ETV Bharat / bharat

সন্মুখত ত্ৰিপুৰা পৰিষদৰ নিৰ্বাচন: বাওঁপন্থী দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ

প্ৰতিটো ৰাজনৈতিক দল ব্যস্ত ত্ৰিপুৰা জনজাতি অঞ্চল স্বায়ত্বশাসিত পৰিষদ নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰাত । শনিবাৰে বাওঁপন্থী মিত্ৰজোঁট দলে প্ৰথমে প্ৰকাশ কৰিলে প্ৰথমখন নিৰ্বাচনী তালিকা । ২৮ জনীয়া তালিকাত ১৭ গৰাকী নতুন প্ৰাৰ্থী আৰু সৰহ সংখ্যকৰে বয়স ৫০ বছৰৰ তলৰ ।

সন্মুখত ত্ৰিপুৰা পৰিষদৰ নিৰ্বাচন,বাওঁপন্থী দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ

author img

By

Published : Mar 7, 2021, 4:26 PM IST

নিউজ ডেস্ক,৭মাৰ্চ: সন্মুখত ত্ৰিপুৰাৰ পৰিষদৰ নিৰ্বাচন । প্ৰতিটো ৰাজনৈতিক দল ব্যস্ত নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰাত । শাসকীয় দল বিজেপি, আইটিএফচটি আৰু অন্যান্য দলসমূহে প্ৰাক নিৰ্বাচনী সমাধান সূত্ৰ বিচাৰি থকাৰ মাজতে বাওঁপন্থী মিত্ৰজোঁট দলে প্ৰথমে প্ৰকাশ কৰিলে প্ৰথমখন নিৰ্বাচনী তালিকা । শনিবাৰে প্ৰকাশ কৰা তালিকাখনকলৈ এতিয়া সকলোৰে মাজত প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখা গৈছে কিয়নো ২৮ জনীয়া তালিকাত প্ৰায় খিনিয়ে নতুন মুখৰ ব্যক্তি । ২৮ গৰাকীৰ ভিতৰত ১৭ গৰাকী নতুন প্ৰাৰ্থী আৰু সৰহ সংখ্যকৰে বয়স ৫০ বছৰৰ তলৰ ।

সন্মুখত ত্ৰিপুৰা পৰিষদৰ নিৰ্বাচন,বাওঁপন্থী দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ
সন্মুখত ত্ৰিপুৰা পৰিষদৰ নিৰ্বাচন,বাওঁপন্থী দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ

বাওঁপন্থী দলৰ আহ্বায়ক বিজন ধৰে জনোৱা মতে দলৰ পূৰ্বৰ নেতাসকলৰ কাম কাজৰ বিস্তৃতভাৱে নিৰীক্ষণ কৰি নতুনসকলক অগ্ৰাধিকৰা দিয়া হৈছে । প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত শিক্ষাগত অৰ্হতাক এইবাৰ গুৰুত্ব দিয়া হৈছে আৰু সকলোবোৰ প্ৰাৰ্থীয়ে বাওঁপন্থী ৰাজনৈতিক পটভূমিৰ বুলি মন্তব্য কৰে । তদুপৰি ২৮ গৰাকী প্ৰাৰ্থীৰ ভিতৰত এগৰাকী অধিবক্তাসহ চাৰিগৰাকীয়ে মহিলা প্ৰাৰ্থী । মিত্ৰজোঁটৰ চিপিআইএম দলৰ সৰ্বাধিক ২৫ খন আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে আৰএছপি,চিপিআই আৰু ফৰৱাৰ্ড ব্লকৰ দৰে দলে ১ জনকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব । টিটিএএডিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য ৰাধাচৰণ দেৱবৰ্মাই জিৰনিয়া সমষ্টিৰ পৰা টিকট লাভ কৰে আনহাতে লক্ষণীয়ভাৱে টিকট লাভৰ পৰা বঞ্চিত হ'ল বাওঁ শাসিত টিটিএএডিচিৰ প্ৰাক্তন অধ্যক্ষ ৰঞ্জিত দেৱবৰ্মা ।

তালিকা প্ৰকাশ কৰি সংবাদমেলত ধৰে কয় যে টিটিএএডিচিৰ লোকসকলৰ বাবে পূৰ্বেও একমাত্ৰ বিকল্প আছিল বাওঁপন্থী দল । বাওঁপন্থীয়ে বিগত সময়ত যথেষ্ট উন্নয়ন কৰিবলৈ সক্ষম হৈছে আৰু সকলো লোকে বিভিন্ন সুবিধা লাভ কৰা বুলি উল্লেখ কৰে বিজন ধৰে । সেয়ে পুনৰ বাৰ ত্ৰিপুৰা স্বায়ত্ব শাসিত অঞ্চলৰ ৰাইজক বাওঁপন্থী দলৰ পক্ষত থিয় হবলৈ আহ্বান জনাই আহ্বায়কগৰাকীয়ে । দলৰ আন নেতাসকলে কোৱা ধৰণেই ধৰেও কয় যে বাওঁপন্থী মিত্ৰজোঁটে কেতিয়াও পৃথক ৰাজ্য দাবী নকৰে তেওঁলোকে বিভাজনকাৰী আৰু কৰ্পোৰেট গোষ্ঠীৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিব । সমান্তৰালকৈ সংবিধানৰ ভিতৰত থাকি কেনেদৰে টিটিএএডিচি অঞ্চলসমূহক স্বায়ত্ব শাসনৰ যথেষ্ট অধিকাৰ দিব পাৰি তাৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰিব বাওঁপন্থী মিত্ৰজোঁটে ।

লগতে পঢ়ক:ইছৰোৰ শীৰ্ষ বিষয়াৰ কৰ’ণা প্ৰতিষেধক গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.