ETV Bharat / bharat

ক'ভিড অনাথৰ বাবে ত্ৰিপুৰা চৰকাৰৰ বিশেষ আঁচনি ঘোষণা

author img

By

Published : May 30, 2021, 8:40 PM IST

মহামাৰীৰ ফলত অনাথ হোৱা শিশুসকলক আৰ্থিক সাহাৰ্য প্ৰদান কৰিব ত্ৰিপুৰা চৰকাৰে । "মুখ্যমন্ত্ৰী বাল্য সেৱা" নামৰ এই আঁচনিৰ জৰিয়তে শিশুসকলক আৰ্থিক আৰু অন্যান্য প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে চৰকাৰে । আঁচনিখনৰ জৰিয়তে ক'ভিড অনাথ যুৱতীৰ বিবাহৰ সময়ত তেওঁলোকৰ বাবে ৫০ হাজাৰকৈ টকা প্ৰদান কৰিব । উচ্চ শিক্ষাৰ বাবেও চৰকাৰে তেওঁলোকৰ ব্যয় বহন কৰিব ।

scheme for covid orphan
ক'ভিড অনাথৰ বাবে ত্ৰিপুৰা চৰকাৰৰ বিশেষ আঁচনি ঘোষণা

নেশ্যনেল ডেস্ক,৩০ মে': মহামাৰীৰ মাজতে ত্ৰিপুৰা চৰকাৰৰ এক বিশেষ আঁচনি ঘোষণা । মহামাৰীৰ ফলত অনাথ হোৱা শিশুসকলক আৰ্থিক সাহাৰ্য প্ৰদান কৰিব চৰকাৰে । "মুখ্যমন্ত্ৰী বাল্য সেৱা" নামৰ এই আঁচনিৰ কথা ঘোষণা কৰি মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কয় যে মহামাৰীৰ ফলত কিছুমান শিশু অনাথ হৈ পৰিছে । সেয়ে ৰাজ্য চৰকাৰে এই বিশেষ আঁচনিৰ জৰিয়তে শোকসন্তপ্ত শিশুসকলক আৰ্থিক আৰু অন্যান্য প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে ।

আঁচনিখনৰ বিষয়ে বাখ্যা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কিছুমান অনাথ শিশুৱে অনাথ আশ্ৰমলৈ যোৱাৰ পৰিৱৰ্তে তেওঁলোকৰ আত্মীয় বা স্থানীয় অভিভাৱকৰ সৈতে থাকিব পাৰে । তেনে ক্ষেত্ৰত, ৰাজ্য চৰকাৰে ১৮ বছৰ বয়সলৈকে প্ৰতি মাহে ৩৫০০ টকাকৈ প্ৰদান কৰিব । চৰকাৰে এনে অনাথসকলৰ বাবে চৰকাৰৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহত বিনামূলীয়া শিক্ষাৰ সুবিধা কৰিব ।

যদি তাৰ ভিতৰত কোনোৱে শিশুগৃহত থাকিবলৈ পচন্দ কৰে তেন্তে সকলো সুবিধা ব্যৱস্থা কৰি দিয়া হ'ব । উচ্চ শিক্ষাৰ বাবেও চৰকাৰে তেওঁলোকৰ ব্যয় বহন কৰিব । তেওঁলোকে একাদশ বা দ্বাদশ শ্ৰেণীত প্ৰৱেশ কৰা সময়ত চৰকাৰে তেওঁলোকক লেপটপ বা টেবলেট প্ৰদান কৰিব যাতে তেওঁলোকে উচ্চ শিক্ষা আৰু বৃত্তিমূলক শিক্ষা অধ্যয়ন অব্যাহত ৰাখিব পাৰে ।
আঁচনিখনৰ জৰিয়তে ক'ভিড অনাথ যুৱতীৰ বিবাহৰ সময়ত তেওঁলোকৰ বাবে ৫০ হাজাৰকৈ টকা প্ৰদান কৰিব । মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰাৰ বাবে এক জৰীপ আৰম্ভ কৰা হ'ব । যদি এনে কোনো ঘটনা আছে য'ত মুখ্য উপাৰ্জনকাৰীয়ে ৰোগত আক্ৰান্ত হৈছে, আঁচনিখন সেই পৰিয়ালবোৰৰ সন্তানৰ বাবে প্ৰযোজ্য হ'ব পাৰে ।

সংবাদমেল যোগে এই আঁচনি ঘোষণা কৰাৰ উপৰিও ৰাজ্যখনৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভতো মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে ক'ভিডৰ সৈতে মোকাবিলা কৰিবলৈ উত্তৰ-পূবৰ আটাইতকৈ ডাঙৰ অক্সিজেন প্ৰকল্প ত্ৰিপুৰাৰ আইজিএম চিকিৎসালয়ত স্থাপন কৰা হৈছে য'ত প্ৰতি মিনিটত ১,০৫০ লিটাৰ অক্সিজেন উৎপাদন কৰিব পৰা যাব । আনহাতে ৰাজ্যখনৰ মুখ্য স্বাস্থ্যসেৱা প্ৰতিষ্ঠান এজিএমচি আৰু জিবিপি চিকিৎসালয়ত ৯০০ এলপিএম আন এটা কাৰখানা নিৰ্মাণ কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।

টীকাকৰণ অভিযানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ১৮ বছৰ উৰ্ধৰ লোকৰ ক্ষেত্ৰত ৩৯.৬ শতাংশক ইতিমধ্যে ক'ভিড ভেকছিন প্ৰদান কৰা হৈছে আৰু টীকাকৰণৰ ক্ষেত্ৰত ত্ৰিপুৰা দেশৰ শীৰ্ষ স্থানত আছে বুলি অতি গৰ্বেৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে মন্তব্য কৰে ।

লগতে পঢ়ক:চতুৰ্থবাৰ উদ্বোধন একেখন এম্বুলেঞ্চ: বাতৰি পৰিৱেশন পাচতে ইটিভিৰ সাংবাদিকৰ বিৰুদ্ধে গোচৰ দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.