ETV Bharat / bharat

ত্ৰিপুৰাৰ হাস্পতালৰ দুৰ্বল আন্তঃগাঁথনি, নাই মহিলাৰ পৃথক শৌচাগাৰ

পূৰ্বৰ শাসকীয় বাওঁপন্থী দলক টিটিএএডিচি অঞ্চলৰ লোকসকলক সঠিক স্বাস্থ্যসেৱা প্ৰদানৰ বাবে উপযুক্ত আন্তঃগাঁথনি স্থাপন কৰাত শোচনীয়ভাৱে ব্যৰ্থ হোৱাৰ বাবে তীব্ৰ সমালোচনা কৰে টিপ্ৰা মোথাৰ সভাপতি তথা ৰাজ বংশধৰ প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে।

TRIPURA HOSPITAL
ত্ৰিপুৰাৰ হাস্পতালৰ দুৰ্বল আন্তঃগাঁথনি
author img

By

Published : May 22, 2021, 4:20 PM IST

নেশ্যনেল ডেস্ক, ২২ মে': টিপ্ৰা মোথাৰ সভাপতি তথা ৰাজ বংশধৰ প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে শুকুৰবাৰে পূৰ্বৰ শাসকীয় বাওঁপন্থী দলক টিটিএএডিচি অঞ্চলৰ লোকসকলক সঠিক স্বাস্থ্যসেৱা প্ৰদানৰ বাবে উপযুক্ত আন্তঃগাঁথনি স্থাপন কৰাত শোচনীয়ভাৱে ব্যৰ্থ হোৱাৰ বাবে তীব্ৰ সমালোচনা কৰে ।

টিটিএএডিচি অঞ্চলত স্বাস্থ্যসেৱাৰ দুৰ্বল আন্তঃগাঁথনিৰ বিষয়ে বৰ্ণনা কৰি তেওঁ কয় যে খুমুলৱং চিকিৎসালয়, যাক মুখ্যতঃ খেৰেংবাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰ (চিএইচচি) বুলি জনা যায়, ১৯৯৭ চনত আৰম্ভ কৰা হৈছিল কিন্তু দুটা দশকৰ পিছতো চিকিৎসালয়খনত মহিলা ৰোগীসকলৰ বাবে পৃথক শৌচালয় নাই । তেওঁৰ অভিযোগ অট্টালিকাবোৰ নিৰ্মাণ কৰা হৈছিল, সঁজুলি ক্ৰয় কৰা হৈছিল কিন্তু সেৱাৰ কাৰ্যকৰী বিতৰণৰ বাবে কেতিয়াও পৰ্যাপ্ত কৰ্মচাৰী নিয়োগ কৰা হোৱা নাই ।

TRIPURA HOSPITAL
ত্ৰিপুৰাৰ হাস্পতালৰ দুৰ্বল আন্তঃগাঁথনি

তেওঁ লগতে কয় যে টিটিএএডিচি অঞ্চলবোৰত পৃথক আন্তঃগাঁথনিৰ প্ৰয়োজন নাই যদিও সীমিত ক্ষমতাৰে লোকসকলক সেৱা আগবঢ়োৱাৰ এক উদ্দেশ্য থাকিব লাগে । যাৰ বাবে ইতিমধ্যে তেওঁৰ দলে স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিৰ বাবে ৰাজ্য চৰকাৰৰ সন্মুখত দাবী উত্থাপন কৰিছে ।

অৱশ্যে টিটিএএডিচি প্ৰশাসনে খুমুলৱং সামূহিক স্বাস্থ্য কেন্দ্ৰৰ বাবে এটা অক্সিজেন প্ৰকল্প আৱণ্টন কৰাৰ বাবে মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে প্ৰদ্যুৎ কিশোৰে । প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে কয় যে তেওঁ স্বাস্থ্য ডিজিটেল হেল্থ ফাউণ্ডেচন আৰু এচিটি অনুদানৰ পৰা মুঠ ৭১ টা অক্সিজেন কনচেণ্ট্ৰেটৰৰ ব্যৱস্থা কৰিছে আৰু আগন্তুক দিনত সহায়ৰ প্ৰয়োজন হোৱা সকলোকে সহায়ৰ বাবে তেওঁলোকে চেষ্টা কৰিব ।

TRIPURA HOSPITAL
ত্ৰিপুৰাৰ হাস্পতালৰ দুৰ্বল আন্তঃগাঁথনি

ইফালে ৰাজেন্দ্ৰ উজ্বয়ন্তা পেলেচত এক সংবাদমেল সম্বোধন কৰি স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য কমল কালোই কয় যে নতুন পৰিষদৰ এটা প্ৰতিনিধি দলে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱক সাক্ষাৎ কৰিছে । বৈঠকত মুখ্যমন্ত্ৰীক খুমুলৱং চিকিৎসালয়ৰ বাবে এটা অক্সিজেন প্ৰকল্প আৱণ্টন কৰিবলৈ অনুৰোধ জনোৱা হৈছিল । তেওঁ সন্মত হৈছে আৰু কেইদিনমানৰ ভিতৰতে খেৰংবাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত অক্সিজেন প্ৰকল্প স্থাপন কৰা হ'ব । সমস্যাটোৰ দ্ৰুত নিষ্পত্তিৰ বাবে মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱক ধন্যবাদ জনাই কাৰ্যবাহী সদস্যগৰাকীয়ে ।

তেওঁ লগতে কয় যে যি সময়ত ত্ৰিপুৰাৰ গ্ৰামাঞ্চলত ক'ভিডৰ দ্ৰুত সংক্ৰমণ হৈছে এই পদক্ষেপে নিশ্চিতভাৱে মহামাৰীৰ সৈতে মোকাবিলা কৰাত টিটিএএডিচি প্ৰশাসনক সহায় কৰিব । তেওঁ লগতে দাবী কৰে যে আগন্তুক দিনত খুমুলৱং চিকিৎসালয় এফআৰইউ পৰ্যায়ৰ চিকিৎসালয়লৈ উন্নীত কৰিব লাগে ।

কাৰ্যবাহী সদস্যগৰাকীয়ে লগতে কয় যে তেওঁলোকে তিনিখন মডেল চিকিৎসালয় নিৰ্মাণ কৰাতো বিচাৰে । তেওঁ জনোৱা মতে চিকিৎসালয়বোৰত চিটি স্কেন যন্ত্ৰ নাই, এক্স-ৰে যন্ত্ৰ নাই । সেয়ে মুখ্যমন্ত্ৰী লগতে স্বাস্থ্য বিভাগৰ দায়িত্বত থকা বিপ্লৱ কুমাৰ দেৱক তেওঁলোকে এই বিষয়বোৰত গুৰুত্ব দিবলৈ অনুৰোধ জনাইছে ।

লগতে পঢ়ক:আগৰতলা প্ৰেছক্লাবত টীকাকৰণ শিবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.