যটন খণ্ডত ৭.১৪ কোটিৰ পৰা ১৫.৫০ কোটি টকালৈ পুঁজিৰ পৰিমাণ বৃদ্ধি কৰা হৈছে ।

এই বাজেটত, চৰকাৰে গ্ৰাম্য অৰ্থনীতি অধিক শক্তিশালী কৰাৰ লক্ষ্য় স্থিৰ কৰিছে বুলি প্ৰকাশ কৰে জিষ্ণু দেৱবাৰ্মাই । ইয়াৰ উপৰিও, চলিত বৰ্ষত বিধানসভাৰ প্ৰথম অধিৱেশনৰ আৰম্ভণিতে কেইখনমান নতুন আঁচনি ঘোষণা কৰা হৈছে । আত্মনিৰ্ভৰ ত্ৰিপুৰাৰ বাবে 'মুখ্যমন্ত্ৰীৰ স্বনিৰ্ভৰ পৰিয়াল যোজনা'ৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে । ৰাজ্যত এখন ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় স্থাপন কৰাৰ বাবেও পুঁজি ধাৰ্য কৰাৰ প্ৰস্তাৱ দিয়া হৈছে । জৈৱিক কৃষিৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে ।

কিয়নো ১৫,০০০ হেক্টৰ ভূমিত জৈৱিক কৃষি কৰিবলৈ পৰিকল্পনা কৰি থকা হৈছে । ১০ খন নতুন জৈৱ গাঁও স্থাপনৰো পৰিকল্পনা হাতত লৈছে ত্ৰিপুৰা চৰকাৰে । লেম্বুচেৰাত এটি সংগ্ৰাহালয় স্থাপন কৰি জনজাতীয় সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰচাৰৰ ব্যৱস্থাও কৰা হৈছে বুলি দেৱ বৰ্মাই জানিবলৈ দিয়ে । ইয়াৰ উপৰিও, আৰক্ষীৰ নতুন মুখ্য কাৰ্যালয় ভৱন নিৰ্মাণ, মুম্বাইত নতুন ত্ৰিপুৰা ভৱনৰ নিৰ্মাণ কৰাকে ধৰি কেইবাটাও নিৰ্মাণকাৰ্যসহ মুঠ ৯ খন নতুন আঁচনিৰ বিষয়ে ঘোষণা কৰা হৈছে ।

বাজেট উপস্থাপনৰ সময়ত ঘোষণা কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ আঁচনিখন হৈছে 'মুখ্যমন্ত্ৰী আদৰ্শ গাঁও' আঁচনি । এই আঁচনিৰ অধীনত, পিছপৰা গাঁওবোৰ চৰকাৰে উন্নত আৰু অত্যাধুনিক পদ্ধতিৰে আদৰ্শ গাঁও হিচাপে গঢ়ি তুলিব । এই আঁচনিৰ বাবে ১৩.১০ কোটি টকা নিৰ্ধাৰণ কৰা হয় । বহু প্ৰত্যাহ্বান থকা স্বত্বেও, COVID-১৯ মহামাৰীয়ে অনা বিত্তীয় বাধাৰে মোকাবিলা কৰাত ৰাজ্য চৰকাৰ সফল হৈছিল বুলি মন্তব্য কৰে উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে ।

তেওঁ লগতে কয় যে, মহামাৰীৰ বাবে ব্যয় বহু পৰিমাণ বৃদ্ধি পাইছিল । কিন্তু কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা অনুদানো ব্য়য়ৰ সামন্তৰালকৈ বৃদ্ধি কৰা হৈছিল । সেয়ে, অন্যান্য ৰাজ্যৰ চৰকাৰৰ বিপৰীতে ত্ৰিপুৰা চৰকাৰে কৰ্মচাৰীসকলৰ বেতন আৰু বিভিন্ন সুবিধা প্ৰদান কৰাত কোনো প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নাছিল ।

লগতে পঢ়ক:কংগ্ৰেছ মুক্ত কৰিবলে গৈ কংগ্ৰেছ সংস্কৃতি যুক্ত হল বিজেপি: শান্তনু কলিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.