নিউজ ডেস্ক, ১৯ ফেব্ৰুৱাৰী: শেহতীয়াকৈ ত্ৰিপুৰাৰ প্ৰাক্তন কংগ্ৰেছ নেতা তথা ত্ৰিপুৰা ইণ্ডিজিনিয়াছ প্ৰ'গ্ৰেছিভ ৰিজিঅ'নেল এলায়েঞ্চৰ(টিআইপিআৰএ) অধ্যক্ষ প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে ৰাজ্যখনৰ আঞ্চলিক দলসমূহক তেওঁৰ দলৰ সৈতে মিত্ৰজোঁটৰ বাবে আহ্বান জনাইছিল। তেওঁৰ আহ্বানৰ প্ৰতি সহাৰি জনাই ইতিমধ্যে বহু দলে তেওঁৰ সৈতে যোগাযোগ কৰাৰ লগতে দলটোৰ লগত মিত্ৰতাৰ বাবে আগবাঢ়ি আহিছে । ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে টিএছপি, আইপিএফটি আৰু আইএনপিটিৰ দৰে ত্ৰিপুৰাৰ সৰু সৰু আঞ্চলিক দলসমূহে মিত্ৰতাৰ ইঙ্গিত দিয়াৰ লগে লগে এতিয়া টিআইপিআৰএক এক শক্তিশালী দল হিচাপে বিকশিত হ'বলৈ আৰম্ভ কৰিছে ।
ইয়াৰ পিছতে টিআইপিআৰএৰ অধ্যক্ষ প্ৰদ্যুৎ কিশোৰ দেৱবৰমানে শুক্ৰবাৰে ৰাজ্যখনত বিভিন্ন ধৰণৰ উন্নয়নৰ ঘোষণা কৰে আৰু কয় যে ৯৫ শতাংশ ৰাজনৈতিক দল এতিয়া তেওঁৰ সৈতে আছে আৰু এন আৰ চি ৰূপায়ণ, চিএএৰ বিৰুদ্ধে যুঁজ দিয়া আৰু ত্ৰিপুৰাৰ থলুৱা লোকসকলৰ বাবে এক উন্নয়ন পৰিষদৰ দাবীৰ দৰে বিষয়বোৰৰ বাবে তেওঁলোকৰ যুদ্ধ শক্তিশালী কৰা হ'ব । সমান্তৰালকৈ তেওঁ কয় যে ত্ৰিপুৰাৰ বৰ্তমানৰ বিজেপি-আইপিএফটি চৰকাৰৰ মিত্ৰদল আইপিএফটিয়েও এই বৃহৎ আঞ্চলিক মিত্ৰজোঁটক সমৰ্থন প্ৰদান কৰাৰ সম্ভাৱনা আছে । তেওঁ সংবাদমাধ্যমক জনোৱা মতে মিত্ৰজোঁটৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ দাবী হ'ব এক বৃহৎ টিপ্ৰালেণ্ড যাৰ উদ্দেশ্য হ'ব বিশ্বৰ ভিন্ন প্ৰান্তত থকা ত্ৰিপুৰাৰ নাগৰিকৰ উন্নয়ন । লগতে তেওঁ কয় যে যদি পৰিষদ গঠন কৰিবলৈ সক্ষম হয় তেনেহলে প্ৰথম অধিৱেশনতে টিপ্ৰালেণ্ডৰ বাবে এক বিধেয়ক পাছ কৰিব ।
লগতে পঢ়ক: মিজোৰামত ১৮ ফেব্ৰুৱাৰীত পুনৰ ৬ গৰাকী আক্ৰান্ত কৰ'ণাত