ETV Bharat / bharat

Tripura budget session : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ আহ্বানত প্ৰাক-বাজেট বৈঠক

author img

By

Published : Mar 17, 2022, 11:22 AM IST

১৭ মাৰ্চৰ পৰা আৰম্ভ ত্ৰিপুৰা চৰকাৰৰ বাজেট অধিৱেশন (Budget session in Tripura assembly)। অধিৱেশনৰ পূৰ্বে বুধবাৰে অনুষ্ঠিত হয় প্ৰাক-বাজেট বৈঠক (Pre budget meeting held in Tripura)। মুখ্যমন্ত্ৰীসহ শাসনত থকা বিজেপি আৰু আইপিএফটিৰ মন্ত্ৰী-বিধায়কসকল উপস্থিত থাকে এই বৈঠকত । এইবাৰ ৪ গৰাকী বিধায়ক নাথাকে অধিৱেশনত ।

Budget
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ আহ্বানত প্ৰাক বাজেট বৈঠক

আগৰতলা,১৭ মাৰ্চ : আজিৰ পৰা আৰম্ভ হৈছে ত্ৰিপুৰাৰ বাজেট অধিৱেশন (Tripura budget session)। ৫ দিনীয়াকৈ অনুষ্ঠিত হ'ব এই বাজেট অধিৱেশন । বাজেট অধিৱেশনৰ পূৰ্বে বুধবাৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ আহ্বানত এক বিশেষ বৈঠক অনুষ্ঠিত হয় (Tripura CM held pre budget meeting)। এই প্ৰাক-বাজেট বৈঠকত মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মাৰ লগতে বিজেপি-আইপিএফটিৰ মিত্ৰজোঁটৰ মন্ত্ৰী আৰু বিধায়কসকল উপস্থিত থাকে ।

টুইটাৰত মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে বৈঠক (Pre budget meeting held in Tripura) সম্পৰ্কে কয় যে, এই বৈঠকত আগন্তুক বাজেট অধিৱেশনৰ বাবে সদনৰ ৰণনীতিৰ ওপৰত বিতং আলোচনা কৰা হয় । ইফালে অধিৱেশন সম্পৰ্কে যোৱা বুধবাৰে বিধানসভা চৌহদত ব্যৱসায় উপদেষ্টা সমিতিৰ (Business Advisory Committee) এখন বৈঠক অনুষ্ঠিত হৈছিল । এই বৈঠকত ব্যৱসায়ৰ প্ৰস্তাৱসমূহ উত্থাপন কৰা হৈছিল আৰু ট্ৰেজাৰী বেঞ্চৰ সকলো সদস্য আৰু বিৰোধীয়ে সৰ্বসন্মতিক্ৰমে ইয়াক গ্ৰহণ কৰিছিল ।

জানিব পৰা মতে, এই অধিৱেশনত কেইবাখনো বিধেয়ক উত্থাপন কৰা হ'ব । মন্ত্ৰী, অধ্যক্ষ, উপাধ্যক্ষ, বিধায়ক আদিৰ দৰমহা ভাট্টা, পেঞ্চন আৰু অন্যান্য লাভালাভ প্ৰৱৰ্তন (সপ্তম সংশোধনী বিধেয়ক), ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়, ত্ৰিপুৰা আৰক্ষী সংশোধনী বিধেয়ক আদি উত্থাপন কৰাৰ সম্ভাৱনা আছে ।

ইয়াৰ মাজতে বিধানসভাৰ অধ্যক্ষই বাজেট অধিৱেশনৰ প্ৰস্তুতিৰ বুজ লয় । তেওঁ সংবাদ মাধ্যমক জনোৱা মতে এইবাৰ চাৰিগৰাকী বিধায়ক অধিৱেশনত উপস্থিত নাথাকে । তেওঁলোকৰ ভিতৰত বিজেপিৰ এগৰাকী বিধায়ক আছে যাক বৰ্খাস্ত কৰা হৈছিল ৷ লগতে বিজেপি বিধায়ক সুদীপ ৰয় বৰ্মন আৰু আশীষ কুমাৰ সাহাই পদত্যাগ কৰিছিল আৰু চিপিআই(এম)ৰ বিধায়ক ৰমেন্দ্ৰ চন্দ্ৰ দেবনাথৰ মৃত্যু হৈছে ।

লগতে পঢ়ক :৮ অভিযুক্ত কংগ্ৰেছ কৰ্মীৰ জামিন মঞ্জুৰ ত্ৰিপুৰা আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.