ETV Bharat / bharat

TMC Leader Shot Dead : পশ্চিমবংগত তৃণমূল নেতাক গুলীয়াই হত্যা, গণপ্ৰহাৰত মৃত্যু এক অভিযুক্তৰ

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 4:50 PM IST

এই ঘটনাটোৰ ফলত অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হয় । ইয়াৰ ফলত ব্যাপক হিংসাত্মক ঘটনাও সংঘটিত হয় । তৃণমূল নেতাজন নিহত হোৱাৰ লগে লগে ক্ষোভত ফাটি পৰা লোকে গাঁওখনত অগ্নিসংযোগৰ ঘটনা সংঘটিত কৰে । লগতে এজন অভিযুক্ত গণপ্ৰহাৰত নিহত হয় আৰু আনজনক গ্ৰেপ্তাৰ কৰা হৈছে ।

পশ্চিমবংগত তৃণমূল নেতাক গুলীয়াই হত্যা, গণপ্ৰহাৰত মৃত্যু এক অভিযুক্তৰ
TMC Leader Shot Dead

নিউজ ডেস্ক, ১৩ নৱেম্বৰ : পশ্চিমবংগত দুৰ্বৃত্তৰ গুলীত নিহত এজন তৃণমূল কংগ্ৰেছ নেতা । সোমবাৰে পুৱা দক্ষিণ ২৪ পৰগণাৰ জয়নগৰ আৰক্ষী থানাৰ অন্তৰ্গত বামঙ্গাচী গাঁও পঞ্চায়তত সংঘটিত হয় এই ঘটনা । নামাজলৈ গৈ থকা অৱস্থাত নেতাজনক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে । নিহত তৃণমূল নেতাজনৰ নাম চৈফুদ্দিন লস্কৰ (৪৩) । তেওঁ বামঙ্গাচী গাঁও পঞ্চায়তৰ তৃণমূল সদস্য তথা দলটোৰ আঞ্চলিক সভাপতি ।

উল্লেখ্য যে চৈফুদ্দিনৰ পত্নী চেৰিফা বিবি বামঙ্গাচী গাঁও পঞ্চায়তৰ সভাপতি । আনহাতে, এই ঘটনাটোৰ ফলত অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হয় । ইয়াৰ ফলত ব্যাপক হিংসাত্মক ঘটনাও সংঘটিত হয় । তৃণমূল নেতাজন নিহত হোৱাৰ লগে লগে ক্ষোভত ফাটি পৰা লোকে গাঁওখনত অগ্নিসংযোগৰ ঘটনা সংঘটিত কৰে । লগতে এজন অভিযুক্ত গণপ্ৰহাৰত নিহত হয় আৰু আনজনক গ্ৰেপ্তাৰ কৰা হৈছে ।

স্থানীয় সূত্ৰ অনুসৰি, চৈফুদ্দিনে বিগত কেইমাহমান ধৰি পুৱা নামাজলৈ যাবলৈ আৰম্ভ কৰিছিল । সোমবাৰে পুৱাও তেওঁ ওচৰৰ মছজিদলৈ নামাজ পঢ়িবলৈ ওলাই গৈছিল । সেই সময়তে তেওঁৰ ওপৰত দুৰ্বৃত্তই গুলীচালনা কৰা বুলি অভিযোগ উঠিছে । ইফালে গুলীচালনাৰ শব্দ শুনি অঞ্চলটোৰ লোকসকল ঘটনাস্থলীলৈ দৌৰি আহে । তেওঁলোকে আহি চৈফুদ্দিনক তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি থকা অৱস্থাত উদ্ধাৰ কৰে ।

তেওঁক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰে । আনহাতে, ঘটনাটোৰ খবৰ শুনাৰ লগে লগে বাৰুইপুৰ পূব বিধানসভা সমষ্টিৰ তৃণমূল বিধায়ক বিভাস চৰ্দাৰ ততাতৈয়াকৈ স্থানীয় পদমেৰহাট চিকিৎসালয়ত উপস্থিত হয় । তেওঁ কয়, "দুৰ্বৃত্তই তেওঁক হত্যা কৰিছে । চৈফুদ্দিন আমাৰ বামঙ্গাচীৰ আঞ্চলিক সভাপতি । তেওঁ পুৱা নামাজ পঢ়িবলৈ গৈ আছিল । মছজিদটো ঘৰৰ সন্মুখতে ।"

আনহাতে, আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু ইয়াৰ আঁৰত কোনো ষড়যন্ত্ৰ আছে নেকি সেয়াও অনুসন্ধান কৰি আছে । ইফালে এই ঘটনাৰ প্ৰতিশোধ স্বৰূপে গাঁওখনৰ বহু ঘৰ আৰু দোকানত অগ্নিসংযোগ কৰা হয় ।

অৱশ্যে গাঁওখনৰ মহিলাসকলে জুই নুমোৱাৰ কামত লাগি পৰে । আনহাতে, গাঁওবাসীয়েও তেওঁলোকৰ অন্তিম সম্পদপদ বচাবলৈ প্ৰাণপণে চেষ্টা কৰে । বাৰুইপুৰৰ আৰক্ষী অধীক্ষক পলাশ চন্দ্ৰ ধালীয়ে জনোৱা মতে, অভিযুক্ত ব্যক্তিজনক গ্ৰেপ্তাৰ কৰা হৈছে । অভিযুক্তই স্বীকাৰ কৰিছে যে তেওঁ হত্যাকাণ্ডটো সংঘটিত কৰিছে ।

লক্ষণীয় কথাটো হৈছে যে পাঁচজন দুৰ্বৃত্তই ঘৰৰ পৰা ওলাই যোৱাৰ পিছতে চৈফুদ্দিন লস্কৰৰ ওপৰত গুলীচালনা কৰাৰ অভিযোগ উত্থাপিত হৈছে । আনহাতে, তৃণমূলে অভিযোগ কৰিছে যে এই হত্যাকাণ্ডৰ আঁৰত বিৰোধী দলৰ সদস্য-সমৰ্থকৰ হাত আছে । ঘটনাটোৰ পিছত অঞ্চলটোত উত্তপ্ত হৈ পৰে । পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ অঞ্চলটোত এক বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে ।

লগতে পঢ়ক :Massive fire Accident : নামপল্লীত বিধ্বংসী অগ্নিকাণ্ড; চাৰিদিনীয়া শিশুসহ 7 গৰাকীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.