ETV Bharat / bharat

ক'ভিড পৰিস্থিতিৰে যুঁজিবলৈ ত্ৰিপুৰাত শিক্ষকসকলৰ বিশেষ পদক্ষেপ

ত্ৰিপুৰাত পুৱাৰ পৰা সন্ধিয়ালৈ কোৱাৰেণ্টাইনত থকা লোকসকলক সহায়ৰ বাবে বিশেষ সেৱা আগবঢ়াইছে শিক্ষকসকলে । ৰাজ্যখনৰ তিনিখন জিলাত স্থাপন কৰা ক'ভিড ৱাৰ ৰুমত বহি শিক্ষকসকলে কোৱাৰেণ্টাইনত থকা লোকৰ সৈতে যোগাযোগ কৰিছে আৰু তেওঁলোকৰ প্ৰয়োজনৰ বুজ লৈছে ।

Tripura Covid War Room
ত্ৰিপুৰাত শিক্ষকসকলৰ বিশেষ পদক্ষেপ
author img

By

Published : May 27, 2021, 7:26 PM IST

নেশ্যনেল ডেস্ক, ২৭ মে': ত্ৰিপুৰাত ক'ভিডৰ জটিল পৰিস্থিতিৰ মাজতে শিক্ষকসকলৰ আদৰণীয় পদক্ষেপ । পুৱাৰ পৰা সন্ধিয়ালৈ কোৱাৰেণ্টাইনত থকা লোকসকলক সহায়ৰ বাবে বিশেষ সেৱা আগবঢ়াইছে শিক্ষকসকলে । ৰাজ্যখনৰ তিনিখন জিলাত স্থাপন কৰা ক'ভিড ৱাৰ ৰুমত বহি শিক্ষকসকলে কোৱাৰেণ্টাইনত থকা লোকৰ সৈতে যোগাযোগ কৰিছে আৰু তেওঁলোকক সহায়ৰ প্ৰয়োজনৰ বুজ লৈছে । ইয়াৰ জৰিয়তে ক'ভিড নিয়ন্ত্ৰণ কক্ষৰ বোজা কিছু হ্ৰাস হৈছে ।

Tripura Covid War Room
ত্ৰিপুৰাত শিক্ষকসকলৰ বিশেষ পদক্ষেপ

ত্ৰিপুৰাৰ স্বাস্থ্য বিভাগ, জিলা প্ৰশাসন আৰু শিক্ষা বিভাগে যুটীয়াভাৱে এই সমন্বিত প্ৰচেষ্টা গ্ৰহণ কৰিছে । আনকি কোনো শিক্ষকে অতিৰিক্ত দৰমহা বিচৰা নাই । বিদ্যালয়সমূহ বন্ধ হৈ থকাৰ লগে লগে, শিক্ষকসকলে তেওঁলোকৰ সময়বোৰ এই ৱাৰ ৰুমত কটাইছে ।

এতিয়ালৈকে, মুঠ ১,৭০৪ গৰাকী শিক্ষকে ক'ভিড ৱাৰ ৰুমত কাম কৰি আছে, যি সংখ্যা বহুগুণে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে কিয়নো ৱাৰ ৰুমৰ সংখ্যা তিনিৰ পৰা আঠলৈ বৃদ্ধি কৰা হ'ব । এতিয়া পশ্চিম ত্ৰিপুৰা, চেপাহিজালা আৰু ধলাই জিলাত ৱাৰ ৰুম কাৰ্যকৰী হৈ আছে । এই কৰ্মকলৈ শিক্ষকসকলো যথেষ্ট উৎসাহী দেখা গৈছে ।

ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰী ৰতন লাল নাথেও পশ্চিম ত্ৰিপুৰা জিলাৰ ক'ভিড ৱাৰ ৰুম পৰিদৰ্শন কৰে । শিক্ষকসকলৰ পদক্ষেপক প্ৰশংসা কৰি তেওঁ কয় যে, ত্ৰিপুৰাৰ শিক্ষকসকলে দেশবাসীৰ সন্মুখত এক নতুন দৃষ্টান্ত দাঙি ধৰিছে ৷ মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, বহুতো শিক্ষকে টীকাকৰণ অভিযান আৰু নিয়ন্ত্ৰণ কক্ষত সেৱা আগবঢ়াই আছে । ৰাজ্য চৰকাৰে তেওঁলোকক ফ্ৰণ্ট লাইন যোদ্ধাৰ মৰ্যাদা প্ৰদান কৰিছে আৰু শিক্ষকসকলৰ বাবে টীকাকৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক:পলাতক হীৰা মেহুল চোকচিক ডমিনিকাত আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.