ETV Bharat / bharat

প্ৰদ্যুৎ কিশোৰক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান কুলজিৎ সিং নাগ্ৰাৰ

author img

By

Published : Apr 1, 2021, 7:04 PM IST

ত্ৰিপুৰাত কংগ্ৰেছৰ নিৰ্বাচনী সভাত অংশ লৈ বিজেপি আৰু আই পি এফ টিক তীব্ৰ সমালোচনা কৰিলে পঞ্জাৱৰ কংগ্ৰেছী বিধায়ক কুলজিৎ সিং নাগ্ৰাই । মিছা প্ৰতিশ্ৰুতি দি বিজেপি আৰু আই পি এফ টিয়ে ত্ৰিপুৰাৰ জনসাধাৰণৰ সৈতে বিশ্বাসঘাটকতা কৰিছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে । ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ কমিটাৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ কেন্দ্ৰীয় পৰ্যবেক্ষকৰ দায়িত্বত থকা নাগ্ৰাই প্ৰদ্যুৎ কিশোৰক স্থিতি স্পষ্ট কৰিবলৈ কৈ কটাক্ষ কৰে ।

প্ৰদ্যুৎ কিশোৰক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনালে কুলজিৎ সিং নাগ্ৰাই

নেশ্যনেল ডেস্ক, ১ এপ্ৰিল: বৃহস্পতিবাৰে ত্ৰিপুৰাৰ নতুন বজাৰত কংগ্ৰেছ প্ৰাৰ্থীৰ সমৰ্থনত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ কমিটাৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ কেন্দ্ৰীয় পৰ্যবেক্ষকৰ দায়িত্বত থকা কুলজিৎ সিং নাগ্ৰাই । সভাত অংশ লৈ নিবনুৱা সমস্যা হ্ৰাস কৰাত ব্যৰ্থ হোৱাৰ বাবে বিজেপি চৰকাৰক তেওঁ তীব্ৰ সমালোচনা কৰে । পঞ্জাৱৰ কংগ্ৰেছী বিধায়ক নাগ্ৰাই কয় যে, বিজেপি আৰু আই পি এফ টিৰ মিত্ৰজোঁটৰ চৰকাৰে ত্ৰিপুৰাৰ জনসাধাৰণৰ সৈতে বিশ্বাসঘাটকতা কৰিছে ।

তেওঁ লগতে কয় যে, উন্নয়নৰ প্ৰতিশ্ৰুতি দি ত্ৰিপুৰাবাসীক চৰকাৰে প্ৰতাৰণা কৰিছে । নাগ্ৰাই কয় যে, চৰকাৰে ৰাইজক এই কথা পতিয়ন নিয়াবলৈ সৰ্বতো প্ৰকাৰে চেষ্টা কৰিছে যে, চৰকাৰে তেওঁলোকক ২৫ বছৰীয়া অপশাসনৰ পৰা ৰক্ষা কৰিছে । কিন্তু বিগত ৩ বছৰে চৰকাৰে ত্ৰিপুৰাৰ ৰাইজৰ বাবে কোনো লেখত ল'বলগীয়া কাম কৰা নাই । বিজেপিৰ প্ৰতিশ্ৰুতি আৰু কামৰ পাৰ্থক্য ত্ৰিপুৰাত স্পষ্টকৈ পৰিলক্ষিত হৈছে ।

পঞ্জাৱৰ কংগ্ৰেছী বিধায়কগৰাকীয়ে দৃঢ়তাৰে কয় যে, ত্ৰিপুৰাৰ ৰাইজৰ কাষত কংগ্ৰেছ সদায় আছে । তেওঁ কয় যে, ত্ৰিপুৰাৰ জনজাতীয় লোকসকলৰ সুৰক্ষাৰ বাবে কংগ্ৰেছে জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদক ৬ষ্ঠ অনুসূচীৰ মৰ্যদা দিছিল । খোৱাপানীৰ সমস্যাৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে, স্বায়ত্ব শাসিত জিলা পৰিষদৰ অঞ্চলৰ লোকে বিশুদ্ধ খোৱাপানী লাভৰ পৰা বঞ্চিত হৈ আছে । সেয়ে, কংগ্ৰেছে সকলোকে খোৱাপানী যোগানৰ গেৰাণ্টী দিছে ।

লগতে কংগ্ৰেছে ৰবৰ বাগিছাত কৰ্মৰত লোকৰ স্বাস্থ্য বীমা কৰাৰ সিদ্ধান্ত লৈছে বুলিও তেওঁ জানিবলৈ দিয়ে । জনজাতীয় লোকৰ ভাষাৰ প্ৰচাৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে কংগ্ৰেছে জানে বাবে ক'কবৰ'ক ভাষাক ৮ম অনুসূচীত অন্তৰ্ভুক্ত কৰিব বুলি তেওঁ মন্তব্য কৰে । জিলা পৰিষদৰ শাসনৰ ক্ষমতা কংগ্ৰেছৰ হাতলৈ আহিলে কংগ্ৰেছে দিয়া পাঁচোটা গেৰাণ্টি বাস্তৱায়িত কৰা হ'ব বুলি তেওঁ আশ্বাস দিয়ে ।

আনহাতে, একালৰ দলীয় কৰ্মী তথা বৰ্তমানৰ টি আই পি আৰ এৰ অধ্যক্ষ প্ৰদ্যুৎ কিশোৰ দেৱ বৰ্মনক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ কৈ কটাক্ষ কৰে নাগ্ৰাই । তেওঁ কয় যে, প্ৰদ্যুৎ কিশোৰে আঞ্চলিক মিত্ৰজোঁটৰ নেতৃত্ব দি আছে । কিন্তু তেওঁ এতিয়া বিজেপিৰ বিজয়ৰ পথ প্ৰশস্ত কৰি আছে নেকি সেয়া মানুহে জানিব বিচাৰে বুলি নাগ্ৰাই কটাক্ষ কৰে ।

লগতে পঢ়ক: বিজেপি নেতাৰ বাসগৃহত উগ্ৰপন্থীৰ গুলীচালনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.