ETV Bharat / bharat

নিৰ্বাচিত বিষয়ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু ত্ৰিপুৰা চৰকাৰ - ত্ৰিপুৰা শিক্ষা বিভাগ

ক'ভিডৰ সংক্ৰমণ পূৰ্বতকৈ হ্ৰাস হোৱাৰ লগে লগে শিক্ষা বিভাগে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে চিন্তা চৰ্চা কৰিছে । শিক্ষামন্ত্ৰী ৰতন লাল নাথে ঘোষণা কৰা মতে যদি আগন্তুক এমাহ বা দুমাহৰ ভিতৰত ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে তেনেহ'লে চৰকাৰে মুখ্য বিষয়সমূহৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ চিন্তা কৰিব ।

tripura education
নিৰ্বাচিত বিষয়ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু ত্ৰিপুৰা চৰকাৰ
author img

By

Published : May 29, 2021, 9:58 PM IST

নেশ্যনেল ডেস্ক, ২৯ মে': ক'ভিড সংক্ৰমণে ভয়াৱহ ৰূপ লোৱাৰ বাবে প্ৰায় এমাহ পূৰ্বে ত্ৰিপুৰাৰ শিক্ষাবিভাগে সকলো পৰীক্ষা স্থগিত ৰখাৰ কথা ঘোষণা কৰিছিল । কিন্তু ক'ভিডৰ সংক্ৰমণ পূৰ্বতকৈ হ্ৰাস পোৱাৰ লগে লগে শিক্ষা বিভাগে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে চিন্তা চৰ্চা কৰিছে । শিক্ষামন্ত্ৰী ৰতন লাল নাথে ঘোষণা কৰা মতে যদি আগন্তুক এমাহ বা দুমাহৰ ভিতৰত ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে তেনেহ'লে মুখ্য বিষয়সমূহৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ চিন্তা কৰিব ।

মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ বাবে ৰাজ্যখনত প্ৰায় ৪ হাজাৰ চিবিএছই শিক্ষাৰ্থী আছে । টিবিএছইত নামভৰ্তি কৰিছে ২৭ হাজাৰৰো অধিক শিক্ষাৰ্থীয়ে । আনহাতে, মুখ্যমন্ত্ৰীৰ মতে মাধ্যমিকৰ বাবে মুঠ শিক্ষাৰ্থীৰ সংখ্যা হৈছে ৪৬ হাজাৰ । শিক্ষামন্ত্ৰীৰ মতে কেন্দ্ৰীয় শিক্ষা বিভাগৰ অধীনত ইতিমধ্যে এই সন্দৰ্ভত এক সভাত প্ৰাথমিক আলোচনা কৰা হৈছে ।

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ সভাপতিত্বত আয়োজিত এই সভাত সকলো ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে নিজৰ নিজৰ মন্তব্য আগবঢ়ায় । কেইবাটাও বিকল্প উপায়ৰ বিষয়ে আলোচনা কৰা হয় । যেনে প্ৰথম বিকল্প হিচাপে সকলো বিষয়ৰ পৰীক্ষা, দ্বিতীয়টো নিৰ্বাচিত কাকতৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰা ।

শিক্ষামন্ত্ৰী ৰতন লালে জনোৱা মতে তেওঁলোকে নিৰ্বাচিত বিষয়বোৰৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা চিন্তা কৰি আছে । যদি ক'ভিড পৰিস্থিতি আগন্তুক মাহলৈ নিয়ন্ত্ৰণত থাকে তেনেহ'লে হয়টো জুলাই বা আগষ্ট বুলিও ইংগিত দিয়ে শিক্ষামন্ত্ৰীয়ে । অৱশ্যে এই মুহূৰ্তত বিষয়বোৰ প্ৰকাশ কৰা নাই কিয়নো বিভিন্ন শাখা আৰু পৰীক্ষাৰ স্তৰৰ বাবে প্ৰাথমিকতা পৃথক হ'ব বুলিও কয় শিক্ষামন্ত্ৰীয়ে ।

লগতে পঢ়ক:জম্মু চিকিৎসালয়ত মৃত্যু গুলীবিদ্ধ পাক অনুপ্ৰৱেশকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.