ETV Bharat / bharat

নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ হিংসাত্মক ঘটনা ত্ৰিপুৰাত - Tripura ADC

ত্ৰিপুৰাত পুনৰ সংঘটিত হৈছে হিংসাত্মক ঘটনা । সূত্ৰৰ মতে খাৱাই জিলাৰ অন্তৰ্গত ডাস্কি অঞ্চলত বিজেপি আৰু আইপিএফটিৰ এক যৌথ বৈঠক চলি থকাৰ মাজতে টিপ্ৰা মোথা কৰ্মীসকলে আক্ৰমণ কৰে । সংঘৰ্ষত ৰবীন্দ্ৰ দেৱবৰ্মা নামৰ এগৰাকী স্থানীয় ব্যৱসায়ী গুৰুতৰভাৱে আহত হয় আৰু আৰক্ষীৰ সহযোগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ হিংসাত্মক ঘটনা ত্ৰিপুৰাত

author img

By

Published : Mar 19, 2021, 1:31 PM IST

নেশ্যনেল ডেস্ক,১৯ মাৰ্চ: ত্ৰিপুৰাৰ পৰিষদৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক নেতাসকলৰ মাজত বাকযুদ্ধ আৰম্ভ হৈছে সমান্তৰালকৈ ৰাজ্যখনৰ কিছুমান প্ৰান্তত ভিন্ন দলৰ কৰ্মীসকলৰ মাজত সংঘৰ্ষ হোৱাৰ লগতে হিংসাত্মক ঘটনাও সংঘটিত হৈছে ।

ৰাজ্যখনৰ খুমুলৱং,ললিত বজাৰ,মাণ্ডাৱাই আদিৰ লগতে পৰিষদীয় অঞ্চল সমূহৰ ভিন্ন প্ৰান্তত টিপ্ৰা মোথা আৰু আইপিএফটিৰ কৰ্মীসকলৰ মাজত সংঘৰ্ষ হোৱাৰ পিছত এইবাৰ তেলীয়ামুৰাৰ পৰা আহিছে সংঘৰ্ষৰ আন এক খবৰ । বিশেষ সূত্ৰৰ মতে খাৱাই জিলাৰ অন্তৰ্গত ডাস্কি অঞ্চলত বিজেপি আৰু আইপিএফটিৰ এক যৌথ বৈঠক চলি থকাৰ মাজতে টিপ্ৰা মোথা কৰ্মীসকলে আক্ৰমণ কৰে ।

নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ হিংসাত্মক ঘটনা ত্ৰিপুৰাত
নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ হিংসাত্মক ঘটনা ত্ৰিপুৰাত

সূত্ৰৰ মতে, মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত মোহন দেৱবৰ্মাৰ বাসগৃহত বিজেপি আৰু আইপিএফটিৰ এক যুটীয়া বৈঠক চলি আছিল । হঠাৎ একাংশ দুৰ্বৃত্তই সভাখনত আক্ৰমণ কৰে । বিজেপিয়ে অভিযোগ কৰা মতে দুৰ্বৃত্ত কেইজনে সভাখনক লক্ষ্য কৰি শিল, কাঁচৰ বটল আৰু ইটা আদি নিক্ষেপ কৰিছিল আৰু এই ঘটনাত কেইবাজনো কৰ্মী আহত হয় ।

ঘটনাৰ খবৰ পোৱাৰ পিছতে তাত উপস্থিত হয় স্থানীয় এছডিপিঅ' চনাচৰণ জামাতিয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দল । তীব্ৰ উত্তেজনাই বিৰাজ কৰাৰ সময়তে বহু সংখ্যক টিএছআৰ জোৱান ইতিমধ্যে মোতায়ন কৰা হৈছে সমগ্ৰ অঞ্চলটোত ।

এই সংঘৰ্ষত ৰবীন্দ্ৰ দেৱবৰ্মা নামৰ এগৰাকী স্থানীয় ব্যৱসায়ী গুৰুতৰভাৱে আহত হয় আৰু আৰক্ষীৰ সহযোগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । ইফালে ঘটনাৰ পিছতে আইপিএফটি দলে স্থানীয় আৰক্ষী থানাত এটা এজাহাৰ দাখিল কৰে । সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:ড্ৰাগছ সৰৱৰাহকাৰীয়ে লাভ কৰিছে ৰাজনৈতিক সমৰ্থন :ত্ৰিপুৰা যুৱ কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.