ETV Bharat / bharat

নতুন দিল্লীত ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীক সাক্ষাৎ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ - Tripura Chief Minister meets central leaders at New Delhi

সপত্নীক নতুন দিল্লীত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড৹ মাণিক সাহা(Dr Manik Saha visits New Delhi) ৷ ৰাজ্যখনৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি কেন্দ্ৰৰ শীৰ্ষ নেতাসকলক সাক্ষাৎ(Tripura Chief Minister meets central leaders at New Delhi) কৰে ৷

tripura-chief-minister-meets-central-leaders-at-new-delhi
সপত্নীক নতুন দিল্লীত উপস্থিত হৈছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড৹ মাণিক সাহা
author img

By

Published : May 26, 2022, 10:40 AM IST

আগৰতলা, 26 মে’ : ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী ড৹ মানিক সাহাই বুধবাৰে ৰাজধানী নতুন দিল্লীত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ(Tripura Chief Minister meets central leaders at New Delhi) কৰে । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত কেন্দ্ৰীয় নেতাসকলৰ সৈতে এইয়া সাহাৰ প্ৰথমটো সাক্ষাৎ ৷

ড৹ সাহাই মঙলবাৰে পত্নীৰ সৈতে নতুন দিল্লীলৈ(Dr Manik Saha visits New Delhi) উৰা মাৰিছিল । ড৹ সাহাই এই সন্দৰ্ভত ফেচবুকত লিখিছে, "আজি মই ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সৌজন্যমূলক সাক্ষাৎ কৰিছিলো । পশ্চিম ত্ৰিপুৰা জিলাৰ এখন লিচুবাগানত প্ৰায় 26.9 একৰ অব্যৱহৃত ভূমি আৰু উত্তৰ ত্ৰিপুৰাৰ পানীসাগৰত 26.32 একৰ ভূমি ত্ৰিপুৰা চৰকাৰলৈ হস্তান্তৰ কৰাৰ বিষয়ে এই বৈঠকত আলোচনা কৰা হৈছে" ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰিছিল যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে হোৱা বৈঠকত তেওঁ ত্ৰিপুৰাত এখন সামৰিক বিদ্যালয় স্থাপন, নিশ্চিন্তপুৰত এটা চেকপোষ্ট স্থাপন কৰাৰ লগতে আধৰুৱা হৈ ৰোৱা ভাৰত-বাংলা সীমান্তৰ কাটাতাঁৰ বেৰৰ কামসমূহ সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনাও ।

তেওঁ লগতে কয় যে, একেখন বৈঠকতে ৰিয়াং শৰণাৰ্থীসকলৰ(ব্ৰু) পুনৰ সংস্থাপনৰ বিষয়টোও যথেষ্ট গুৰুত্ব সহকাৰে আলোচনা কৰা হৈছিল । ইয়াৰ লগতে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বিত্তীয় দিশটোৰ বিষয়ত আলোচনা কৰে ৷

লগতে চাওক: ভাৰত-ম্যানমাৰ সীমান্তত প্ৰায় ৪৫ কোটি মূল্যৰ ড্ৰাগছ জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.