আগৰতলা, 9 মাৰ্চ : চাহ বাগিচাৰ শ্ৰমিকসকলৰ কল্যাণ আৰু লাভালাভৰ বাবে ত্ৰিপুৰা চৰকাৰে 'মুখ্যমন্ত্ৰী চাহ শ্ৰমিক কল্যাণ প্ৰকল্প' আঁচনি ঘোষণা কৰিছে(Mukhya Mantri Cha Sramik Kalyan Prokolpo) । আগৰতলাত বুধবাৰে এক সংবাদমেল সম্বোধন কৰি তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰীয়ে(Tripura's information and cultural affairs minister Sushanta Chowdhury) চাহ উদ্যোগৰ বিকাশ আৰু চাহ বাগিচাৰ শ্ৰমিকসকলৰ কল্যাণৰ বাবে আনুষ্ঠানিকভাৱে এই আঁচনি মুকলি কৰে(Tripura government opens scheme for tea garden workers) ৷
সংবাদমেলযোগে পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে, "এই আঁচনিখন আমাৰ অন্তিম কেবিনেট বৈঠকত অনুমোদিত হৈছিল । ৮৫ কোটি টকা ব্যয় সাপেক্ষে মুকলি কৰা এই আঁচনিৰ জৰিয়তে চাহ বাগিচাৰ শ্ৰমিকৰ সাত হাজাৰৰো অধিক পৰিয়াল উপকৃত হ'ব" ৷ চাহ বাগিচাৰ শ্ৰমিকসকলৰ কল্যাণৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপণ কৰি মন্ত্ৰীগৰাকীয়ে তদানীন্তন বাওঁমৰ্চা চৰকাৰকলৈ এনেদৰে মন্তব্য কৰে(New scheme of Tripura government) ৷
আঁচনিখনৰ বিষয়ে ব্যাখ্যা কৰি মন্ত্ৰী সুশান্ত চৌধুৰীয়ে কয় যে, "আঁচনিখনৰ অধীনত চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকসকলক ঘৰুৱা কাম-কাজৰ বাবে ভূমি প্ৰদান কৰিব, ৰাজ্যখনৰ নিস্ক্ৰিয় চাহ বাগিচাসমূহ সমবায়ৰ জৰিয়তে তেওঁলোকক হস্তান্তৰ কৰা হ'ব, লগতে এই আঁচনিৰ জৰিয়েত প্ৰতিটো পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিব । আমাৰ মুখ্য অগ্ৰাধিকাৰ হৈছে চাহ শ্ৰমিকসকলক বহু দশক ধৰি লাভ নকৰা প্ৰতিটো বস্তু প্ৰদান কৰা । আমি তেওঁলোকক ঘৰ, স্বাস্থ্য সুবিধা, সুৰক্ষিত খোৱাপানী, শিক্ষা আদি প্ৰদান কৰিম |"
মন্ত্ৰীজনে কয় যে, চাহ বাগিছাৰ শ্ৰমিকসকলে এতিয়াও শিক্ষাৰ পৰা বঞ্চিত(Tea workers deprived of education) হৈ আছে সেয়ে এই শ্ৰমিকসকলক চৰকাৰে আঁচনিখনৰ অধীনত উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে শিক্ষা প্ৰদান কৰা হ'ব ।
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে,"আমি তেওঁলোকক সামাজিক পেঞ্চন, মাতৃ আৰু শিশু স্বাস্থ্য সেৱা সহায়, তেওঁলোকৰ যোগ্যতা অনুসৰি স্বাস্থ্য বীমা, প্ৰতিবন্ধী লোকসকলক সহায়ক সঁজুলি প্ৰদান কৰিম আৰু আমি তেওঁলোকক পিএমএৱাই(PMAY) আঁচনিৰ অধীনলৈ আনিম", ।
ইফালে চাহ শ্ৰমিকৰ মজুৰি সন্দৰ্ভত এক আলোচনাত মিলিত হৈ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী মনোজ কান্তি দেৱে(Manoj Kanti Deb minister of industry and commerce) জানিবলৈ দিয়ে যে, চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকসকলৰ মজুৰি ১০৫ টকাৰ পৰা ১৩৬ টকালৈ বৃদ্ধি কৰিছে আৰু অনাগত দিনত চৰকাৰে ১৭৬ টকালৈকে মজুৰি বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে ।
লগতে পঢ়ক : ত্ৰিপুৰাত নিষিদ্ধ সামগ্ৰীসহ তিনিজন আটক