ETV Bharat / bharat

ত্ৰিপুৰা আৰক্ষীৰ জালত ৬ মাহ পুৰণি ব্লেকমেইলিং গোচৰৰ অভিযুক্ত

ধৰ্ষণ আৰু আত্মহত্যাৰ প্ৰৰোচনাৰ ৬ মাহ পুৰণি এক গোচৰৰ অভিযুক্ত পৰিল আৰক্ষীৰ জালত । নিউ কেপিটেল কমপ্লেক্স আৰক্ষীয়ে মঙলবাৰে নিয়মীয়া তালাচীৰ সময়ত গ্ৰেপ্তাৰ কৰে অভিযুক্ত জগন ৰায়ক ।

Tripura police
আৰক্ষীৰ জালত ৬ মাহ পুৰণি ব্লেকমেইলিং গোচৰৰ অভিযুক্ত
author img

By

Published : May 27, 2021, 2:19 PM IST

নেশ্যনেল ডেস্ক,২৭ মে': নিউ কেপিটেল কমপ্লেক্স আৰক্ষীয়ে মঙলবাৰে আত্মহত্যা আৰু ধৰ্ষণৰ এক গোচৰ সন্দৰ্ভত জগন ৰায় নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে । জগন ৰায় কেইবামাহ পুৰণি গোচৰটোৰ মূল অভিযুক্ত আছিল আৰু জানুৱাৰী মাহৰ পৰা পলাতক আছিল । নিয়মীয়া তালাচীৰ সময়ত আৰক্ষীয়ে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে ।

এনচিচি থানাৰ এছডিপিঅ' পিয়ামাধুৰী মজুমদাৰে জনোৱা মতে সন্দেহজনক গতিবিধি লক্ষ্য কৰি তেওঁৰ বাহনখন আৰক্ষীয়ে ৰখাইছিল । গাড়ীৰ পৰা নামি অহাৰ পিছতে তেওঁক বোধজংনগৰ আৰক্ষী থানাত ৰুজু কৰা ছয় মাহ পুৰণি গোচৰৰ মুখ্য অভিযুক্ত হিচাপে চিনাক্ত কৰা হয় । তাৰ পিছত অভিযুক্তজনক এনচিচি আৰক্ষী থানালৈ অনা হয় ৷

ইফালে বোধজংনগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক এনচিচি আৰক্ষী থানালৈ মাতি অনা হয় আৰু উচিত প্ৰমাণ লাভ কৰাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয় । এছডিপিঅ' পিয়ামাধুৰী মজুমদাৰে জনোৱা মতে জানুৱাৰী মাহত তেওঁৰ বিৰুদ্ধে আইপিচি ধাৰা ৩৭৬ ৰ এক ধৰ্ষণ আৰু ধাৰা ৩০৬ ৰ আত্মহত্যাৰ প্ৰৰোচনাৰ অধীনত এটা অভিযোগ দাখিল কৰা হৈছিল ।

জানিব পৰা মতে, অভিযুক্তজনৰ বোধজংনগৰ অঞ্চলৰ এজনী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল । কেইদিনমান পিছতে যুৱতীগৰাকীয়ে গম পালে যে জগন ৰায়ে তাইৰ কিছুমান আপত্তিজনক ফটো আৰু ভিডিঅ' ৰেকৰ্ড কৰিছে ।

অভিযোগ অনুসৰি পৰৱৰ্তী সময়ত জগন ৰায়ে যুৱতীগৰাকীক ধন দাবী কৰিবলৈ আৰম্ভ কৰে । কিন্তু এনে ব্লেকমেইলিঙত অতিষ্ঠ হৈ ২০২০ চনৰ ডিচেম্বৰত যুৱতীগৰাকীয়ে আত্মহত্যা কৰে । পিছত যুৱতীগৰাকীৰ পৰিয়ালে জগন ৰায়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।

লগতে পঢ়ক: নাৰদা গোচৰ: আজি আদালতত চাৰি তৃণমূল নেতাৰ অন্তৱৰ্তীকালীন জামিনৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.