ETV Bharat / bharat

বাংগালুৰুত প্ৰদৰ্শিত হ’ল 20 টন সতেজ পাচলি ব্যৱহাৰেৰে তৈয়াৰ কৰা ত্ৰিৰংগা - স্বাধীন ভাৰত ভৰি দিলে 76 বছৰত

ৱেকুল খাদ্যই সোমবাৰে হৰ ঘৰ ত্ৰিৰংগা (Har Ghar Tiranga) অভিযানৰ লগত সংগতি ৰাখি প্ৰায় 20 টন ওজনৰ সতেজ পাচলি ব্যৱহাৰ কৰি 7,632 বৰ্গফুট এলেকা আঁৱৰি এখন ভাৰতীয় পতাকা তৈয়াৰ কৰে ।

Tricolour flag blooms using 20 tons of fresh vegetables in Bengaluru
বাংগালুৰুত 20 টন সতেজ পাচলি ব্যৱহাৰ প্ৰদৰ্শিত হ’ল ত্ৰিৰংগা পতাকা
author img

By

Published : Aug 15, 2022, 10:39 PM IST

নেশ্যনেল ডেস্ক, 15 আগষ্ট : আজি স্বাধীন ভাৰতে ভৰি দিলে 76 বছৰত ৷ দেশৰ 75 সংখ্যক বৰ্ষপূৰ্তিৰ (76th Independence Day of India) সাক্ষী সমগ্ৰ দেশৰ জনতা ৷ দেশৰ 75 সংখ্যক স্বাধীনতাৰ বৰ্ষপূৰ্তি উপলক্ষে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰিছে হৰ ঘৰ ত্ৰিৰংগা (Har Ghar Tiranga) কাৰ্যসূচী ৷

হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী তথা অভিযানৰ লগত সংগতি ৰাখি দেশৰ প্ৰত্যেকে নিজ নিজ বাসগৃহ, কাৰ্যালয় আদিত উৰুৱাইছে ৰাষ্ট্ৰীয় পতাকা ৷ ইয়াৰ মাজত কৰ্ণাটকৰ বেংগালুৰুত এক ব্যতিক্ৰমী উপায়েৰে হৰ ঘৰ ত্ৰিৰংগা অভিযান প্ৰদৰ্শন কৰা পৰিলক্ষিত হয় ৷ ৱাইকুল ফুডছৰ এটা খাদ্য আৰু কৃষি-প্ৰযুক্তি মঞ্চই এক বিশাল ভাৰতীয় পতাকা তৈয়াৰ কৰি এক অনন্য উপায়েৰে দেশৰ 76 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে ৷

তথ্য অনুসৰি, বেংগালুৰুৰ কান্নামাংগলাত ইয়াৰ বিতৰণ কেন্দ্ৰৰ ওচৰত 7,632 বৰ্গফুট এলেকাত প্ৰায় 20 টন ওজনৰ বিভিন্ন সতেজ পাচলিৰে ত্ৰিৰংগ পতাকাৰ লেখীয়াকৈ প্ৰদৰ্শিত কৰা হয় ৷ এই পতাকাৰ বাবে গাজৰ, মূলা আৰু আলু, কেপচিকাম, বীন আৰু ভেণ্ডি ব্যৱহাৰ কৰা হৈছিল ৷

উল্লেখ্য যে, সোমবাৰে পুৱাই এই অনুষ্ঠানটোৰ পিছতে অক্ষয় পাত্ৰ ফাউণ্ডেচনলৈ ত্ৰিৰংগাখন তৈয়াৰ কৰাত ব্যৱহৃত ফল আৰু পাচলি তাৎক্ষণিকভাৱে দান কৰা হয় যাতে পতাকা তৈয়াৰত ব্যৱহৃত এক গ্ৰাম পাচলিও অপচয় নহয় ।

লগতে পঢ়ক : জাতীয় পতাকাৰ ৰঙেৰে উদ্ভাসিত হ’ল মুকেশ আম্বানীৰ বাসগৃহ এন্টিলিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.