ETV Bharat / bharat

Woman Death: ইউটিউব চাই মহিলাৰ প্ৰসৱ; সন্তান প্ৰসৱ কৰিয়েই মাতৃৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 7:23 PM IST

ইণ্টাৰনেটত সকলো সহজতে উপলব্ধ হোৱাৰ ফলত মানুহে এতিয়া প্ৰতিটো সৰুৰ পৰা ডাঙৰ কামলৈ ইণ্টাৰনেটৰ ওপৰত ভৰসা কৰে ৷ তেলেংগানা ৰাজ্যৰ কৃষ্ণাগিৰিত ইউটিউবৰ বাবেই প্ৰাণ হেৰুৱালে লোকনায়কী নামৰ এগৰাকী মহিলাই, ল’ৰা সন্তান এটা প্ৰসৱ কৰিয়েই প্ৰাণ হেৰুৱায় ৷

Tragedy Strikes as Woman Dies Following Home Birth
ইউটিউব চাই মহিলাৰ প্ৰসৱ, সন্তান প্ৰসৱ কৰিয়েই মাতৃৰ মৃত্যু

নেশ্যনেল ডেস্ক, 23 আগষ্ট : বৰ্তমান সময়ত টেকন’লজীয়ে কোঙা কৰি পেলাইছে জনজনীৱন ৷ ইণ্টাৰনেটত সকলো সহজতে উপলব্ধ হোৱাৰ ফলত মানুহে এতিয়া প্ৰতিটো সৰুৰ পৰা ডাঙৰ কামলৈ ইণ্টাৰনেটৰ ওপৰত ভৰসা কৰে ৷ কিন্তু কেতিয়াবা এই ইণ্টাৰনেটেই আপোনাক বিপদত পেলাব পাৰে ৷ তেলেংগানা ৰাজ্যৰ কৃষ্ণাগিৰিত ইউটিউবৰ বাবেই প্ৰাণ হেৰুৱালে লোকনায়কী নামৰ এগৰাকী মহিলাই ৷

সমগ্ৰ ঘটনা অনুসৰি লোকনায়কী নামৰ এগৰাকী 27 বছৰীয়া মহিলাই যোৱা 22 আগষ্ট, মঙলবাৰে কৃষ্ণগিৰিৰ নিজ বাসগৃহত ল’ৰা সন্তান এটা প্ৰসৱ কৰিয়েই প্ৰাণ হেৰুৱায় ৷ এই ঘটনাৰ পিচতে আশ্চৰ্যজনকভাৱে, আৰক্ষীয়ে পত্নীৰ মৃত্যুৰ আঁৰত স্বামীৰ হাত থকাৰ সন্দেহ কৰিছে ৷

জানিব পৰা মতে, স্বামী মাদেশে মঙলবাৰে পুৱা 4 বজাত পত্নীৰ প্ৰসৱ বেদনা হওঁতে হাস্পতাললৈ নৈ নগৈ এটা ইউটিউব ভিডিঅ'ৰ নিৰ্দেশনা অনুসৰণ কৰি মহিলাগৰাকীৰ ঘৰতে প্ৰসৱৰ চেষ্টা কৰিছিল ৷ শিশুটোৰ প্ৰসৱৰ পিচতে লোকনায়কীৰ স্বাস্থ্যৰ অৱনতি ঘটে ৷ ফলত মহিলাগৰাকীয়ে প্ৰসৱৰ পিচতে প্লেচেণ্টাৰৰ বাবে জ্ঞান হেৰুৱাই ৷

লগে লগে স্বামীয়ে লোকনায়কীক পোচমপল্লীৰ ওচৰৰ কুন্নীউৰ অঞ্চলৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় ৷ কিন্তু চিকিৎসালয়লৈ নিয়াৰ পথতে কৰুণভাৱে মৃত্যুবৰণ কৰে মহিলাগৰাকীয়ে ৷ এই ঘটনাৰ পিচতে স্বামীয়ে মহিলাগৰাকীৰ মৃতদেহটো প্ৰশাসনৰ লোকৰ অজ্ঞাতে সমাধিস্থ কৰাৰ বাবে চহৰলৈ ঘূৰাই লৈ গৈছিল ৷

ইয়াৰ সমান্তৰালকৈ এই ঘটনাৰ বিষয়ে স্বাস্থ্য পৰিদৰ্শক শশীকুমাৰ বোচাম্পল্লীয়ে গম পায় তৎক্ষণাৎ আৰক্ষীক খবৰ দি ঘটনাৰ সন্দৰ্ভত তদন্ত কৰিবলৈ আহ্বান জনায় ৷

সূত্ৰ অনুসৰি, লোকনায়কী গৰ্ভৱতী হৈ থকাৰ সময়তে চৰকাৰী ফাৰ্মাচী কেন্দ্ৰৰ এগৰাকী নাৰ্ছে লোকনায়কীৰ গৰ্ভধাৰণ পঞ্জীয়ন কৰাৰ প্ৰচেষ্টা কৰিছিল ৷ কৰ্তৃপক্ষই দাবী কৰা অনুসৰি স্বাস্থ্য বিভাগে পৰামৰ্শ দিয়া গৰ্ভৱতী মহিলাৰ বাবে প্ৰয়োজনীয় টীকাকৰণ আৰু পুষ্টিগত পৰিপূৰক ল’বলৈও অমান্তি হৈছিল স্বামী ৷ গাঁওখনৰে নাৰ্চ মহালক্ষ্মীয়ে জোৰ জবৰদস্তি কৰি গৰ্ভৱতী মহিলাগৰাকীক দুটাকৈ টীকা প্ৰদান কৰিছিল ৷

মহিলাগৰাকীৰ স্বামী মাদেশে তেওঁৰ শৰীৰৰ যত্ন লোৱাৰ উদ্দেশ্যে পুলিয়ামপট্টি গাঁৱলৈ লৈ গৈছিল ৷ উদ্বেগজনকভাৱে, অভিযোগ কৰা হৈছে যে মাদেশে গৰ্ভধাৰণৰ সময়ত লোকনায়কীৰ বাবে এক অগতানুগতিক আহাৰ প্ৰণালী প্ৰস্তুত কৰিছিল ৷ য'ত মুখ্যতঃ বাদাম আৰু সেউজীয়া আছিল, যাক "প্ৰাকৃতিক ৰোগ প্ৰতিৰোধ"ৰ বাবে কোৱা হৈছিল ৷

ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এক অভিযোগ পঞ্জীয়ন কৰিছে আৰু স্থানীয় সংগ্ৰাহকে পৰিয়ালটোৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আৰম্ভ কৰিছে।

লগতে পঢ়ক: Road Mishap: নৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ; 8 নিহত, 15 আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.